Written by 7:35 am Poems

আইৰ আশীসূতাৰ চাদৰখন

মিণ্টু বুঢ়াগোহাঁই

আইৰ আশীসূঁতাৰ শুকুলা চাদৰখনৰ আঁচলত

মুখ গুজি নিজকে ৰক্ষা কৰা দিনৰে পৰা

আত্ম সন্তুষ্টিৰে অনুভৱ কৰোঁ সুখ ৷

ভাতৰ নিসনিৰে সূতাত মাৰ দিয়া দিনত

লেটাই-চেৰেকীৰ পাকৰ সতে ঘূৰি ঘূৰি

দৌৰি গৈ বোকোচাতে শেষ সান্নিধ্য ৷

টোলোঠাতে পাক খাই খাই সোমাই যায় আইৰ হেঁপাহ

সেউজীয়া ৰঙৰ পাৰীটোৰ সতে আই চিনাকী হাঁহি

ননদলৈ এখন, শাহুলৈ এখন

ভাই-বোৱাৰীলৈও এখন

জাজনীলৈও এখন

তাতেই আকৌ ভাগ নোপোৱা ভনীজনীৰ ওফোন্দ পতা মুখত

মৰমৰ এমোকোৰা হাঁহি ঠেলি

অহা বছৰলৈকে মৰমেৰে বুজনি সানি সামৰণি 

আই, তোৰ আশীসূতাৰ চাদৰখনে বৰকৈ আমনি কৰে মোক

ইমান বগা, খাৰপানীতেই থুকুচি থুকুচি

সুখৰ ৰ’দে চকুত লগাই তোলে৷

হয়তো পিতায়ে নাজানেই তয়ো যে কাজী

নাজানে চাগে তোৰ মনৰ চানেকি

বুটা বছা আশাই ঢাপলি মেলিছিল

সূৰ্য উঠা নিঃসংগ বাটলৈ

উভতি নহাৰ বাসনাৰে ৷

আই, তোৰ আশীসূতাৰ চাদৰখনে

ভবাই তোলে মোৰ শীতল মগজুক

যোৰ পুৰি হাত পোৰা শেষ সময়লৈ৷

সূতাই নিগৰি নিগৰি চেৰেকীত ঘূৰে

যঁতৰে বিষাদৰ ৰাগিনী তুলি

শুধ উশাহত আচলতে তোৰ হৃদয়খনহে কঁপে

নিৰৱে নিতালে ৷

*

নিতাই পুখুৰী,

ডাকঘৰ – নিতাই পুখুৰী

জিলা – শিৱসাগৰ , অসম

পিন – ৭৮৫৬৭১

ভ্ৰাম্যভাষ – ৮৬৩৮০৮৫৩৬৯

Visited 2 times, 1 visit(s) today
Last modified: May 7, 2025
Close Search Window
Close