Written by 5:21 am Poems

আহাঁ একেলগে সূৰুজমুখী হওঁ

বিজয় শঙ্কৰ শৰ্মা


সকলো সপোনেই সপোন হৈ নাথাকে
তাৰে কিছু দিঠকো হয়৷

কোনোবাই কয়,
হাঁহিতকৈ
হুমুনিয়াহৰ তৃপ্তিহে অলপ বেছি

শব্দৰ পৃথিৱীত
কবিতা কেতিয়াবা একোখন সাগৰ হয়
কেতিয়াবা বৈ থকা নৈ

পুৰাতনীয়া সময়ৰ বৰষুণত
সঘনাই জহি যায়
সপোনৰঙী কঠিন শিলালিপি…
পানীৰ বেজি আৰু শিলৰ চোলা বিচাৰি
উত্তাল হোৱা সময়…

জীৱনক আৰু কিমাননো গালি পাৰিবা?
আহাঁ একেলগে সূৰুজমুখী হওঁ৷

ভ্ৰাম্যভাষ: ৭৮৯৬১৮৯১৯৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close