ঘোষণা
অন্যযুগ পক্ষৰ পৰা ২০২০ চনৰ পৰা প্ৰৱৰ্তন কৰিবলৈ মনস্থ কৰা অন্যযুগ সাহিত্য সন্মান কৰ’না মহামাৰীয়ে সৃষ্টি কৰা আতঙ্কময় পৰিস্থিতিৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পৰিস্থিতি ক্ৰমে ক্ৰমে স্বাভাৱিক অৱস্থালৈ অহাত পূৰ্বৰ বষৰ্ৰ লগতে চলিত বৰ্ষৰ বাবেও এই সন্মানৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে।

প্ৰতিষ্ঠা বৰ্ষৰ (২০২০) বাবে এই সন্মান আগ বঢ়োৱা হৈছে প্ৰথিতযশা কবি, সমালোচক, অনুবাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক এম. কামালুদ্দিন আহমেদলৈ।
এম কামালুদ্দিন আহমেদৰ জন্ম ১৯৬৬ চনত। তেওঁৰ প্ৰকাশিত কবিতা সংকলন ক্ৰমে দুচকুত গছৰ ভৰ বাৰিষা, ধোঁৱাৰ মাজৰ চৰাইটো, বৰষুণ : ৰোমাণ্টিক আৰু এণ্টি-ৰোমাণ্টিক, শুক্ৰেশ্বৰত ফুল কিনোতে, পানীৰ মাজেৰে আৰু দৃশ্যান্তৰ। সমালোচনা গ্ৰন্থ ক্ৰমে আধুনিক অসমীয়া কবিতা, ৰমন্যাসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা আৰু সাহিত্যৰ অভিব্যক্তি। তেওঁৰ দ্বাৰা অনূদিত গ্ৰন্থ হৈছে দ্বৈপায়ন হ্ৰদৰ পাৰ (মূলঃ বাংলা কবিতা সুবোধ সৰকাৰ)।
অধ্যাপক আহমেদদেৱলৈ অন্যযুগ পৰিয়ালৰ হৈ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।

দ্বিতীয় বৰ্ষৰ (২০২১) বাবে এই সন্মান আগ বঢ়োৱা হৈছে প্ৰখ্যাত গল্পকাৰ শিৱানন্দ কাকতিলৈ।
শিৱানন্দ কাকতিদেৱৰ জন্ম ১৯৫৮ চনত, নগাঁৱত। তোখেতৰ প্ৰকাশিত গল্পগ্ৰন্থ হৈছে ক্ৰমে আমৃত্যু অমৃত, গাগিনী পানী তোৰ কিমান, বৰদৈচিলা, প্ৰথমজন দেশপ্ৰেমিক, জলছবিত শেষ সাঁজ, অম্লবৃষ্টি, বৰণীয়া আলিবাট আৰু আলিবাটত। তেখেতৰ দ্বাৰা ৰচিত নাটকৰ সংকলন কেন্দ্ৰবিহীন বৃত্ত আৰু অন্যান্য নাটক। তদুপিৰ তেখেতে স্বৰাজোত্তৰ নগাঁও নিবন্ধমালা আৰু সৰ্বগুণাকৰ নামৰ দুখন গ্ৰন্থ সম্পাদনা কৰিছে।
তেখেত ভাৰতীয় ষ্টেট বেঙ্কৰ অৱসৰপ্ৰাপ্ত বিষয়া।