Written by 10:04 am Poems

ইমানবোৰ

অনুভৱ তুলসী

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে

উল্কাপাত অৱস্থান —উৰু নাভি দুদু নিতম্ব

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে  

শঙ্কুমুনি অৱস্থান— উৰুসন্ধি কলাফুল কেঁচাপাট কটি

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে  

অশ্বচক্র অৱস্থান— কাষলতি কাণপটি গলধন থুঁতৰি

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে

ভ্ৰমৰঙ্গ অৱস্থান— তলুৱা আঙুলি নখচন্দ্ৰ চুলি—

তিলৰ পেটৰ তেল উৰহ ওকণী

মই উমানতে কিবা এটা কৈ দিম

হাঁহিয়াতৰ পাত্ৰ হ’ম

তুলা-ধুনাৰ এই বতৰত

ভূমি-ভূমাৰ উৰ্বৰতাৰ

পৰিমাপ স্কেলৰ ফাকটি

একেলেথাৰিয়ে ভূত-ভেটি খেলিয়েই আছোঁ  

নাটকৰ কোনো এক উষ্ম অৱস্থানত

হাৰি আছোঁ হাৰি হৰি ধৰাশায়ী

মোৰ মূৰে কাম নকৰা হৈছে

পাকভোঁহৰ অৱস্থান— বোকা পানী এঠা-বেথা

আপুনিয়েই কওকচোনশ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close