Written by 3:45 pm Poems

ইউক্ৰেইন

ৰিপুঞ্জয় বৰুৱা ঋমন

ঔ-ৰা মাত দিবচোন

মোকেই ক’লে?

হয় আপোনাকেই।

খঅৰ (খৱৰ) কেনে?

ৰবৰৰ দৰে

টানিলে দীঘল এৰিলে চুটি।

নলগা জেঙাত লাগি লাগি 

প্ৰগতিশীল অধোগতি।

ভাইৰেল গৰমত ঘামি জামি

প্ৰিক্‌লি হিট পাউদাৰ সানি

ডেভেলপ কৰি আছোঁ পিঠিৰ ফিতাহি!

কি ক’ম

কিমান ক’ম

সময় কম

ক’ব, নক’ব হ’ব হ’ব

কি হ’ব?

সুখ হ’ব

সুখ নহ’লেও খহু হ’ব।

হাঁহি উঠে ফকটীয়া

ঔ-আই এইবাৰ সৰ্বানন্দ এক্সপ্ৰেছত বৰদৈচিলা

জেৰেঙাত জয়া

চ’তত পছোৱা

তই থাক মই যাওঁ

কাষলতিৰ তলত সেয়া কিহৰ গোন্ধ

ইউক্ৰেইনৰ!

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং – ১০১

গুৱাহাটী – ০৪

ভ্ৰাম্যভাষ : ৬৯০১৮৫৬০৮৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 13, 2025
Close Search Window
Close