ৰচনা পাঠকইণ্টাৰভিউ! ইণ্টাৰভিউ!
প্ৰাৰ্থীসকলৰ দীঘল ‘কিউ’
পদবীটো হ’ল এটা ‘নাইট চকীদাৰ’
প্ৰাৰ্থীজন হ’ব লাগে বেচ ‘দিলদাৰ’৷
গদাধৰে ভাবি আছে, ‘‘পাই যাম মই,
দুই-তিনি মাহতে বাইক এখন লৈ
দিনৰ দিনটো মই ফুৰিম চলাই,
ৰামবদন হোটেলত পাও ভাজি খাই৷’’
এনেতে পৰিল ডাক
— গদাধৰ ডেকা!
কোনে মাতে বুলি চায় চকু কৰি বেঁকা৷
তাৰে পাল পৰা বুলি
বুকুখন গ’ল ফুলি,
পাৰ হৈ দুৱাৰডলি—
পৰ্দাখন চালে তুলি৷
আছে বৰ অফিচাৰ সন্মুখত বহি,
অনেক কাগজ-পত্ৰত কৰি কৰি চহী৷
সেমেনা-সেমেনি কৰি গদাধৰে ক’লে,
‘‘নমস্কাৰ ছাৰ, মোক মাতিছিল বোলে?’’
অফিচাৰে ক্ৰমে ক্ৰমে নাম-ধাম সুধি
ভাবিলে ল’ৰাৰ গাত আছে বেচ বুধি৷
‘‘তথাপি পৰীক্ষা এটা কৰা হওকচোন!’’
— বুলি চাব বিচাৰিলে প্ৰাৰ্থীৰ গুণ৷
‘‘তুমিতো চাকৰি পাই হ’বা চকীদাৰ,
অফিচতে কৰিব লাগিব ৰাতি পাৰ৷’’
— ‘‘হয় ছাৰ’’ বুলি সি মিচিকি হাঁহিলে,
— ‘‘তেতিয়াতো…’’ বুলি ছাৰে আকৌ সুধিলে:
— ‘‘তেতিয়াতো ৰাতি ৰাতি ধৰিব টোপনি,
সংসাৰৰ মহবোৰে কৰিব আমনি৷
তেনে অৱস্থাত তুমি কি কৰিবা কোৱা,
উত্তৰটো দিয়া আৰু চাকৰিটো লোৱা৷
সি ক’লে হাঁহি মাৰি— ‘‘সেই চিন্তা ছাৰ,
আগতেই কৰি দিহা কৰি থৈছোঁ তাৰ৷’’
অফিচাৰে সন্দেহেৰে তাৰ ফালে চালে,
গদাধৰে আনন্দেৰে বুদ্ধিফেৰা গালে—
‘‘আঁঠুৱা-কম্বল আনি অফিচতে মই,
মনে মনে থৈ দিম চুক এটা লৈ৷
ৰাতি হ’লে বাহিৰৰ বেঞ্চিখনতে,
পাটীখন পাৰি ল’ম চকু-পচাৰতে৷
শুই থাকিম আৰামত ৰাতিৰ ৰাতিটো,
নুমুৱাই ওপৰৰ বিজুলী চাকিটো৷’’
কথা শুনি অফিচাৰ
হৈ গ’ল চমৎকাৰ!
‘‘পিছে এই বুদ্ধি জানা ইয়াত নচলে,
তাতোকৈ ভাল হ’ব ঘৰতেই শুলে৷’’
এই বুলি অফিচাৰে আঙুলি টোঁৱাই
বাহিৰলৈ যাবলৈ দিলে সঁকীয়াই৷
গদাধৰে বুজিলে সি চাকৰি নাপায়,
কথাতেই বঁটা-গঁতা দুয়োটাই পায়৷
তাৰো হ’ল একেই বিলাই,
সান্ত্বনা ল’লে ভাবি— ‘‘ভাগ্যতে নাই!’’
বুদ্ধিয়ক বোলাবলে’ যাওঁতে নিজক,
সমাধিহে দিয়া হ’ল নিজৰ হিতক৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা