Written by 5:00 am Articles

অভিব্যক্তি নে আত্মপ্ৰত্যয়

 আকাশ দীপ্ত ঠাকুৰ

        “ইমান কিয় ভাবনাবিভোৰ মন মৈথিলী ! আমিতো আজি কেৱল মৌনতাক সাক্ষী কৰি এনেকৈ ক্ষণ গণি থাকিম বুলি লগ হোৱা নাছিলোঁ৷ আচৰিত…তোমাৰ নিৰৱতাই যদি এতিয়া মোকো ভাষাহীন কৰি তোলে…? ”

        খিলখিলাই হাঁহি দিলে ৰাধাই৷

       ক্ষণিকৰ বাবে যেন কঁপি উঠিল প্ৰৱাহিনী যমুনাৰ নীলিম সলিলৰাশি৷ লহৰে লহৰে মৃদু তৰঙ্গ সৃষ্টি কৰিলে দিনান্তত শ্ৰান্ত হৈ পৰা যমুনাৰ নিৰৱধি প্ৰৱাহত৷

        অস্থিৰ ভাবনাৰ উৰ্মিমালাই অশান্ত কৰি তুলিলে কাষতে ধীৰ-স্থিৰ হৈ বহি থকা সীতাৰ অন্তৰ৷ শুভ্ৰ বালিত বৈ পৰা হেঙুল বৰণীয়া আঁচল, চপাই লোৱা আঁঠু দুটাত থুঁতৰিৰে ভেজা দি, তললৈ দৃষ্টি নিক্ষেপ কৰি মৌন হৈ বহি আছিল কেইটামান মুহূৰ্ত৷

        মনৰ হেঁপাহেৰে কেইটামান কথা পাতিম বুলিয়েতো আজি আমন্ত্ৰণ জনাইছিল ৰাধিকাক৷ উৎফুল্ল হৈ পৰিছিল বৃষভানু কন্যা–“সঁচাকৈ কৈছা সীতা ? তুমি আহিবা…মোক লগ পাবলৈ ? মোৰ যে বিশ্বাসেই হোৱা নাই ! কিন্তু ক’ত…ক’ত লগ হ’ম আমি ? কোৱা হে বৈদেহী; মই…মই সঁচাকৈ অধীৰ হৈ পৰিছোঁ৷ ”

        …এনেদৰেই যেন খহি পৰিছিল দুটা যুগৰ মাজৰ এখনি অদৃশ্য দেৱাল…ত্ৰেতা, দ্বাপৰ…; আৰু কলি…!

       সিদ্ধান্ত হৈছিল–যমুনা…হয় যমুনাৰ তীৰেই হ’ব পাৰে দুয়োৰে বাবে সুবিধাজনক এডোখৰ ঠাই৷ চঞ্চলা সেই তটিনীৰ প্ৰতিটো তৰংগই পৰিচিত দুয়োৰে৷ যি কথা কোৱা হোৱা নাই কাহানিও, মনৰ নিভৃতৰপৰা বৈ অহা সেই অব্যক্ত অভিধাৰ সাক্ষী হৈ ৰ’ব প্ৰৱাহিনী যমুনাৰ অশান্ত উৰ্মিমালা৷

        চঞ্চলা ময়ূৰীৰ দৰেই আজন্ম চিনাকি কদম তললৈ খৰ খোজেৰে আহিছিল ৰাধিকাসুন্দৰী৷ গাঢ় নীলবৰণত বন-সেউজীয়া ৰহণ মিহলি, তাতে সোণ বৰণৰ তৰা-ফুটুকীয়া ঘাগৰি, একে ৰং-আৰ্হিৰ কিলাকুটিলৈকে দীঘল হাতৰ চোলাটো; আৰু… সেউজ গিৰিমালাৰ বুকুত শৰতৰ এচমকা শুভ্ৰ মেঘৰ দৰেই ফাল্গুনী লহৰে উৰুৱাই নিব খোজা উত্তৰীয়খন৷ জিকমিকাই থকা এমুঠি বালিছন্দা হাতলৈ লৈ মুঠি মাৰি এৰি দিওঁতে বতাহৰ ঢৌৱে উৰুৱাই লৈ গৈছিল যমুনাৰ বুকুলৈ৷ মিচিকিয়াই হাঁহিছিল যমুনাই৷ হেলনীয়া হৈ বৈ অহা কদমৰ শাখা এটাই আলফুলে স্পৰ্শ কৰি চাইছিল অলসভাৱে বান্ধি লোৱা কবৰী৷ কৃত্ৰিম ভ্ৰূকূটিৰে ৰাধাই কদমজোপাৰ ফালে ঘূৰিব খোজোঁতেই অদূৰৈত দেখিছিল জানকীক৷ বুৰিবলৈ যো-জা কৰা দিনমণিৰ হেঙুল কিৰণে ৰহণ চৰাইছিল মৈথিলীৰ দেহৰ একে বৰণৰ সাজযোৰত৷ বাঁও বাঁউসীয়েদি চপাই লোৱা মুক্ত কেশী বৈদেহীৰ হিৰন্ময়ী তনুজ আভাৰ পৰশ পাই ক্ষণিকৰ বাবে যেন যমুনায়ো উচপ খাই উঠিছিল–কি অপৰূপ সৌন্দৰ্য ! অথচ যেন… সদা নিষ্পৃহ এক সন্ন্যাসিনী এই জনকনন্দিনী৷

        মৈথিলী কাষ চাপি অহাৰ পাছত ৰাধা আৰু চঞ্চলা হৈ উঠিছিল–“আহাঁ সীতা৷ তোমাৰ বাবেই সৌৱা ৰৈ আছে চোৱাঁ চিৰপ্ৰৱাহিনী যমুনা৷ ” নিজেই ৰসিকতা কৰি মিচিকিয়াই হাঁহিছিল ৰাধিকাই– “সৌৱা দুই দণ্ড সময় এতিয়াও বাকী দিনমণিৰ বিদায়ৰ বাবে৷ ”

        বসুধাতনয়াই একেথৰে এপলক চাইছিল ৰাধালৈ–সঁচাকৈ…অপূৰ্ব সুন্দৰী তুমি ৰাধিকা; যেন চঞ্চলা-চপলা কোনো বন মৃগৰ দৰেই মনোময়, মোহনীয় তুমি৷ অথচ…৷

        সেই তেতিয়াৰপৰাই মৌন হৈ বহি পৰিছিল জনকনন্দিনী৷ মনৰ মাজত অগণন প্ৰশ্নৰ উত্থান-পতন৷ কিন্তু প্ৰকাশ কৰে কেনেকৈ ? কাষতে বহি আছে এয়া ৰাধা; যাক কোনো কথাই কাহানিও যেন বিচলিত কৰিব নোৱাৰে৷ কিমান মুকলি অন্তৰেৰে প্ৰশ্ন কৰিছে তেওঁকেই– কিয়… কিয় এই মৌনতা!

        সি যি নহওক, আজি ক’ব পাৰিব লাগিব সীতাই৷ এটা যুগৰ প্ৰতিভূ হৈ আহিছে আজি তেওঁ বসুধাবক্ষৰপৰা৷ হয়তোবা বহু প্ৰতীক্ষাৰ অন্তত দুয়ো এয়া মুখামুখি– দুটা যুগক প্ৰতিনিধিত্ব কৰা দুটি নাৰী সত্তা৷

        মূৰ তুলি সন্মুখলৈ দৃষ্টি নিক্ষেপ কৰিলে সীতাই৷ যি ক’ব আজি, তাৰ সাক্ষী হৈ ৰ’ব এই যমুনা, এই কদমতল৷ ভয় নকৰে সীতাই৷ যিমানেই দুৰ্বলা বুলি ভাবিব নোখোজক এই সমাজে, সিমানেই কিন্তু দৃঢ় সীতাৰ হৃদয়৷ অগ্নিয়েও স্পৰ্শ কৰিব পৰা নাছিল যাৰ পাৰ্থিৱ শৰীৰ ! আৰু এতিয়া… ক্ষণিকৰ বাবেও আৰু বিচলিত নহয় তেওঁ কাহানিও; হ’বলৈও আৰু একো নাই৷ কিন্তু ৰাধাক এবাৰ লগ পোৱাটো তেওঁৰ বাবে বৰ জৰুৰী হৈ পৰিছিল৷ বহু কথাৰ বাবে…৷

       ৰাধা…অয়ন পত্নী ৰাধাই আজি শুনিব লাগিব দাশৰথিজায়াৰ অকপট স্বীকাৰোক্তি৷ বিচাৰ কৰিব লাগিব৷ যদি এয়ে পৰিচয় হয় এগৰাকী নাৰীৰ; তেন্তে …কাললৈ বুলি অৱনমিত হ’ব পাৰে সীতাৰ দৰে আৰু বহু নাৰীৰ অস্তিত্ব তথা অৱস্থান ! চিৰচঞ্চলা সন্মোহিনী ৰাধা– যাৰ খিলখিল হাঁহিত যমুনায়ো লহৰ তোলে, কদমৰ ডালত পৰি নাচোন ধৰে বুলবুলি-সখীয়তীয়ে…, অথচ ৰাধাই নাজানে, নে জানিব নোখোজে প্ৰকৃত কথাবোৰ…? সমগ্ৰ পৃথিৱীয়ে পৰকীয়া প্ৰেমৰ কলংকৰ চেকা সানি দিব খোজা ৰাধাই প্ৰকৃততে কি ভুল কৰি আছে– সেয়া জানিব লাগিব আজি ৷

        সীতাই স্থিৰ দৃষ্টিৰে ৰাধাৰ মুখলৈ চালে৷ যদিও ৰাধাৰ দৃষ্টি নিবদ্ধ হৈ আছে যমুনাৰ সলিলবক্ষত, মনটো কিন্তু উন্মুখ হৈ আছে জানকীৰ কথা শুনিবলৈ৷

        হয়… উন্মুক্ত হ’ব আজি সীতাৰো হৃদয়৷ ৰুদ্ধ কপাট মুক্ত কৰি বহু কথাই ক’ব লাগিব ৰাধাক৷ বিচাৰ… বিচাৰ নিজে কৰিব মোহন-প্ৰেয়সীয়ে; মানি ল’ব লাগিব তেওঁৰ হৃদয়েও– প্ৰকৃততে শ্ৰেয়ঃ কোন!

        “ৰাধিকা ! আচলতে বহু কথাই ক’বলগীয়া আছে তোমাক; যাৰ বাবে মই এয়া নিজে আহিছোঁ তোমাৰ কাষলৈ৷ একান্তই নিভৃতে লগ পাবলৈ৷ বহু কথা… শিল হৈ আছে বুকুত– যি কথা কাহানিও কোৱা নাই, অদ্যাপি যি কথা শুনা নাই কাহানিও কোনেও… সেই কথাকে ক’ম তোমাক৷ ”

        ভৰি দুখন চপাই আঁঠু দুটাত থুঁতৰিৰে ভেজা দি ৰাধাই সীতালৈ চালে– কেনে স্নিগ্ধ এই ৰূপৰ জ্যোতি ! যেন চৌপাশে বিয়পি পৰিছে সৌম্য এক আভা৷ হ’ব পাৰে– অকথিত বহু কথাই আমনি কৰিছে আজি তেওঁক, যাৰ বাবে বসুধা-তনয়া উদ্বাউল হৈ পৰিছে৷ নাৰী হৃদয়ৰ ব্যথা প্ৰকৃততে উপলব্ধি কৰিব পাৰে কেৱল নাৰীয়ে৷ কিমান সংঘাতে মষিমূৰ কৰি থৈ গ’ল তেওঁক ৰাধাই জানো নাজানে ? দেওৰ লক্ষ্মণে নাক-কাণ কাটিলে শূৰ্পনখাৰ; আৰু ৰাৱণে অপহৰণ কৰি লৈ গ’ল সীতাক৷ পুৰুষৰ বীৰত্ব সদায় নাৰীৰ ওপৰতহে৷ আৰু তাৰ বাবেই তেওঁ নীৰৱে সহিবলগীয়া হ’ল কিমান লাঞ্ছনা… কত যে কিমান অথন্তৰ !

        কওক… আজি ইমান যুগৰ পাছত যি ভাবনাই হয়তোবা তেওঁক এনেকৈ আমনি কৰিছে, আজিয়ে উন্মুক্ত হওক সকলো৷ ৰাধাই শুনিব সেই কথা, বিৰহী অন্তৰৰ ব্যথা…৷

        “শুনা হে বৃষভানু কন্যা৷ ভুল নুবুজিবা মোক৷ প্ৰথমেই মই তোমাক জগৰীয়া কৰিম আজি৷ কোৱাঁ… এবাৰো কিয় নাভাবিলা তুমি, নে ভাবিব নোৱৰা হৈ গ’লা ? গোটেই বৃন্দাবনখন বুকুত বহন কৰি ফুৰি অৱশেষত তুমি কি বিশেষণ পালা ? কলংকিনী ? মোলৈ চোৱাঁ এবাৰ… মোৰ বুকুত কি নাছিল সেই বৃন্দাবন ?”

        উচপ খাই উঠিল ৰাধা৷ ক্ষণিকৰ বাবে যেন স্থবিৰ হৈ পৰিল কল্লোলিনী যমুনাৰো নিৰৱধি ধাৰা! সীতাৰ বুকুতো আছিল এখনি বৃন্দাবন ? ৰৈ ৰৈ বাজিছিল নেকি তাত মোহন বাঁহীৰ উন্মনা সুৰ ? একেথৰে দৃষ্টি নিক্ষেপ কৰিলে ৰাধাই বিদেহনন্দিনীলৈ৷ কিন্তু… তেওঁচোন নিৰ্বিকাৰ !

        “হয়…; তুমি হয়তো নাজানা ৰাধা৷ অশোক বনৰ চৌপাশে প্ৰতিনিয়ত বিয়পি পৰিছিল জানা… সেই আকুল প্ৰস্তাৱৰ অনুৰণন৷ লাহে লাহে… মোৰ হৃদয়তো খোদিত হৈছিল সেই নিষ্পাপ প্ৰেমৰ প্ৰতিচ্ছবি৷ মই… মই জানিছিলোঁ জানা ৰাধা, তেওঁ… তেওঁৰ অন্তৰত প্ৰেম আছিল; কেৱল প্ৰেম ! যি প্ৰেমৰ বাবে প্ৰতিগৰাকী নাৰীয়ে জীৱনত এবাৰলৈ হ’লেও হাবাথুৰি খায়– সেই প্ৰেম…সেই অনুভূতি ! হয়তোবা অজানিতেই নিমজ্জিত হৈছিলোঁ ময়ো৷ কিন্তু… মইতো নাছিলোঁ তোমাৰ দৰে আবেগবিহ্বলা৷ মই জানো বুজা নাছিলোঁ– এবাৰ… মাথোঁ এবাৰ যদি মই ৰাৱণৰ প্ৰস্তাৱ গ্ৰহণ কৰিলোঁহেঁতেন; বিনাযুদ্ধে পৰাজিত হ’লহেঁতেন দাশৰথি৷ ”

        সীতাৰ কণ্ঠত ফুটি উঠিছিল এক অদ্ভুত দৃঢ়তা৷ অবাক হৈ পৰিল ৰাধা– এয়া…সঁচানে?

      “সঁচা ৰাধা; সকলো সঁচা৷ মই অকলে যুদ্ধ কৰিছিলোঁ জানা… এখনি মানসিক যুদ্ধ৷ আৰু মনৰ দৃঢ়তাৰেই ক্ষত-বিক্ষত কৰিছিলোঁ দশাননৰ হৃদয়৷ ছিন্ন-ভিন্ন হৈ পৰিছিল তেওঁৰ মনোবল৷ কোৱাঁ ৰাধা– সেয়া কি নাছিল মোৰ পৰাক্ৰম ? মোৰ কাষততো নাছিল কোনো বানৰ-যোদ্ধা-সেনানী৷ মানসিক সেই যুদ্ধত ধৰাশায়ী হৈছিল লংকাপতি৷ তেন্তে ? ক’ত বীৰত্ব কোৱাঁ প্ৰভু ৰামচন্দ্ৰৰ ? মৰি যোৱাজনক কেৱল বধ কৰিছিল তেওঁ, তাকো গৃহশত্ৰুৰ ছলনা-মন্ত্ৰণাৰ সাহায্যত৷ আৰু এনেকৈয়ে বিজয়ী হৈছিল তেওঁ৷” ক্ষণিকৰ বাবে যেন ভাবুক হৈ পৰিল বৈদেহী৷

        পুনৰ নিজকে কিছু সুস্থিৰ কৰি লৈ সীতাই ৰাধাৰ ফালে চালে– “জানা ৰাধা–তেওঁ ৰাৱণৰ হৃদয়লৈ শৰ নিক্ষেপ কৰিবপৰা নাছিল; কিয়নো তেওঁ জানিছিল– এক মুহূৰ্তৰ বাবেও লংকাপতিৰ হৃদয়ৰপৰা আঁতৰি যোৱা নাছিল মোৰ প্ৰতিচ্ছবি৷ কিমান নিষ্পাপ… কিমান গভীৰ আছিল সেই প্ৰেম; মই… মই জানো বুজা নাছিলোঁ?”

        পুনৰ আৱেগিক হৈ পৰিল সীতা ক্ষণিকৰ বাবে৷ পাছ মুহূৰ্ততে পুনৰ নিজকে নিয়ন্ত্ৰণো কৰি ল’লে অতি কৌশলেৰে৷ দুৰ্বল হৈ পৰাৰ সময় নহয় এয়া; মনৰ ভিতৰত গুমৰি অহা ক্ষোভৰ বহিৰ্প্ৰকাশৰহে সময়।

        “মাথোঁ ছল-বল-কৌশল; হৰধনু ভংগৰপৰা বালি নিধনলৈকে৷ প্ৰেমৰ নামত মাথোঁ প্ৰহসন; অদম্য স্বাভিমানৰ আঁৰত ভুৱা অনুৰাগ৷ আৰু… আৰু সকলো জানিও, সকলো বুজিও আজিও যে সহনশীলা মোৰ নাম৷”

        ৰাধাই কেৱল শুনি গৈছিল জানকীৰ কণ্ঠনিঃসৃত অকথিত বিষাদগাথা৷ মনৰ মাজত যেন অবাৰিত কৌতূহল– এয়াই যদি অপ্ৰকাশিত সত্য; তেন্তে…পাৰ্থক্য ক’ত ৰাধা আৰু সীতাৰ ? সীতাই যি কৰিলে– সেয়া কেৱল অভিনয় ? নাই নাই… ৰাধাই নোৱাৰে কৰিব তেনে অভিনয়৷ হৃদয়ত অংকুৰিত প্ৰেমৰ বীজ উভালি, মোহাৰি সতীত্বৰ চানেকি দিব নোৱাৰে ৰাধাই৷ কিবা এষাৰ ক’ব খুজিছিল তেওঁ; কিন্তু সীতাই যেন বাৰণ কৰিলে৷

        “আজীৱন মই কেৱল প্ৰতাৰণা সহিলোঁ৷ যি প্ৰেম মোৰ প্ৰাপ্য আছিল পতি-পৰমেশ্বৰৰপৰা; নাপালোঁ কাহানিও৷ পালোঁ মাথোঁ লাঞ্ছনা৷ তুমি হয়তো সুধিবা– কিয় কৰা নাছিলোঁ মই প্ৰতিবাদ ? সহি সহিও মই কেৱল প্ৰতীক্ষা কৰিছিলোঁ, মনে-প্ৰাণে বিচাৰিছিলোঁ– তেওঁৰ হৃদয়ত প্ৰেম নাথাকিলেও থাকিব পাৰে নেকি সামান্যতম অনুকম্পা ! কিন্তু সগৰ্ভা অৱস্থাতো যেতিয়া মোৰ বনবাস হ’ল… অৱশেষত প্ৰতিবাদ কৰিলোঁ মই৷ আৰু… তুমিতো জানা– প্ৰতিবাদৰ ভাষাও আছিল মোৰ সৰল– ‘নোৱাৰোঁ সহিব ইমান লাঞ্ছনা… সেয়েহে আশ্ৰিতা পুনৰ আইৰ কোলাত৷’ আচলতে জিকি জিকিও হাৰি যোৱাত নে হাৰি হাৰিও জিকি যোৱাতেই আছিল মোৰ পৰিসমাপ্তি!”

        সীতা বহি থকাৰ পৰা থিয় হ’ল৷ দুখোজ আগুৱাই গ’ল যমুনাৰ ফালে৷ দূৰৈত বুৰ যাবলৈ যো-জা কৰা দিনমণিৰ অন্তিম হেঙুলী আভা৷

      “আৰু অগ্নিপৰীক্ষা ? জানা ৰাধা– আজিও… আজিও প্ৰতিগৰাকী মৌন সীতাৰ কলিজাত উমি উমি জ্বলি থাকে তথাকথিত প্ৰেমিক স্বামীয়ে জ্বলাই দিয়া সেই চিতা ৷”

      এইবাৰ ৰাধাও থিয় হ’ল৷ আগুৱাই আহিল সীতাৰ কাষলৈ৷ সীতাই উভতি ৰাধালৈ চালে৷ যি কথা ক’ম বুলি আহিছিল, সেই কথা যে এতিয়াও কোৱা হোৱা নাই৷

      “সেইবাবেই মই তোমাৰ কাষলৈ আহিছোঁ ৰাধা৷ তুমি… তুমি কি পালা কোৱাঁ; কেৱল প্ৰেমৰ বাবেই নিজকে উৎসৰ্গা কৰিও অৱশেষত সেই– ‘কলংকিনী’ অভিধা ? চোৱাঁ এবাৰ, ভালদৰে চকু মেলি চোৱাঁ– আজিও চৌদিশে কেৱল মোৰেই জয়গান৷”

        সীতা দুখোজ কাষলৈ আহিল– “জানা ৰাধা– প্ৰতিজন পুৰুষে কিন্তু প্ৰতিগৰাকী নাৰীৰ মাজত বিচাৰে কেৱল মোৰেই আত্মা… সহনশীলা মাথোঁ সহনশীলা৷ ”

        …লাহে লাহে আত্মবিভোৰ হৈ পৰিছিল জানকী৷ দৃষ্টি আছিল কেৱল সন্মুখত নিবদ্ধ৷ দ্বাপৰ যুগক প্ৰতিনিধিত্ব কৰা ৰাধিকাই আজি বুজিব লাগিব– কেৱল প্ৰেমাস্পদৰ আকুলতাত উটি-ভাহি যাব পৰাতেই নাথাকে নাৰীসত্তাৰ পৰিচয়৷ হ’ব পাৰে, কলি যুগত এতিয়াও মৰ্ত্যত মানৱৰ বন্দনা–‘গাছের মধ্যে তুলসী, পাতের মধ্যে পাণ; নারীর মাজে রাধিকা পুরুষ ভগবান৷’ অথচ সেই মৰ্ত্যতে আজিও আঁতৰি যোৱা নাই ৰাধাৰ চৰিত্ৰৰপৰা পৰকীয়া প্ৰেমৰ চেকা৷ আৰু ৰাস-পূজা ! … সেয়াও আন এক প্ৰহসন৷ জানেনে ৰাধাই, এবাৰলৈও অনুভৱ কৰেনে সেই নিৰ্মোহ সত্য ! ভগৱানৰ দুবাহুত কলংকিনীক গুজি দি শ্ৰীচৰণত পুষ্পাঞ্জলি বৰিষণ কৰে… সেইসকলক চিনি পায়নে তেওঁ?

        সীতাই দৃষ্টি ঘূৰাই আনিলে ৰাধাৰ ফালে৷ সকলো কথা কোৱা হৈ গৈছিল৷ এতিয়া কেৱল ৰাধাৰ মনোভাৱ জানিব লাগিব৷ তেওঁৰ ওচৰত হয়তো নাথাকিব পাৰে কোনো উত্তৰ; কিন্তু সীতাৰ উক্তিয়ে আজি স্পৰ্শ কৰিব পাৰিব লাগিব তেওঁৰ অন্তৰাত্মা৷

        কিন্তু… এয়া কি? সীতা অবাক হৈ পৰিল– ৰাধাচোন একেবাৰেই নিৰ্বিকাৰ৷ অধৰত স্মিত হাঁহি লৈ সীতাৰ ফালেই চাই আছে তেওঁ৷

        এখোজ-দুখোজ কৈ ৰাধা আগুৱাই আহিল সীতাৰ সমীপলৈ৷ ঠিক তেওঁৰ সন্মুখত ৰৈ এখন হাত জানকীৰ কান্ধত ৰাখিলে৷ সদা প্ৰসন্ন এটি হাঁহিয়ে যেন ঢৌ খেলি গ’ল হৃদয়ৰপৰা শৰীৰলৈ৷

        “নহয় হেৰা মিথিলেশনন্দিনী; ভুল হৈছে তোমাৰ৷” ৰাধাৰ মুখত পুনৰ সেই অম্লান স্মিত হাঁহি৷

        অবাক হৈ পৰিল সীতা৷ কি কয় ৰাধাই– ভুল হৈছে…? কিয় ভুল হৈছে… ক’ত ভুল হ’ল?

        কৌতূহলপূৰ্ণ দৃষ্টিৰে সীতাই ৰাধাৰ ফালে চালে… অথচ চিৰ চঞ্চলা ৰাধাৰ অংগী-ভংগী সকলোতে ইমান প্ৰত্যয় !

        “হয় জানকী, ভুল হৈছে তোমাৰ৷ তোমাৰ দৃষ্টিভংগী, তোমাৰ বিবেচনাতে হৈছে সেই ভুল৷ মানি ল’লোঁ বাৰু, সাহসী আছিলা তুমি৷ মনৰ দৃঢ়তাৰে তচনচ কৰিছিলা প্ৰেমিক ৰাৱণৰ হৃদয়; কিন্তু… কিন্তু সেয়াওতো আছিল মাথোঁ এক পাষাণ পৰিচয়৷ কোৱাঁ সীতা– ৰাৱণৰ প্ৰেম নিষ্পাপ আছিল, সেয়া তাৰমানে তুমিও বুজিছিলা৷ নহ’লে… অগ্নিয়ে স্পৰ্শ কৰিব নোৱৰা শৰীৰৰ ভিতৰৰ মনটো তুমিওতো হেৰুৱাইছিলা৷ তোমাৰ স্বীকাৰোক্তিত আজি ময়ো ভাবিবলৈ বাধ্য হৈছোঁ– অযোধ্যালৈ উভতি আহি সেই মনৰ দৃষ্টিৰেই জানো তুমি অংকন কৰা নাছিলা তোমাৰ প্ৰেমৰ প্ৰতিচ্ছবি ? অথচ… প্ৰকাশ্যে তেওঁক ইমান যন্ত্ৰণা দি অৱশেষত তুমি কি পালা ? গৰ্ভত বিশ্বাসৰ বীজ লৈ বনবাস ? কোৱাঁ হে মৈথিলী ? ”

        মৌন হৈ পৰিল সীতা… নিৰ্বাক, নিষ্পন্দ, স্থবিৰ৷

      আৰু ৰাধা! সুগভীৰ প্ৰত্যয়দীপ্ত তেওঁৰ কণ্ঠ– “হ’ব পাৰোঁ চিৰ কলংকিনী মই; তথাপি… তথাপি মোৰ মনত নাই কোনো আক্ষেপ৷ সৌৱা… সৌৱা চোৱাঁ সীতা– জগতৰ ঈশ্বৰ তেওঁ, মোহন কানাই৷ কিন্তু… বন্দীত্বৰ শৃংখলচোন মোৰেই হৃদয়ত !”

       হতবাক হৈ পৰা সীতাৰ কান্ধৰপৰা নিজৰ হাতখন নমাই আনিলে ৰাধাই৷ দুখোজ আগুৱাই গ’ল যমুনাৰ ফালে– “মই কাকো প্ৰতাৰণা কৰা নাই৷ অক্ষম স্বামীৰ অহৈতুকী গঞ্জনা সহি সহি নিঃশেষ হৈ যোৱা নাই মই৷ মোৰ… মোৰ বুকুৰ কালিন্দী-যমুনাতে মোৰ প্ৰেমৰ আশ্ৰয়৷ ”

        সীতাৰ ফালে চালে ৰাধাই– “ক’তা… তেওঁৰ বিগ্ৰহৰ কাষত আজিও কিয় নাই ৰুক্মিণী-সত্যভামাৰ পৰিচয় ? ”

        শিঁয়ৰি উঠিল জনকনন্দিনী৷

       নিৰ্বাক-নিৰুত্তৰ জানকীৰ ফালে পুনৰ আগুৱাই আহিল ৰাধা– “নালাগে মোক এইবোৰ প্ৰশ্নৰ উত্তৰ সীতা; কিয়নো উত্তৰবোৰ আচলতে প্ৰশ্নতেই সোমাই আছে৷ জানা সীতা– তোমাৰ দৰে মোৰ মনৰ দৃঢ়তা নাছিল৷ আবেগবিহ্বলা মোৰ এই হৃদয়৷ তথাপি… আজিও প্ৰতিটো শৰতৰ পূৰ্ণিমাতে মোৰ বুকুৰ বৃন্দাবনতে কিয় সকলোৰে আশ্ৰয় ? ”

        ৰাধাই এইবাৰ কাষ চাপি আহি দুয়োখন হাত সীতাৰ কান্ধত থ’লে৷ উজলি উঠিল তেওঁৰ অনিন্দ্যসুন্দৰ মুখ৷

      “চকু মেলি চোৱাঁ এবাৰ হে জনকনন্দিনী! সকলোতে দেখা পাবা সেই গোপন, অথচ শাশ্বত সত্য– ‘প্ৰতিগৰাকী নাৰীয়ে পিন্ধে কেৱল তোমাৰ বেশ-ভূষা; কিন্তু হৃদয়ত গোপনে আশ্ৰিত হয় মোৰেই সত্তা’৷”

      ৰাধাই আৰু একো ক’বলৈ নিবিচাৰিলে৷ মূকপ্ৰায় হৈ পৰা সীতাৰ কাষৰপৰা এখোজ-দুখোজকৈ আগুৱাই আহিল স্ৰোতস্বিনী যমুনাৰ ফালে৷ দিগন্তত বুৰ গ’ল দিনমণি৷ বিলীন হৈ পৰিল নীড়মুখী পখীৰ কলৰৱ চৌপাশৰ তমসাৰ বুকুত৷

        লাহে লাহে যেন বাঢ়ি আহিল নিৰৱধি যমুনাৰ বুকুত অশান্ত উৰ্মিমালাৰ কোলাহল…৷

…  …  …  …  …  …  …  …  …

[একে শিৰোনামৰ এটি কবিতাৰ গল্পৰূপ]

লেখকৰ ঠিকনা :

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ; জগন্নাথ বৰুৱা মহাবিদ্যালয়

যোৰহাট – ১৷ ভ্ৰাম্যভাষ – ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close