Written by 9:56 am Poems

আই

 বিভাৰাণী তালুকদাৰ

(এ) আই, 

এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰী

অগ্নিপাহাৰৰ চিত্ৰলেখা সখী

অনুমানতে আঁকিলা নেদেখা ছবি

সমাধান দিলানজনা কথাৰ

দেখুৱালা বাট

আদেশ শিৰোধাৰ্য!

ভেন গঘৰ কটা কাণ

পানেই-জংকিৰ প্ৰাণদান

সকীয়ালা নিৰ্মমতাৰে

বুদ্ধিৰ বিচাৰত নাই আৱেগৰ দাম

বুদ্ধিৰে লিখিব পাৰি প্ৰেমৰ কবিতা

লিথিত গা জুবুৰিয়াই 

কেলৈ বগাবগৈ লাগিছে পৰ্বত পাৰ্গাতৰি!

মোৰ সন্তানৰ নিৰ্দেশত

তোমাৰ ৰুদ্ধশ্বাস গতি

চূচুৰ্মৈ হৈ খহিল

নিঃকিন শব্দসাধকৰ সাধনাৰ স্তুপ!

উজান আহিব পুনু নেদেখা ধলৰ 

তোমাৰ হাতোৰাৰ বন্দিত্ব ওফৰাই

আমাৰ মগজুৱে মগজুৱে 

থাপিত হ’ব বোধিভঁৰাল

ছবিবোৰ যদি কেৱল হৈ পৰে ছবি

গানবোৰ কেৱল গান

চুইচ্ছ টিপি খুলিলেও আৱেগৰ অৰ্গল

এচপৰা কণমানি ডাৱৰৰ বাবে

আমি বাৰু তেতিয়াও কাতৰ হৈ উঠিমনে

সেই কথাও এবাৰ কোৱাঁ

(অ) আই!

টোকা : বৰ্তমান বিশ্বজুৰি চৰ্চিত হৈ উঠা কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)ক উত্তীৰ্ণ কৰি এতিয়া মানুহৰ মগজুত মিনি বায়কম্পিউটাৰ (Organoid Intelligence ) স্থাপনৰো যো-জা চলিছে।

***

ফোন : ৯৪০৮৮২৩৮৪৩

Visited 7 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close