Written by 4:31 am Poems

ইতলা

 বিশ্বজিৎ শইকীয়া

মূৰৰ ওপৰত এটা সূৰ্য লৈ বহি আছোঁ

সূৰ্য পূবৰ বা পশ্চিমৰ নাথাকে

সূৰ্যৰ থাকে তাপ

সূৰ্যাস্তৰ কপালখন কঁপিছে

থৰ্ থৰ্

নৈ এখনৰ পাৰত কিছু পৰ থিয় দিলোঁ

নৈখনত কঁপি থকা এজনী মানুহ

বৈ থকা তিৰোতা

দোৰোণ ফুলা চাদৰখন চাই চাই

তাই হাঁহিছে

তাইৰ হাঁহিত যোগ দিলোঁ মোৰ হাঁহি

নিজলৈ-

খিল্ খিল্

শুই শুই গাত মৰুভূমি এখন জাপি লৈছোঁ

বিছনাৰ আঁঠুৱা দাঙি পাৰ হৈ যাব খোজে

চকুৰ পতা পেলাই শাৰী শাৰী উট,

হাতত ফুলা কেকটাছৰ ফুল খেপিয়াই

আনখন হাতে বঁতিয়াইছিল তেজ

শিল এছটাত দলিয়াই ভাঙি পেলোৱা

খাৰু পিন্ধা তিৰোতাৰ হাত

ঝন্ ঝন্

ঠিকনা :

গৱেষক, অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ 

ম’বাইল নং :  ৬০০১৫২৬৮২৫

মেইল :  biswajitsaikia110@gmail.com

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close