Written by 7:46 pm Articles

অবাৰিত শৃংখল-দাসত্বৰ

 সঞ্জীৱ সভাপণ্ডিত

ডেকা-গাভৰু বয়সত দেহা উজান-ভাটী কৰাৰ নিচিনাকৈ প্ৰৌঢ় বা বৃদ্ধ বয়সত মানুহৰ মনেও অতীত-ভৱিষ্যতৰ মাজত উজান-ভাটী কৰি থাকে৷ ডেকা-গাভৰু বয়সত যৌৱনৰ জোৱাৰত মন-কাগজৰ নাওখন উজান-ভাটী কৰে সংগমৰ তাড়নাত বা মিলনৰ আকাংক্ষাত৷ তেতিয়া কামনাৰ বাসনাত মন দহে, দেহা জ্বলে৷ তেতিয়া অনেক কথাই তুচ্ছ হৈ পৰে৷ পৰিয়াল-সমাজ-বয়সৰ সকলো বান্ধোন ছিঙি পেলাবলৈ দেহত-মনত হাজাৰ হাতীৰ বল সৃষ্টি হয়৷ বহু কথা বিৱেচনাৰ বাহিৰলৈ গুচি যায়৷ বহু কথা ভাবিব নোৱাৰা হৈ যায়৷ পৰিণতি বা ফলাফললৈ ভ্ৰূক্ষেপ নকৰা হৈ যায়৷

কিন্তু প্ৰৌঢ় বয়স অতিক্ৰম কৰাৰ পাছত অতীত-ভৱিষ্যত-বৰ্তমানৰ মাজত মনটোৱে যেতিয়া অহা-যোৱা কৰে, তেতিয়া দৃষ্টিত ধূসৰতা নাথাকে৷ অভিজ্ঞতাৰ গধুৰ চালনীত আবেগ ৰৈ  যায় আৰু বাস্তৱ সৰি পৰে৷ আগতে শুদ্ধ বুলি ভবা বহুত কথা ভুল  যেন লাগে বা ভুল বুলিয়ে প্ৰতিপন্ন হয়৷ তেতিয়া মানুহে নিজকে ধিক্কাৰ দিয়ে– ধেৎ, মই এনেয়ে  সেইবিলাকত লাগি থাকিলো! ইমানদিনে  সেইবোৰ নকৰা হ’লে মই বহুত কিবা কিবি কৰিব পাৰিলোঁহেতেন৷ ইচ্‌, মই এনেয়ে বহু ভুল কৰিলোঁ৷

বয়সৰ এনে মোহনাত বহি আজি ২০২২ চনত, ১৮২২ চনৰ পৰা বৈ অহা সময়বোৰ ফঁহিয়াই চালোঁ৷ কি যে বিচিত্ৰ ঘটনাপ্ৰৱাহ পাৰ হৈ গ’ল! কত মানুহ কত কথাৰ কাৰণে শ্বহীদ হৈ গ’ল! শোষণজৰ্জৰ সহস্ৰ মানুহৰ আৰ্তনাদ আৰু নুশুনো বুলি কোৱা মানুহেও পৃথিৱীৰ সৰ্বত্ৰ সেই হাহাকাৰকে শুনি গ’ল৷ ‘নাকান্দিবা নাকান্দিবা’ বুলি ৰাইজক আশ্বস্ত কৰিবলৈ বিচৰা বলিষ্ঠ সেই কণ্ঠস্বৰ বা কঁকালত টঙালি বান্ধি বিপ্লৱ কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনোৱা মানুহজনো ক’ৰবাত হেৰাই গ’ল৷ আৰু ঠিক তেনেকৈ নিপীড়ণকাৰী, দানৱৰূপী এক অশৰীৰি শক্তিৰ বিৰুদ্ধে যুঁজি জয়ী হ’ব পাৰিম বুলি ধাতৱ দৃঢ়তা প্ৰকাশ কৰা কথাবোৰো ‘কিবা’ হৈ গ’ল৷

সেই অপশক্তিৰ কেতিয়াবা ক’ৰবাত ৰূপ আছিল ৰাছিয়াৰ ‘জাৰ’ হিচাপে, কেতিয়াবা ভাৰতত আছিল বৃটিছ উপনিৱেশকাৰী হিচাপে, কেতিয়াবা চীনত আছিল চিয়াং কাই-শ্বেক হিচাপে বা কেতিয়াবা ৰূপ আছিল আমেৰিকাত ক্ৰীতদাসৰ বেপাৰী হিচাপে৷

 এনেকুৱা অজস্ৰ অত্যাচাৰী শাসক ক্ষণিকৰ কাৰণে পৰাজিত হ’ল বা দৃশ্যপটৰ পৰা আঁতৰ হ’ল; কিন্তু প্ৰায় তাৎক্ষণিকভাৱেই সিবিলাক আকৌ নতুন ৰূপত পুনৰ আৰ্ৱিভাৱ হ’ল– হয়তো এইবাৰ নতুন উপাদানেৰে অধিক শক্তিশালী হৈ বা হয়তো শোষিত-লাঞ্চিতজনো দুদিনতে টেবুলখনৰ সিপাৰে পুৰণা শত্ৰুৰ সাজজোৰকে পিন্ধি বহিল৷ তথাপি অন্ধকাৰ সুৰংগৰ শেষত পোহৰ আছে বুলি মানুহক কোৱা হ’ল৷ জঁয়াল ৰাতিও শেষ হ’ব বুলি কোৱা হ’ল৷ নিশাচৰ জীৱ-জন্তু-চৰাই-ডাইনী-পিশাঁচ-ভূতৰ কিৰিলী-অট্টহাস্যও শেষ হ’ব বুলি কোৱা হ’ল৷ কিন্তু ৰামধেনু ওলোৱা আকাশখন নীলা আকাশ নহ’ল বা প্ৰভাতী পক্ষীৰ গুঞ্জনৰ কলৰৱৰে মুখৰিত আকাশখনৰ তলত আমাৰ সেই ‘পুৰণা ৰাইজ’ একেই থাকিল৷ প্ৰজন্মৰ পাছত প্ৰজন্মই সেই একেই অভিযোগকে কৰি আহিছে যে তেওঁলোকৰ দুখ-দুৰ্দশাৰ অন্ত পৰা নাই৷ ১০০/২০০ বছৰৰ আগৰ কাহিনী যি, অলপ ইফাল-সিফাল কৰি এতিয়াও সেই একেই কাহিনী– ধৰ্ষণ, ভোক, পুষ্টিহীনতা, দাৰিদ্ৰ, কৰ্মহীনতা, শিক্ষাহীনতা, গৃহহীনতা, হত্যা, ধৰ্মান্তৰকৰণ, লুণ্ঠন, ঠগ, প্ৰৱঞ্চনা, বাৰ্ধক্যৰ নিঃসংগতা সকলো একেই আছে; আৰু যি দেখা গৈছে সেই সকলোবোৰ একেই থাকিব৷ নকমেতো নকমেই; বৰং বাঢ়িবহে৷

দাস প্ৰথাৰ কথাকে  কওঁ৷ পৃথিৱীৰ সকলো ঠাইতে মানুহে মানুহক দাস কৰি ৰখাৰ কাহিনীৰে মানুহৰ ইতিহাস বিধৌত৷ কি গ্ৰীচ, কি ৰোম, কি মিছৰ, কি চীন, কি ভাৰত, কি জাপান- ইতিহাসে চিনি নোপোৱা দিনৰে পৰা ক্ষমতাৱানবিলাকে দুৰ্বলীক বিভিন্ন ধৰণে দাস কৰি ৰাখিছিল৷ খেতিত কাম কৰি দিবৰ কাৰণে, ৰাস্তা-পথ-সৌধ-অট্টালিকা নিৰ্মাণ কৰিবৰ কাৰণে, যৌন ক্ষুধা পূৰণৰ কাৰণে-বিভিন্ন কাৰণে৷ খ্ৰীষ্ট জন্মৰ আগৰে পৰা ৰজা, ৰাণী সকলোৰে মানসিক দিগন্তত দাস এটা অবিচ্ছেদ্য অংগ আছিল৷ তাৰো বহুদিনৰ পাছলৈকে অৰ্থাৎ ১৭-১৮ শতিকালৈকে ৰজা-ৰাণী-জমিদাৰ-শাসক সকলোৱে নিজৰ নিজৰ দাস ৰাখিছিল৷ আনকি দাসৰ কাৰণে যুদ্ধও কৰিছিল৷ দাসৰো শ্ৰেণী বিভাগ কৰিছিল৷ ধুনীয়া দীপলিপ দাসী গাভৰুক ৰাজপৰিয়ালৰ পুৰুষে যেনেকৈ যৌন উপভোগৰ বাবে ৰাখিছিল, তেনেকৈ মিছৰৰ ক্লিয়’পেট্ৰাৰ নিচিনা মহাৰাণীয়ে সবল সুন্দৰ সুঠাম  দেহৰ ডেকা দাসক নিজৰ অতৃপ্ত যৌন ক্ষুধা পূৰণৰ কাৰণে গুপুতে নিয়োগো কৰিছিল৷

তেনে দাসপ্ৰথা সৌ সিদিনালৈকে অৰ্থাৎ ঊণবিংশ শতিকালৈকে বা বিংশ শতিকাৰ আগভাগলৈকে আমেৰিকাতো বিনদ্বিধাই চলি আছিল৷ আনকি ইউৰোপো তাৰ ব্যতিক্ৰম নাছিল৷ D.H. Lawrence -অৰ Lady Chatterley’s Lover কিতাপতে আমি তাৰ উমান পাওঁ বা Twelve Years a Slave চিনেমাতে আমি এইবিলাকে দেখা পাওঁ৷ 

ভাৰততো দাসপ্ৰথা নিৰ্বিঘ্নে অতীজৰে পৰা আজিলৈকে চলি আছে৷ আগতে ৰজা-মহাৰজাই দাসক চাবুকেৰে কোবাইছিল, বন্ধা খটা গোলাম কৰি ৰাখিছিল৷ পুৰুষানুক্ৰমে একোটা পৰিয়াল একোজন মাটিগিৰিৰ দাস হৈ ৰৈছিল৷ আমাৰ ইয়াত চাহবাগান খুলিবলৈ অহা ইংৰাজে ঘৰ-বাৰী-সমাজ-মহিলা সংগী এৰি আহি অকলশৰীয়া হৈ পৰি, আদিবাসী গাভৰুকে যৌনদাসী কৰি ৰাখিছিল৷ অৰুণাচলৰ ‘ডফলা’-‘আদি’ মানুহে ভৈয়ামৰ মানুহ ধৰি নি হাত ভৰিত শলখা  লগাই গঁৰালত ভৰাই কাম কৰা দাস কৰি ৰাখিছিল৷ ভূটীয়াবিলাকেও অসমৰ ভৈয়ামৰ মানুহ এনেকৈ ধৰি নি দাস কৰিছিলগৈ৷ আৰু শুনিবলৈ বেয়া লগা কথা হ’লেও তেনেকুৱা গোলামবিলাকে তেওঁলোকৰ সেই জীৱনকে গ্ৰহণ কৰিছিল আৰু এক প্ৰকাৰৰ সন্তুষ্টিৰেই জীৱন কটাইছিল৷ Arvind Adiga নামৰ এজন লেখকৰ বুকাৰ পুৰস্কাৰ পোৱা White Tiger কিতাপত এনে এটা কাহিনী আছে, য’ত দেখুওৱা  হৈছে যে গোলামবিলাকে তেওঁলোকৰ জীৱনৰ এক অৱধাৰিত সত্য হিচাপেই নিজৰ দাসত্ব মানি লয়– লয়, লৈয়ে থাকে, যেতিয়ালৈকে কিবা এটা কথাই তেওঁলোকক সেই অৱস্থাৰ পৰা ভাঙি-ছিঙি ওলাই আহিবলৈ প্ৰৰোচিত নকৰে৷ এই সাংঘাতিক কাৰক দুটা হ’ল ‘অপৰাধ’ আৰু  ‘ৰাজনীতি’৷ দাসবিলাকে নিজৰ চক্ৰবেহুৰ পৰা ওলাব পাৰিবলৈ এই দুটা কামৰ কোনোবা নহয় কোনোবা এটা বা দুয়োটা কৰিব লাগিবই বুলি কিতাপখনত কৈছে৷

আমেৰিকাত কৃষ্ণাঙ্গসকলে সন্মুখীন হোৱা বৰ্ণবাদী অসমতা আৰু অস্পৃশ্যতা আঁতৰ কৰিবলৈ তেওঁলোকে প্ৰথমে ৰাজনীতিৰে আশ্ৰয় লৈছিল৷ এই কাম (CIVIL RIGHTS MOVEMENT) প্ৰথমে সজোৰে আৰম্ভ হৈছিল ১৯৫৫ চনত আলাবামাৰ মণ্টগোমাৰীত যেতিয়া ৰ’জা পাৰ্কছ্ নামৰ কৃষ্ণাঙ্গ মহিলাগৰাকীয়ে এখন ৰাজহুৱা বাছত এজন শ্বেতাঙ্গ যাত্ৰীয়ে দাবী কৰামতে বহা আসন এৰি দিবলৈ অমান্তি হৈছিল৷ তাৰ আগলৈকে– ১৮৬৩ চনত আব্ৰাহাম লিংকনে আইন কৰি, দাস প্ৰথা বিলুপ্ত কৰাৰ আগলৈকে, মালিকবিলাকে ক’লা দাসবিলাকক মন গ’লেই  বা কিবা ‘শিক্ষা’ দিবলৈ গুলীয়াই বা ফাঁচী দি হত্যা কৰিছিল, ঘৰ-দুৱাৰ জ্বলাই দিছিল বা চাবুকেৰে কোবাইছিল৷ কিন্তু তাৰ পাছতো বিভিন্ন প্ৰকাৰে দাসপ্ৰথা চলিয়েই আছিল৷

দক্ষিণ আফ্ৰিকাত এই কাম, অপৰাধ-হিংসা-হত্যা-লুণ্ঠন আদিৰে আৰম্ভ হৈছিল৷ নেলচন মেণ্ডেলা বা তেনে অন্যান্যসকলে প্ৰথমে হিংসাৰ বাটেই লৈছিল- বৰ্ণবৈষম্যৰ দাসত্ব বা সাধাৰণ  দাসত্ব আঁতৰ কৰিবৰ বাবে৷

 এইবিলাক কথাই মোৰ কাণত বাজি আছিল অবিৰতভাৱে, যেতিয়া মোৰ চকুৰ আগেদি, এখন বিয়াঘৰত, এটা এটাকৈ ‘আধুনিক  দাস’ হাঁহি-মাতি, সুন্দৰ-ধুনীয়া কাপোৰ  পিন্ধি, সোমাই আহি আনন্দ স্ফূৰ্তিত মচগুল হৈ থকা দেখি আছিলোঁ৷ মই ভাবি আছিলোঁ যে আচলতে দাসত্বৰ এটা মৌলিক পৰিৱৰ্তন হৈছে৷ আগৰ দাসে মুক্তি বিচাৰিছিল শোষণ অত্যাচাৰৰ পৰা, পংকিল-ক্লেদাক্ত-অন্ধকাৰময়-শ্বাসৰুদ্ধ-উৱাদিহহীন-বিপন্ন-অসহায় পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰি৷ কিন্তু আজিৰ বৰ্তমানৰ এই দাসবিলাকে অধিক দাসত্বহে দেখোন বিচাৰে৷ তেওঁলোকৰ বিচাৰত এই দাসত্ব পংকিল-ক্লেদাক্ত-অন্ধকাৰময়-শ্বাসৰুদ্ধ-উৱাদিহহীন-বিপন্ন-অসহায় একোৱেই নহয়৷ বৰং ই আধুনিক সময়ৰ এক অপৰিহাৰ্য অলংকাৰহে৷

‘মোৰ চকুৰ আগেদি এই মাত্ৰ পাৰ হৈ যোৱা সৌ ভদ্ৰলোক দাসজনৰ ওচৰলৈ মই কেইদিনমানৰ আগতে গৈছিলোঁ৷ তেওঁ মোৰ বেমাৰৰ বিৱৰণ শুনি এখন প্ৰেছ্ক্ৰিপশ্বন লিখি দিছিল আৰু ৫ টা বিভিন্ন পৰীক্ষা কৰাবলৈকো লিখি দিছিল৷

 ফাৰ্মাচীত গৈ দৰৱখিনি ২২০০ টকাত কিনি লৈ মই কিবা এটা ভাবি সেই ফাৰ্মাচিষ্টজনক সেই দৰৱবিলাকৰ বিকল্প কি কি দৰৱ আছে সুধিছিলোঁ৷ মোক দেখুৱাইছিল একে composition ৰ অন্য দৰৱ৷ এইবোৰ ল’লে মুঠ দাম ১৫০০ টকা পৰিব বুলি ক’লে৷ কিন্তু তাৰ আগতেই মই দৰৱ কিনিলোঁৱেই৷

 পৰীক্ষাকেইটা কৰাবলৈ দিবলৈ গ’লোঁ৷  মুঠ খৰচ ৬০০০ টকা পৰিব বুলি ক’লে৷ অন্য এখনত সুধিলোঁ৷ ৫২০০ টকা পৰিব বুলি ক’লে৷ দামী বস্তুহে ভাল বস্তু বুলি থকা  ধাৰণাৰ ফলত ৬০০০ টকীয়া পৰীক্ষাকে কৰালোঁ৷ আকৌ তেওঁক দেখুৱালোঁগৈ৷ আগৰ ২ টা দৰৱ সলাই নতুনকৈ ৩ টা দিলে৷ আগৰ দৰৱৰ ৫০০ টকা পানীত পৰিল৷

 দৰৱ শেষ হ’ল৷ বেমাৰ ভাল নহ’ল৷ তেওঁক গৈ ক’লোঁগৈ এইবাৰ আকৌ বেলেগ দৰৱ, বেলেগ পৰীক্ষা লিখি দিলে৷

 কৰালোঁ৷ খালোঁ৷

বেমাৰ ভাল নহ’ল৷

পৰিয়ালৰ পৰামৰ্শমতে চেন্নাইৰ এপ’ল’ হস্পিতাল পালোঁগৈ৷ মাথো ১০/১২ দিন আগেয়ে ২৫০০০ টকা খৰচ কৰি কৰা পৰীক্ষাৰ কাগজ তেওঁলোকে চুয়েই নাচালে৷ সকলোবোৰ আকৌ নতুনকৈ কৰালে৷ যিবোৰ ফলাফল আহিল সেইবোৰ আমাৰ ইয়াৰবোৰৰ লগত একো নিমিলিল৷ বেমাৰ বোলে তেনেকে একো নায়েই৷ কেৱল প্ৰেচাৰৰ দৰৱ এটা বঢ়াই দিলে আৰু অন্য কিবা এটা দিলে৷ পৰীক্ষা-নিৰীক্ষাত ১২০০০ টকা খৰচ হ’ল আৰু দৰৱত ৪০০ টকা৷

 বেমাৰ ভাল হ’ল’ … 

 মোৰ কাষত বহি থকা লগৰজনে কৈ থাকিল– ‘সৌজনৰ লেব’ৰেটৰিতে ইয়াৰ পৰীক্ষাবিলাক কৰিছিলোঁ৷ বাহিৰৰ পৰা দেখিলে ধৰিবই নোৱাৰি যে তেওঁ কোনোবা জাল reagent প্ৰস্তুত বা বিক্ৰী কৰা কোম্পানিৰ দাস৷ প্ৰেছ্ক্ৰিপশ্যন লিখা মানুহজনলৈ চালে ধাৰণাই নহয় যে তেওঁ এই দাসজনৰে দাস৷ ফাৰ্মাচিষ্টজনো সেয়েই৷ তেওঁ দাসজনৰ দাসজনৰ দাস৷’ – লগৰজনৰ মাতটো অলপ অলপকৈ ডাঙৰ হৈ গৈ থকা দেখি মই তেওঁক ক্ষান্ত কৰিলোঁ৷

 হয়৷ আগতে দাসৰ এনেকুৱা শৃংখল নাছিল৷ আজিকালি হৈছে৷ দৰৱ প্ৰস্তুত কৰা কোম্পানি আৰু তেজ-দেহ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্য আৰু যন্ত্ৰ-পাতি প্ৰস্তুত কৰা কোম্পানীবিলাকে এই দাসশৃংখল সৃষ্টি কৰিছে৷ আৰু আমাৰ পঢ়া-শুনা কৰি চাৰ্টিফিকেট্ লোৱা সোণামুৱাহঁতে হাঁহি-নাচি, ধিনিকি-ধিনদাও বজাই বজাই আনন্দ মনেৰে এই দাসত্বৰ শিকলি পিন্ধি লৈছে৷ সকলোৱে নহ’লেও প্ৰায়বোৰেই৷

 এই দাসত্বই তেওঁলোকক ভাল  কাপোৰ-কানি পিন্ধিব পৰা কৰিছে, দামী গাড়ী কিনিব পৰা কৰিছে, বিলাসী ঘৰ  সাজিব পৰা কৰিছে, এৰ’প্লেনত উঠি দেশে-বিদেশে ফুৰিব পৰা কৰিছে, দামী মদ খাব পৰা কৰিছে, সন্তানক খৰচী স্কুল-কলেজত পঢ়ুৱাইছে আৰু ক’ব পৰা হৈছে – ‘তহঁতেও গাত  ধূলি-বোকা নলগাবি বুইছ৷ এই দেশৰ  পৰা  ওলাই যাবলৈকে তহঁতক ইমানকৈ পঢ়ুৱাইছোঁ৷’

দাসো যে ৰজা-মহাৰজা হ’ব পাৰে ইয়াতকৈ প্ৰকৃষ্ট উদাহৰণ আৰু কি হ’ব পাৰে!

 মই মাত্ৰ এটা উদাহৰণহে দিলোঁ৷  পাঠকে যেনিয়ে চকু ফুৰায় তেনিয়ে এনে দাস দেখিব৷ মৰম লগাকৈ চালে নিজতো এই দাসজন দেখিব৷

 এবাৰ ফুটবলৰ ৰাজপুত্ৰ ডিয়েগ’ মাৰাড’নাই এখন খেলৰ পৰা খঙতে আধাতে ওলাই গুচি আহিছিল৷ কাৰণটো সোধাত কৈছিল যে তেওঁক তেওঁৰ জাৰ্চী sponsor কৰা কোম্পানিটোৱে কৈছিল যে ‘তোমাক এই টকা দিয়া হৈছে যাতে তুমি ফিল্ডখনৰ এইখিনি ঠাইতে ঘূৰা-ফিৰা  কৰি থাকাঁ৷ খেলখন টেলিকাষ্ট কৰাৰ স্বত্ত্ব পোৱা কোম্পানিৰ লগত আমাৰ চুক্তি কৰা আছে যে তোমাৰ জাৰ্চিত থকা আমাৰ কোম্পানিৰ ল’গ’টো প্ৰতি মিনিটত ১ বাৰকৈ দৰ্শকে দেখিবলৈ পাব লাগিব৷ তেওঁলোকৰ দুটা কেমেৰা কেৱল তোমাৰ কাৰণেই নিয়োজিত কৰা হৈছে৷’ 

গতিকে দৌৰিবলৈ সুবিধা থকা সত্ত্বেও, বললৈ বুলি চোঁচা লোৱাৰ প্ৰয়োজন থকা সত্ত্বেও, মাৰাড’না ৰৈ থাকিব লগা হৈছিল৷ দৰ্শকে তেওঁক ইতিকিং কৰিছিল৷ খেলখন তেওঁৰ দলৰ বিপক্ষে গৈছিল৷ কিন্তু তেওঁ কঁকালত হাত দি মাটিত গুৰিয়াই গুৰিয়াই গুজৰি-গুমৰি থাকিবলগীয়া হৈছিল আৰু অতিষ্ঠ হৈ এটা সময়ত খেলপথাৰৰ  পৰা বাহিৰ ওলাই আহিছিল৷

 এই কথাৰ বহুল চৰ্চা হৈছিল৷ কিন্তু এই বহুজাতিক কোম্পানীবিলাক এনেকুৱা  নৃশংস, এনেকুৱা ঘাটক, এনে প্ৰভাৱশালী যে কোনেও তেওঁলোকৰ নোমকে লৰাব নোৱাৰিব যেন! তেওঁলোকৰ হৈ মাত মাতিবলৈ– তেওঁলোকৰ সপক্ষে যুক্তি দিবলৈ- তেওঁলোকৰ গুণানুকীৰ্তন কৰিবলৈ, আমাৰ এই আধুনিক দাসবিলাক সদা প্ৰস্তুত হৈ থাকে৷

যেনে তেনে চুঁচৰি-বাগৰি কিবা প্ৰকাৰে এনে দাসত্বৰ জিঞ্জিৰি পিন্ধিবলৈ  তেওঁলোক উদগ্ৰীৱ৷ বু্‌দ্ধদেৱে বছৰৰ পিছত বছৰ তপস্যা কৰি যি গভীৰ জ্ঞান লাভ কৰিছিল মানুহৰ মনৰ মুক্তিৰ বাবে – সেই মুক্তি বা নিৰ্বাণ এওঁলোকে এনে দাসত্বৰ মাজতে বিচাৰি পায়৷

এওঁলোক সকলোৱে মিলি ইয়াক আধুনিক মানৱ সভ্যতাৰ সঁচাৰকাঠি বা অমোঘ বিধান বুলি গঢ় দিছে৷  ‘This is the new world order’- তেওঁলোকে কয়৷ তেওঁলোকে কথাটোক দাসত্ব বুলি নকয়; কয় এই বুলি – নতুন বিশ্বনীতি৷

 কিন্তু যেতিয়া জীৱন-মৰণৰ কথা হয় যেতিয়া অসুখ-পীড়াত দেহা চাটি-ফুটি কৰি থাকে, তেতিয়া এই প্ৰেছ্ক্ৰিপশ্বন লিখা মানুহজনৰ ওচৰলৈকে দৌৰি যোৱা যায়৷ তেৱোঁ দাস বজাৰৰ নিয়মমতে কামবোৰ কৰি যায় আৰু পৰীক্ষাগাৰলৈ ঠেলি দিয়ে৷ তেওঁৰো উপায় নাই – ইমান বেমাৰী কাক কেনেকৈ চাব! লক্ষণৰ ওপৰত ভিত্তি কৰি কিবা এসোপা লিখি দিয়ে আৰু বাকীখিনি নিজৰ অনুমানৰ সত্যতা নিৰূপণৰ বাবে পৰীক্ষাৰ মাজলৈ পঠিয়াই দিয়ে৷ তেওঁ জানে যে সেইখিনি নকৰালে আচলতে তেওঁ চিকিৎসা কৰিবও নোৱাৰে আৰু সেইখিনি নকৰাকৈ সমুখৰ ভেড়াটো সাৰিও যাব নোৱাৰে৷

কথাটো ঠিক তান্ত্ৰিক বা জ্যোতিষীৰ কাৰবাৰবিলাকৰ নিচিনা৷ তেওঁলোকৰ ওচৰলৈ যোৱা মানুহ দেখিলে তেওঁলোকে বুজেই যে এইজন অলপ ধতুৱা৷ গতিকে অলপ ভয় খুৱাই দিয়াই ভাল৷ গতিকে শনি বেয়া, ৰাহু বেয়া স্থানত আদি কথাবোৰ কৈ নিজৰ শৰণাপন্ন কৰি লয়৷ তাৰ পিছত বাকী তাবিজ-পূজা-দান-দক্ষিণা আদি কথাবোৰ চলি গৈ থাকে৷ আধ্যা নপৰালৈকে এই কাম চলি থাকে৷

সেই মানুহজনেও জানে যে আতুৰত পৰি আহিছে যেতিয়া যিহকে কওঁ তাকেইতো কৰিব৷

 গতিকে তেওঁ তেওঁৰ কাৰ্যক্ৰমণিকা চলাই থাকে৷ তেওঁলোকৰ প্ৰায়বিলাকৰে কোনো পঢ়া-শুনাৰ নাম-গোন্ধ নাই৷ অন্য দাসে যি দৰৱ লিখিবলৈ দিয়ে তাকে লিখে৷ যি পৰীক্ষা য’ত  কৰাবলৈ কয় তাতে কৰিবলৈ দিয়ে৷

আৰু এনেকৈয়ে মানৱ জাতিয়ে সভ্যতাৰ কলংক বুলি মচি পেলাবলৈ বিচৰা দাসত্ব বিজ্ঞান-প্ৰযুক্তিৰ চূড়ান্ত উন্নতিৰ দিনতো সুন্দৰকৈ চলি আছে – কেৱল নতুন আংগিকেৰে, নতুন ৰূপসজ্জাৰে, নতুন বৈভৱেৰে, যেনেকৈ পতিতা-বাৰবণিতা-দেহোপজীৱিনী-বেশ্যা আদি গৰিহণাযোগ্য বৃত্তিও সুন্দৰকৈ চলি আছে  Call Girl, Consort, Comfort Woman, Escort, Joint pick up আদি শুৱলা শব্দৰ আভৰণেৰে৷

 আমিবিলাকো চলি থাকিব লাগিব এইবিলাকৰ মাজে মাজে – আমাৰ এজন প্ৰথিতযশা সাহিত্যিক বৰষুণৰ মাজে মাজে ছাতি নোলোৱাকৈয়ে গাত পানী নপৰাকৈ গৈ থকাৰ দৰে৷ কাৰণ দাসেই যদি নিবিচাৰে মুক্তি, মই কোন বাম উকীলৰ দৰে ওপৰতে গৈ মাত মাতিবলৈ! মোক বা গুৰুত্বই কিয় দিব! ওলোটাই বলিয়াৰ প্ৰলাপ বুলি প্ৰহৃতহে হ’ব লাগিব৷

 গতিকে নিজৰ এখন সৰু বিশ্ব সৃষ্টি কৰি তাতে আনন্দ পাই বসবাস কৰি থাকিবলৈ চেষ্টা কৰাই ভাল৷ আজিৰ তাৰিখত আন এটা ফৰাচী বিপ্লৱ বা ৰুছ বিপ্লৱ বা চীনা বিপ্লৱ আৰু সম্ভৱ নহয়৷ সাম্যবাদী ৰাছিয়া আৰু চীনৰ ৰেহৰূপো আমি দেখিছোঁ৷ তেওঁলোকৰ আদৰ্শ সাৰোগত কৰি ইয়াত কাম কৰিবলৈ কঁকালত টঙালি বন্ধা মানুহবিলাকৰো মোহভংগ হৈছে৷

 বিজ্ঞান-প্ৰযুক্তি-ইণ্টাৰনেট- Virtual Reality আদিৰ যুগত সাধাৰণ সংজ্ঞাৰে বুজাব বা বুজিব পৰা মানুহ হৈ থকাটোৱেই কঠিন কাম হৈ পৰিছে৷ আনহাতে প্ৰতিজন মানুহেই দাস – প্ৰতিজন মানুহেই শোষক৷ পাচলি বেপাৰীটোও দাস-শোষক, ৰাজমিস্ত্ৰী-কাঠমিস্ত্ৰীজনো দাস-শোষক, শিক্ষক-ছাত্ৰ-ছাত্ৰীও দাস-শোষক, সন্তান-পিতৃ-মাতৃও দাস-শোষক – সকলোতে এই অভিধা প্ৰযোজ্য হৈ পৰিছে৷

এয়া হতাশাৰো কাৰণ আৰু আনহাতে ভবা-চিন্তা কৰিবলৈকো এটা উপাদান৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Last modified: May 15, 2025
Close Search Window
Close