Written by 12:44 pm Poems

ইমান ফুলিছে হালধীয়া

ভাস্কৰ জে নাথ

ইয়াত হালধীয়া ফুলিছে কবি

গঘৰ হাতখন বুলি ভুল কৰিছোঁ

ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ

হালধীয়া হাত দুখনেৰে হালধীয়া খবৰ এটা পঢি থাকোঁতে হালধীয়া চৰাই এটাই 

মোৰ বুকুৰ কামিহাড়ত হাহাকাৰ কৰি খুটিছে

টং টঙকৈ বাজি উঠিছে

এটা ভোকৰ হালধীয়া কাঁহৰ বাতি

পৰ দিছোঁ আন্ধাৰক

হালধীয়া মানে পোহৰ বুলি বুজা ছবিৰ চকুৰে সৰিছে চাৰিটোপাল তেজ

সকলো হালধীয়া মানেই পোহৰ হ’ব নোৱাৰে

পোহৰ বিচৰা চকুৱে ইয়াত নমনে একোকে

কাষতে ফুলি আছে ফুল

আৰু পৰি আছে শ এটা

কাক চাওঁ কবি মই এতিয়া

অনৰ্থক অৰ্থ বিচাৰি

কোলাহল

পানী পানী বোলোঁতেই

কৰ এসোঁতা তেজ এয়া!

ইমান ফুলিছে হালধীয়া

অথচ ক’ব পৰাকৈ এয়াতে নহয় তুমি মই বিচাৰি থকা বাৰটা বেলিফুল পুৱা  

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close