Written by 12:33 pm Poems

আত্মপক্ষ

মৃদুল শৰ্মা

আকাশ উদাৰ কিন্তু দেখুৱায় আন্ধাৰ

সেউজীয়াৰ ভৱিষ্যত

মই দেশৰ পতাকাখন ৰখি আছোঁ

পৃথিৱী জ্বলিছে দেশ-কাল জ্বলিছে

মাটি-মানুহৰ চিতা জ্বলিছে

বুকু জ্বলিছে ভোকত পেট জ্বলিছে

ওফোন্দ পাতি থকা গাভিনী আকাশৰ

ভৱিতব্য কি কোনেও নাজানে

সকলো হতাশ সকলো নিৰাশ

অনুৰ্বৰ নিৰাসক্ত

মই এটা বিপ্লৱৰ পৰিকল্পনা কৰিছোঁ

মাটিৰ বাবে

সেউজীয়াৰ সুৰক্ষাৰ কাৰণে 

মই এতিয়া

কান্দিম

চকুপানীৰে নুমুৱাম

আটাইবোৰ

জুই 

ঠিকনা :

বাগেশ্ৰী, উপপথ বি, জোনাকী পথ

খনীয়া গাঁও, ডিব্ৰুগড়– ৭৮৬০০৩, অসম৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close