Written by 7:25 am Poems

আত্মপাঠ

 হিতেশ মেধি

১)

চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ

সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা

হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ

ওপজা দিনৰে পৰা চকুহালক এৰি ফুৰিব নোৱাৰিলোঁ

আত্মপাঠ কৰিবলৈ চকুহালকে ললোঁ

বাঁহনিৰ ডাউকৰ ডাকত সন্ধ্যা নমাৰ উমান চকুহালেই দিব

এদিন হাতে বিচাৰিলে ভৰিয়ে

গুচি যোৱাৰ কাহিনী ক’ব

কিমান আন্ধাৰ কিমান পোহৰ

এই খেলৰ খবৰ

চকুহালৰ বাহিৰে জানো আন কোনোবাই দিব

এই দুনিয়াৰ দোলনত দুলি থাকিবলৈ

চকুহালক এৰি যাম বুলি ভাবিছোঁ

সকলো গুচি যোৱাৰ পাছত

চকুহালে মোক

এই পৃথিৱীৰ বতৰা দি থাকিব

২)

নিজকে বিচাৰি নৈখনৰ পাৰত যেতিয়া বহোঁ

নৈয়ে উজাৰি ক’লে উজনিৰ কথা

নৈয়ে উজাৰি ক’লে ভটিয়নিৰ কথা

আৰু ক’লে পানী-যুঁৱলিৰে উপচি অহা পলৰীয়া পানীৰ কথা

যেতিয়া নৈৰ কাষত মই মোক বিচাৰোঁ

শুকান বালিত মুখ গুজি

নৈয়েও বিচাৰি থাকে নিজক

কি এক বিড়ম্বনা

নৈয়েও কাটি আছে যাতনা

নিজকে চাবলৈ নৈখনৰ ওচৰলৈ যাওঁ

কথাবোৰ গুজি দি ভাৰখন কমাওঁ

 নৈক কথাবোৰ নকৈ জানো থাকিব পাৰি

কিয় নিজকে বাৰে বাৰে পখালোঁ পানীত

চেঁচা বতাহজাকে ক’লে

তাৰ সতে উৰি এখন পাতল পৃথিৱীত ভাহি থাকিবলে’

এদিন সকলো উৰি যাব লাগিব

জুইবাহ সাবটি ছাই হৈ ওপৰলৈ

মই মোক চিকুটি চালোঁ

নৈখনে নজনাকৈ

এতিয়া নিজকে

কিছুপৰ থেকেচি আছোঁ

***

ভ্ৰাম্যভাষ :  ৯৫৭৭৬৪১৮১১

Visited 3 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close