ৰশ্মিৰীয়া গগৈ
ভাবি থকা কথাবোৰ নভবা হলেই ভাল আছিল বুলি ভাবি প্ৰতি পল বিদ্ৰোহী হৈ উঠাৰ আগলৈকে
আন্ধাৰ মায়াবোৰে ওমলাই থাকে মোক
বাট কাটি শেষ কৰিব নোৱৰা দিশৰ
বিপৰীতে যি দৰে হয়তো তুমি সাৰে থাকাঁ
এই দিশে মই
হৃদয়-মগজুৰ খকাখুণ্ডাত বধিৰ হৃদপিণ্ড
মোক নিথৰ কৰি উশাহে খোজকাঢ়ে মজিয়াত
হতাশাগ্ৰস্ত সময়বোৰ বৰ দীঘল
তাতে সিপাৰে আকৌ তুমি যদি গোৱা গান ফাগুনৰ !
ফাগুননো কি!
কাঁকিনী তামোলত ওলমি ৰোৱা ধূসৰ আকাশ।
ৰুমালৰ ভাঁজে ভাঁজে ৰ’দ জাপি থৈ
শুকান পাতত কলিজা পুতি সম্প্ৰতি আমাৰ স্বনিৰ্বাসনৰ সময়
তাতে এজাক ঘুণীয়া বতাহ বলে কি নবলে !
হতাশাৰ জেপত কুচি-মুচি বহি
আমি লেখি থাকো বহু অলিখিত প্ৰহৰ !
ফোন : ৬৯০০৬৭৮২০৫<!—next-prev and print–>
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025