Written by 12:14 pm Poems

অমৃতাৰ সৈতে এটা সবাক সন্ধিয়া

 শৰ্মিষ্ঠা প্ৰীতম

নামিবলৈ ধৰা বেলিৰ ৰঙে কিয় দুখাকুল কৰে হৃদয়

ক’ৰপৰা উঠি আহে

উদভ্ৰান্ত আন্ধাৰৰ কঠিন হাত

ধোঁৱাই ধোঁৱাই উৰি ফুৰা প্ৰচ্ছায়াত কিয় বাৰে বাৰে উঁৱলি যায় সুখৰ সমুজ্জ্বল পৰিচ্ছদ

আকৌ সেই একেবোৰেই প্ৰশ্ন!

তীক্ষ্ণধাৰ, অবিচ্ছিন্ন… …

কোন কাৰ বাবে গৈ থাকে?

কাৰ বাবে ক’ত ৰৈ যায় সময়?

কোনে কাৰ বাবে জীয়াই তোলে মৃত সপোনৰ নিশ্চল শৰীৰ?

চৌপাশে বিভ্ৰমৰ কুঁৱলf

এন্ধাৰুৱা ৰাতিবোৰ হৈ ৰয় এটা নিৰ্বাক কাহিনীৰ পাণ্ডুলিপি

ভয়লগা!

খঙাল মেঘৰ গৰ্জনত চিৰাচিৰ হ’ব খোজা আকাশতকৈও ভয়লগা

বোধ হেৰুওৱা মানুহৰ মাত

নিচুকনিৰ পিয়াহে অহৰ্নিশে চুই থাকে মোৰ শংকিত আত্মাক

আন্ধাৰৰ দৰেই ক’লা আখৰৰ অজস্ৰ একা-বেঁকা ৰেখাৰ মাজৰপৰা

পোহৰ পোহৰ সাজেৰে উঠি আহে তেওঁ

অমৃতা…

তেজ-মঙহৰ শৰীৰ লৈ উঠি আহে তেওঁ

অমৃতা…

মই তেওঁৰ সমুখত নিৰ্দ্বিধাই তুলি ধৰোঁ মোৰ ৰক্তনীল হৃদপিণ্ড…

তেওঁ যেন…

তেওঁ যেন মোৰ আজন্ম সুহৃদ।

: জানা, বুৰ যোৱা বেলিটোৰ সৈতে মোৰো কিছু বুৰ যায়। -তেওঁ কয়, মোৰ বাবে 

ৰাতিবোৰ আন্ধাৰৰ সুদীৰ্ঘ সুৰংগ৷- তেওঁ কয়।

এৰা!

ক’ৰবাত আমি অভিন্ন ক’ৰবাত খণ্ডিত।

তোমাৰ দৰে ‘যেনিজিম’ৰ ‘ৰেড থ্ৰেড’-ৰ সূত্ৰ মই পঢ়া নাই অমৃতা

মাথোঁ জানো, তোমাৰ দৰে ময়ো

চকু মুদিও দেখা পাওঁ সিপাৰৰ এখন বিমূৰ্ত প্ৰদেশ

আৰু অনুভৱ কৰোঁ সত্যৰ সাঁচবিহীন অস্তিত্ব

বেলি যিমানে তললৈ নামি যায় সিমানে

জলমলাই উঠে ইয়াৰ বৰ্ণহীন নিৰ্বিকাৰ মুখ

অসহনীয়!

সত্যৰ প্ৰহাৰ বৰ অসহনীয়

মুখৰ আগত ই বাৰম্বাৰ তুলি ধৰে হলাহলৰ সাতামপুৰুষীয়া পানপাত্ৰ

নিচাখোৰ চকুৰপৰা নিমিষতে খহি পৰে নাৰ্চিছাছ

অমৃতা, তোমাৰ শেষ বিচাৰৰ গদ্যত বিচাৰি চলাথ কৰোঁ জীৱন

: জীৱন কি?

: কাহানিও নপলোৱা পিয়াহ?

: কাহানিও শেষ নোহোৱা প্ৰতীক্ষাৰ উদাসী অপৰাহ্ণ?

: নে জীৱন কেৱল এটা দুৰ্বোধ্য কবিতা?

:  হ’ব পাৰে৷ হ’ব পাৰে৷ – বুকুৰ গভীৰৰো গভীৰৰপৰা উজাই আহে অমৃতাৰ অমৃতকণ্ঠ।

তেওঁ কয়, “বেলিৰ দৰে জীৱনো এখন নাও

পশ্চিমৰপৰা অহা ঢৌবোৰৰ খুন্দাত ইয়াৰ থাউনি হেৰায়

ই যেন এটা কপাহৰ জোলা

মৰুভূৰ উত্তপ্ত বতাহে ইয়াক থেকেচি পেলায়

অথবা ই এখন বাঁহনি, শুকাই বগা হৈ পৰে

আৱেগৰ অনুপস্থিতিত ই নিঃসাৰ

ই যেন এসোপা বেজি

মোৰ ভিতৰত বিন্ধি থকা জ্বলন্ত অঙঠাবোৰৰ দৰে

ই মোৰ প্ৰেমৰ পৰীক্ষাৰ বাবে উতলি থকা এটা প্ৰকাণ্ড পাত্ৰ।”

অমৃতাই উশাহ সলায়

আৰু মই ৰাগিলগা মানুহৰ দৰে ডুব দিওঁ তেওঁৰ চকুৰ বাংময় বিষণ্ণতাত…

“তুমি জানা, এটা আন্ধাৰ অট্টালিকাত বন্দী হৈ আছিলোঁ

বাহিৰত অস্ত্ৰধাৰী পহৰাদাৰৰ দল

ঘোপমৰা আন্ধাৰৰ মাজত খেপিয়াই ফুৰিছিলোঁ দুৱাৰ

কিন্তু মজবুত শিলৰ বেৰবোৰ যে গলি যোৱা নাছিল

খহিও পৰা নাছিল…

ওপৰলৈ উৰি যাব খুজিছিলোঁ

ওপৰলৈ উৰি যাবলৈ যুঁজিছিলোঁ

আৰু মোৰ ভৰি দুখন মাটিৰ পৰা ওপৰলৈ উঠি গৈছিল

দুৰ্গবোৰ পাৰ হৈ ওপৰলৈ গৈ গৈ নিৰ্ভয়ে স্পৰ্শ কৰিছিলোঁ মুক্ত আকাশ

পহৰাদাৰৰ দলটোৱে মোক ঢুকি পোৱা নাছিল।”

অমৃতা!

অমৃতা!

আন্ধাৰে পুৰি পুৰি নিঃশেষ কৰিব খোজা এই আঙুলিবোৰেও খেপিয়াই ফুৰে 

চুই দিলেই খোল খাই যোৱা এখন দুৱাৰ।

জানো,

সেই দুৱাৰৰ সিপাৰে কোনো ৰৈ নাথাকে।

সেই দুৱাৰৰ সিপাৰে কোনো ৰৈ নাথাকে।

বেলিৰ জুইৰে গঢ়া এটা ফিনিক্স উৰি আহে ।

ফোন : ৮৬৩৮৫৯৩০৯৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close