প্ৰদীপ শইকীয়া
আউজনী গাৰু
মহাজীৱন বিশ্বাসী মই এক গোঁৱাৰ বিষয়ী৷ তয়ে শুন
ইচ্ছা ১ ৷ বালিঢৌ খচি গীজা পিৰামিড
আন্ধাৰে পোহৰে কাইৰো সংগ্ৰহালয়ত তিনিটা দিন
ইচ্ছা ২ ৷ মহেঞ্জোদাৰো ভীমবেটকা ৰাখি গঢ়ীত
আলেঙে আলেঙে কাৰোবাক বিচৰাৰ
ইচ্ছা ৩ ৷ চেন্নাই গোৱালিয়ৰ পাটনা সংগ্ৰহালয়ত লীণ যোৱাৰ
ইচ্ছা ৪ ৷ ল্যুভৰ যাদুঘৰত অন্য চকু আঁকি তিনি নিশা উজাগৰ
ইচ্ছা ৫ ৷ অজন্তাত দুদিন ইলোৰাত এদিন
চাৰিটা সিংহৰ নাচ ঘূৰি ঘূৰি চোৱাৰ
ইচ্ছা ৬ ৷ উদয়গিৰি খণ্ডগিৰি মামাল্লাপুৰম্
এলিফেণ্টা কেভত দুদিন দুনিশা ৷ প্ৰাণভৰি অৰ্দ্ধনাৰীশ্বৰ
ইচ্ছা ৭ ৷ ভেনগঘ থিয়োৰ সমাধিত বৰ্ষাৰ বগা দুপৰীয়া
ইচ্ছা ৮ ৷ চে ৰায় ডয়ৰ হাবিয়নি নখন্দা মৈদামত এটা পূৰ্ণিমা
ইচ্ছা ৯ ৷ সাৰনাথ স্তূপৰ নিৰ্জনতাত বুৰ যাবলৈ যিমান সময়
ইচ্ছা ১০ ৷ সাতশ বছৰে নাচি থকা বিশাল নটৰাজ
শদিয়াৰ সৰ্পস্তম্ভটোৰ কাষত মনেমনে থকাৰ
ইচ্ছা ১১ ৷ নালন্দাৰ পোৰাধান আধাজ্বলা পৃষ্ঠা এবাৰ চুবলৈ
ইচ্ছা ১২ ৷ হাম্পীত নিশা খপি অনাই বনাই ৰথ-ৰথী চাবলৈ
ইচ্ছা ১৩ ৷ ৰাজপুতনাৰ প্ৰাচীন দুৰ্গবোৰত ৰাতি ৰাতি ঘূৰিবলৈ
কপিলী-ধনশিৰীৰ পোত যোৱা,
খানি উলিওৱাখিনিক বুকুত ল’বলৈ
ইচ্ছা ১৪ ৷ মদন-কামদেৱ বামুণী পাহাৰ
শ্ৰীসূৰ্য দেওপৰ্বতৰ ঐশ্বৰ্য উকহে গিলাদি গিলিবলৈ
ইচ্ছা ১৫ ৷ গুপ্ত বৃন্দাবন ৰাধাকুণ্ড বৰ্ষাণা বৃষভানুৰ
বিৰাট হাউলি প্ৰকাণ্ড কুঁৱাটো আকৌ চাবলৈ
ইচ্ছা ১৬ ৷ হাতীপাল নাহোতেই হাৰূপেশ্বৰৰ গড়দৌলত
সোমাবলৈ
গংগা-যমুনাৰ আঙুলিৰ ভংগিমা চাবলৈ
লুইতৰ পানীয়ে সদায়ে পঢ়িথকা শিলালিপি চুই চুই
উশাহ ল’বলৈ
ইচ্ছা ১৭ ৷ উমাটুমনিৰ শিলত চুমাখাই উজাই গৈ
মালিনীথান বগাই লিকাবালিত জীৱাশ্ম তুলিবলৈ
ইচ্ছা ১৮ ৷ মাটিৰ তলত ক্ৰন্দনৰত সকলো ধ্বংসাৱশেষ
অসহায় ভাস্কৰ্যৰ বাবে কোনও নেদেখাকৈ
নিৰলে কান্দিবলৈ
ইচ্ছা ১৯ ৷ কিতাপবোৰ নিবিকিবা, ভালকৈ ৰাখিবা বুলি
মাক-পুতেকক ক’বলৈ
ইচ্ছা অন্তিম ৷ হানি-খুচি জ্বলাই নিদিবা ৷ কলমটো বুকুত থৈ সমাধিকে দিবা ৷ চকুযুৰি মেলি ৰাখিবা
জগতখন বৰ ধুনীয়া ৷ মানুহ তাতোকৈও
(ৰাঘ-বৰালীক উপায় নাপালে চেঙেলীকে দিবা৷ ন’হলে পেঞ্চন নেচেল ) ৷ ইতি স্বাক্ষৰ
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা