Written by 7:40 am Poems

আকৌ এবাৰ আৰম্ভ কৰিব পাৰি নেকি

 হিল্লোলজ্যোতি সিংহ

বৈ থকা সুঁতিটো

হঠাতে হেৰাই গ’ল

বালিৰ বুকুত।

বহু দূৰ বাটকুৰি বাই উলটি দেখোঁ

অস্পষ্ট, ধূসৰ এখন সাংখ্যিক ছবি

যান্ত্ৰিক মাধ্যমেৰে অঁকা

শূন্য আৰু এক, এক আৰু শূন্যৰ

গাণিতিক ভাষা

দ্বিচৰ অংকৰ জালত

জীৱন জটিল

সংখ্যাৰেখাৰ শূন্যৰ বাঁওহাতে

বিয়োগৰ কেইঘৰলৈ পিছুৱাই যাওঁ

সাঁচতীয়া সোঁৱৰণীয়ে ঢুকি নাপায়গৈ য’ত

ক’লা গহ্বৰে শুহি লৈছে

মোৰ সকলো তেজ

কিমান অসহায়ভাৱে নিঃস্ব হৈ গ’লোঁ

যন্ত্ৰ-নিৰ্ভৰ জীৱন

আকৌ এবাৰ আৰম্ভ কৰিব পাৰি নেকি

জীৱনৰ পাটীগণিত

সৰলৰেখাৰ দৰে

বনৰৌৰ বাকলি বিচাৰি

উঁইহাফলু বিদাৰি চাওঁ

কিজানি তাতেই জীৱনৰ

হেৰোৱা উহ পাওঁ!

(যিদিনা মোৰ কম্পিউটাৰৰ সকলো তথ্য হঠাতে ধ্বংস হৈছিল।)

Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close