চপৰাবোৰ
তেওঁৰ চকুলৈ আহে
বাস্তৱত আনকি সপোনতো
চপৰাবোৰ ভাগি যায়
ভাগি যায়
হালধীয়াৰ সপোন তাত নাথাকে
কেতিয়াবা বোকা আৰু বোকা
তাৰ ৰন্ধ্ৰত
সোমাই থকা স্বর্ণলিপি
চন্দ্ৰকুমাৰৰ ‘ফুলা সৰিয়হডৰা’ তেওঁ পঢ়া নাই
অথচ
চপৰা ভাঙিব জানে তেওঁ
হালধীয়াৰ সাগৰত পাৰি দিবৰ বাবে
কাতিৰ আকাশে কয়
বীজ সিঁচি দিয়াঁ
চপৰাৰ সৌন্দর্যই
লহৰ তোলে
বিস্তীর্ণ হালধীয়াত
তেওঁৰ গাত লাগি আছিল বোকা
হালধীয়াই আপডালৰ সুৰত ক’লে :
অ’ বোকা
অ’ বোকা
মোৰ বাবেই তোৰ আয়ুস বাঢ়ক
চুলি ছিঙি আশীৰ্ৱাদ কৰিছোঁ
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 6 times, 1 visit(s) today
Last modified: May 12, 2025