Written by 7:37 pm Poems

অসবৰ্ণ

নীলিমা ঠাকুৰীয়া হক

শাওণৰ আকাশে বিৰিয়াত আনে গোমা আৰু

গধুৰ ডাৱৰবোৰ । তাৰ বিৰিয়াতো কঠিয়াৰ ভাৰ

বৰষুণে খিকিন্দালি কৰাৰ পৰত হিয়াত খলকনি

আৰু ৰোৱনীৰ হাতো খৰ

বৰ আপোন আছিল পথাৰখন

কিন্তু পথাৰখন সিহঁতৰ  নাছিল

ধান দাবলৈহে সিহঁতৰ হাতত কাঁচি

কাঁচিতজোনৰ দোলনা সিহঁতৰ নহয়

কেৱল ৰাহু-কেতুৱে খোৱা এচকল জোনৰ দৰে

টুলুঙা নাওখন সিহঁতৰ, বানৰ ধলত টুলুংভুটুং

পুৱতি তৰাই পুহৰি পথাৰখনক সোধে

সেইহাল কোন যায় অ’ কুঁৱলীৰ চাদৰ উৰি 

নৰাত লাগি থকা নিয়ৰেৰে কলিজা তিয়াই

যাঁও নেযাঁওকৈ যায় গাঁওখন এৰি

সি পুৰুষ, তাই নাৰী

নামৰ পৰিচয়ে গঢ়া জেওৰা ভাঙি

দুয়ো ভাহি যায় পাৰভঙা জোনাকত

অচিনাকী চহৰৰ গলিত ঢৌ আঁকি আঁকি 

তৰ্জাৰ বেৰত ওলমি কেলেণ্ডাৰে কলিমা পঢ়ে

দহ ইঞ্চিৰ দাপোণত নিলাজীবনৰ লাজ,

ৰঙা ফোঁটৰ কলাজ 

শাওণৰ আকাশত তাইৰ চুলিকোছা দেখিলে

কামৰ পৰা সোনকালে উভতে সি

টিনৰ ছালিত বৰষুণৰ ভৰিয়ে নাচিলে

গাঁওখনো জী উঠে বুকুত 

কোনেও নেদেখে কলিজাৰ দেওধনি ।

***

ফোন : ৯৮৬৪০৪৩৮৮৬

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close