Written by 7:02 pm Poems

আগন্তুক

মিণ্টুল হাজৰিকা

টি ছাৰ্টত বেলিফুলৰ বাগান

ওপৰত হালধি ছটিওৱা আকাশ

কি যে জকমক জকমক ফুলবোৰ

চকুলোত হাবুডুবু হৈ লেৰেলা লেৰেলি…

স্বপ্ন-ঘৰৰ মজিয়াত

শস্যবিহীন পথাৰৰ হেমন্ত

শিপাৰ গভীৰতাত শুকাই গ’ল

জিভাৰ তলেৰে বৈ যোৱা নৈ

ওঁঠৰ তিলটোৱে আঁকি দিলে নিমখৰ চুমা

চুফীবাদৰ মূৰেদি

তাচপাতৰ মেমচাহাবে গ’লগৈ চেঁকুৰাই ঘোঁৰা

খট খট খট…

মাটিৰ সুগন্ধি ভৰিৰ গচকত !

চকুৰ বালিচৰত তাল-আফাল

বালিমাহীৰ গধূলি বন্দনা

এটা পৌৰাণিক ক্লাবঘৰৰ মগজুত

কঢ়িয়াই কঢ়িয়াই নাভাগৰা অভিজ্ঞতা

হামিয়াই-হিকটিয়াই…

নাভিত পোণামাছৰ গোন্ধ

স্বাদত ৰসায়নবাদৰ মূৰ্ছিত সংগীত

মদিৰাত গোলাপ

হিয়াত গজল

মজলিছত আগবুকুৰ মঙহ

ভালপোৱাৰ এসাগৰ ঢৌৱে ঢৌৱে

বিষালি যৌৱন

আখৈফুটে মুখত বিৰহ ৰবীন্দ্ৰনাথ

… ইমানতেও নহ’ল ঘৰগোনা

আগন্তুক বনে বনে বনৰীয়া !ফোন : ৮৬৩৮২৫৯০৭৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close