Written by 5:52 am Poems

অহা-যোৱা

 যশোৱন্ত নিপুণ

যদি জীৱন ইমানেই শুদ্ধ আছিল

মৃত্যুৰ জানো প্ৰয়োজন আছিল ?

আমি কোৱা কথাবোৰ

তুমি শুনিবই লাগিব – তেনে একো নাছিল,

কাহিনীবোৰ যি এখন

মহাকাব্য হ’ব বুলি অনুভৱ হয়  –

সেইবোৰ এটা মাত্ৰ বাক্যৰ মাজত

নীৰৱে শুই পৰিব পাৰে

যাৰ  এটি এটি শব্দ বতাহে মচি লৈ যায় ।

একেলগে গৈয়েই থকাৰ চৰ্ত নাছিল,

আৰু বোধহয় বিদায়ৰো এটা সৌন্দৰ্য আছিল ৷

আমাৰ কাহিনীবোৰৰ কোনো অৰ্থ নাছিল,

তুমি যে গুচি গ’লা

তোমাৰ আচলতে হেৰুৱাবলৈ একোৱেই নাছিল ।

যদি জীৱন ইমান শুদ্ধই আছিল

মৃত্যুৰেই বাৰু কি প্ৰয়োজন আছিল ?

***

ঠিকনা :

বাঙ্গালোৰ

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close