Written by 8:30 pm Poems

আৱেগিক মানুহবোৰ ফেৰীৱালা

ৰিপুঞ্জয় বৰুৱা ঋমন

যোৱাটো এপ্ৰিলৰ

অপূৰ্ণ শব্দবোৰ উটুৱাই থৈ

উভতি অহাৰ পৰত

নখদীঘল নৈখনে কৈছিল

হাত সাৰিবলৈকে

কিছুমান কথা নোকোৱাই ভাল

হাত সাৰিবলৈকে

কিছুমান স্মৃতি নোহোৱাই ভাল

হাত সাৰিবলৈকে

কিছুমান দুখ সাঁচি ৰখা ভাল

হাত সাৰিবলৈকে

কিছুমান পথ সলাই পেলোৱা ভাল

হাত সাৰিবলৈকে

লতাগোলাপ কাঁইটৰ মাজত থকাটোৱেই ভাল

গান্ধীপোকে বিন্ধা কৰ্কটে

বলীয়া বৈৰাগীক ভালপোৱাৰ ভৰসা নিদিয়াই ভাল

 লিপ-লকৰ ৰঙা সুহুৰিটো আততায়ী হোৱাই ভাল

হাত সাৰিবলৈকে কৰা ভাল নামৰ ভুলবোৰ

পখৰা-চিখৰা হৈ নাথাকিব চিৰকাল !

দুচকুত কুলিৰ ক’লা সনা

এই দুই নম্বৰী শটোত

এযোৰ কাপোৰৰ বাহিৰে

সত্য বুলিবলৈ অইন একো নাই !

অসত্যই সত্য

সত্যই অসত্য

ক’ব জানিলে কথা ।

সোঁ চকু লৰোঁতে বিমোৰত পৰা

এনে দাৰ্শনিকৰ

প্ৰতিটো সন্ধিয়াই আধামৰা

প্ৰতিটো শব্দই একাবেঁকা

আৱেগিক মানুহবোৰ ফেৰীৱালা

 প্ৰতিবাদী হ’লেই ভূতনাথৰ জঁটা

ভূতনাথে চিলিমত উৰুৱায়

ছেনিটাইজড্ ভালপোৱা

ছেনিটাইজড্ বাসনা

ছেনিটাইজড্ নগ্নতা ।

আউল গীতৰ বাউল মূৰ্ছনা

গোপন সূত্ৰৰ পম খেদি

জি মেইলৰ ইনবক্সত ছিটিকি পৰিল

ঘৰে ঘৰে জুই,

মোট সলোৱা সাপৰ

দিয়াচলাই বাকচত লাগিছে হুৱাদুৱা ।

ঘৰে-বাহিৰে জুই লগোৱা ৰঙা ৰঙা কথাবোৰ

মে’ড ইন চাইনা !

আৱেগিক মানুহবোৰ ফেৰীৱালা

মানুহবোৰে হেৰুৱাব

ফাগুনত চিলা উৰুওৱাৰ স্বাধীনতা ।

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close