Written by 5:08 am Articles

অহৈতুকী

চন্দনা পাঠক

ছেফ্‌টি পিনৰ প্ৰেমত একেলগে পৰিল ক্লথ ক্লিপ্‌ আৰু ফাইল পিন্৷ নপৰিবনো কিয়? ছেফ্‌টি পিনৰ যিহে লাৱনী শৰীৰ! চিক্‌চিকীয়া৷ তাতে আক’ সুন্দৰীসকলৰ শৰীৰৰ সুবাস সনা শাড়ী-ব্লাউজ, চাদৰ-দোপাট্টাত গা ঘঁহি ঘঁহি একেবাৰে আৱেদনময়ী হৈ উঠিছে৷

দুই : প্ৰেমিক সুযোগৰ সন্ধানত আছিল৷

এদিন সুন্দৰী গৰাকি‍নীৰ অসাৱধানতাবশতঃ ছেফ্‌টি পিন তেওঁৰ চাদৰৰ পৰা সুলকি চোতালতে পৰিল৷ কাপোৰ মেলি দিয়া তাঁৰতে ওলমি আছিল ক্লথ ক্লিপ্‌৷ ফাইল পিনো আছিল চোতালতে ৰৈ থকা গাড়ীখনৰ ছি‍টত পেট পেলাই৷ ছেফ্‌টি পিন পৰাৰ শব্দটো শুনিয়ে দুয়ো জাঁপ মাৰি উঠিল, মানে নামিল, এটাই গাড়ীৰ পৰা, আনটো তাঁৰৰ পৰা৷

ফুলনিৰ ফুলত হাত দিব নোৱাৰি৷ টমিটোৱে খেদি আহি বখলা-বখল কৰিহে এৰিব৷ গতিকে দুয়ো সকলোৱে অলাগতিয়াল বুলি ভবা চোতালৰ দূবৰি বন দুডালকে ছি‍ঙি লৈ প্ৰেয়সীৰ আগত প্ৰেমপ্ৰস্তাৱ দিলে৷ মানে ‘মই তোমাক ভালপাওঁ’ বুলি কৈয়েই পেলালে৷

খামুচীয়া কঁকালটো মোহাৰি মোহাৰি ছেফ্‌টি পিন পৰাৰ পৰা কোনোমতে উঠিছিলহে, এতিয়া দুই প্ৰেমিকৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাই পুনৰ মূছ্‌কঁছ যোৱাৰ উপক্ৰম হ’ল৷ প্ৰেমিকদ্বয়ো স্থিৰপ্ৰতি: প্ৰেমিকাৰ পৰা উত্তৰ নোপোৱালৈকে এখোজো নলৰে৷

উপায়ান্তৰ হৈ লাজুকী হাঁহিৰে ছেফ্‌টি পিনে ক’লে—

 ‘‘মই হ’লোঁ একেটি৷

আপোনালোক দুটি৷৷

কাক ধৰোঁ, কাক এৰি/

পোৱা নাই যে ভাবি//’’

ক’বলৈহে পালে, ফাইল পিনে ডাংকোপ মাৰি উঠিল—

 ‘‘মই পিন চৰকাৰী, ৰজাঘৰীয়া স্থান৷

কোটিটকীয়া হাঁহি মাৰি বঢ়াওঁ নিজৰ মান৷৷

হোৱাটোও হেৰাই যায় দিওঁ যদি এৰি৷

নহ’বৰটোও হৈ যায় যদিহে ৰাখোঁ ধৰি৷৷

ৰাজ-চিন্তা বুকুত লৈ তামোল-চালি খাওঁ৷

সৰ্বহাৰাৰ আশা-ভৰষা নাচি নচুৱাওঁ৷৷

প্ৰভাৱশালী, ধনবলী, শ্ৰেষ্ঠ মোৰ গোত্ৰ৷

সুন্দৰী! ময়ে তোমাৰ উপযুক্ত প্ৰেমপাত্ৰ৷৷’’

ফাইল পিনৰ কথা শুনি ছেফ্‌টি পিনে মিচিকিয়াই হাঁহি ক্লথ ক্লিপলৈ চালে৷ প্ৰেয়সীৰ চাৱনিৰ উত্তৰ দি ক্লথ ক্লিপে ক’লে—

 ‘‘বস্ত্ৰ নামক সভ্যতাৰ ধাৰক৷

মান ৰক্ষক, প্ৰীতিৰ বাহক৷৷

ৰ’দে-বৰষুণে ঘামি-তিতি৷

ৰাখোঁ ধৰি, নস্যাৎ কৰি ধুমুহাৰ গতি৷৷

নহয় মানী, নহয় দামী, সাধাৰণ সেৱাৰ কৰ্মী!

সুন্দৰী তুমি গুণৱতী! হ’বানে মোৰ সহধৰ্মিণী?’

ক্ল’থ ক্লিপৰ কথাৰ মূৰত ছেফ্‌টি পিনে কিবা ক’বলৈ পোৱাৰ আগতে পুনৰ ফাইল পিনে গৰ্‌গৰাই উঠিল—

 ‘‘হে সুন্দৰী! কৰা কৰ্ণপাত৷

মোৰ প্ৰতিদ্বন্দ্বীৰ নাই জাত৷৷

ময়ে সুগুণী, ময়ে সুনামী৷

ৰাজবিলাসত ভ্ৰমিবা তুমি৷৷’’

শুনি ছেফ্‌টি পিনে হাঁহি এটি মাৰি প্ৰথমে ক্লথ ক্লিপলৈ চাই ক’লে—

‘‘যাৰ মনত স্বচ্ছতা৷

সি সুন্দৰ সৰ্বদা৷৷

পৰোপকাৰত যিটি সুখী৷

তোমাকো নকৰে কদাপি দুখী৷৷

মোৰ দৃষ্টিত যোগ্যজন৷

তোমাতেই কৰিলোঁ হৃদয় অৰ্পণ৷৷’’

তাৰ পাছত অবাক হৈ মুখ মেলি থকা ফাইল পিনক উদ্দেশ্যি ক’লে—

 ‘‘মোৰো আছে জীৱন-পণ৷

স্ত্ৰী-সন্মানত সমৰ্পণ৷৷

মামৰে বন্ধা ৰাজবিলাস৷

নাই যে মোৰ সিটি হাবিয়াস৷৷

ৰাজবিলাসতো যিটি মলিন!

কিদৰে হওঁ সিটিত বিলীন!!’’

জোকৰ মুখত চূণ দি ছেফ্‌টি পিন পুনৰ ক্লথ ক্লিপৰ ফালে ঘূৰিল—

‘‘মই ৰাখিম সন্মানৰ বস্ত্ৰ৷

তুমি হ’বা স্বচ্ছতাৰ অস্ত্ৰ৷৷

দুয়ো মিলি ৰাখিম ধৰি৷

কোনেও কাকো নিদিওঁ এৰি৷৷

সহজ নহ’লেও সৰল হ’ব৷

জীৱন আমাৰ সুন্দৰ হ’ব৷৷’’

ফাইল পিনে ভেবা লাগি চাই ৰ’ল৷ চকুত চকু থৈ ক্লথ ক্লিপ্‌ আৰু ছেফ্‌টি পিন এক হ’ল৷ঠিকনা:গজিয়া ৰোড, মেটুৱাকুছি, বৰপেটাডাকঘৰ আৰু জিলা : বৰপেটা-৭৮১৩০১ভ্ৰাম্যভাষ: ৬০০০৩০৫৯১০e-mail ulkaasom@gmail.com

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close