ড° ভাৰত বৰুৱা
(১)
মানৱী জীৱনৰ প্ৰয়োজনবোৰৰ ভিতৰত অন্ন, বস্ত্ৰ, আৰু বাসস্থানেই অগ্ৰাসন লাভ কৰি আহিছে। আন মৌলিক প্ৰয়োজনৰ ভিতৰত হৈছে বায়ু আৰু পানী, যি দুটা অতি সহজতে প্ৰকৃতিৰ পৰা উপলদ্ধ হয়। আমি যদি আজিৰ যান্ত্ৰিক বা আধুনিক যুগৰ পৰা আঁতৰি যাওঁ, মানৱে এই অন্ন, বস্ত্ৰ, আৰু বাসস্থানক কেৱল জীৱন ধাৰণৰ মৌলিক উপায় হিচাপেই লোৱা নাই। অতি সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে প্ৰতিটো প্ৰচীন সভ্যতাই খুউব আটোমটোকাৰিকৈ এই তিনিবিধক সভ্যতাৰ বহিঃপ্ৰকাশ হিচাপে দৰ্শাই আহিছে। সেই প্ৰচীন সভ্যতাৰ বাবে জলবায়ু আৰু সম্পদৰ উৎসৰ উপস্থিতি মূল কাৰক আছিল দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰ্তিৰ। ঔদ্যোগীকৰণৰ আগৰ ভাগত জলবায়ু আৰু প্ৰকৃতিক (নৱীকৰণযোগ্য বা অনৱীকৰণীয়) সম্পদেই এটা সভ্যতাৰ অন্ন, বস্ত্ৰ, আৰু বাসস্থানৰ ওপৰত গুৰুতৰভাৱে প্ৰভাৱ পেলাইছিল। যি অঞ্চলত পানীৰ উৎস আছিল আৰু প্ৰকৃতি সুচল আছিল সেই অঞ্চলত মূলতঃ খেতি কৰি খাদ্য উৎপাদন কৰাৰ সুযোগ আছিল। আনহাতে যিবোৰ অঞ্চল খৰাং আছিল আৰু ভুমি অনুৰ্বৰ আছিল তেনে অঞ্চলত মানুহে খাদ্যৰ বাবে চিকাৰ নতুবা বনৰীয়া ফল-মূল আথবা গুটিৰ ওপৰতে নিৰ্ভৰশীল আছিল। আনহাতে জুইৰ আৱিস্কাৰ হোৱাৰ আগৰ ভাগত খাদ্য পুৰি বা সিজাই খোৱাৰ কোনো উপায় নাছিল। আনহাতে কাপোৰ তৈয়াৰ কৰিবলৈ শিকাৰ আগৰ ভাগত গছৰ বাকলি বা জন্তুৰ ছাল আছিল লজ্জা আৰু শীত নিবাৰণৰ উপায়। ইফালে প্ৰাকৃতিক উৎস যেনে কাঠ, বাঁহ, শিল, বালি আদিৰ পৰা ঘৰ সাজিবলৈ শিকাৰ আগভাগত মানুহৰ বাসস্থান আছিল গুহা অথবা গছৰ খোৰোং। মানৱ সভ্যতাৰ পাত লুটিয়ালে দেখা যায় যে এই ধৰাতলত যুগ যুগ ধৰি বহু সভ্যতাৰ উত্থান-পতন হৈছে। প্ৰতি সভ্যতাই কি ধৰণেৰে অন্ন, বস্ত্ৰ, আৰু বাসস্থানৰ প্ৰয়োজন পুৰাইছিল সিয়েই সভ্যতাৰ পৰিচয় হৈ পৰিছে।
পিছ বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ আৱৰণিয়ে যেন লাহে লাহে সেই পৰিচয় বিলীন কৰিবলৈ ওলাইছে। গোলকীকৰণৰ প্ৰভাৱে সমগ্ৰ বিশ্বৰেই অন্ন, বস্ত্ৰ, আৰু বাসস্থানৰ ৰূপ বা প্ৰকৃতি যেন একে কৰি পেলাইছে । ঔদ্যোগীকৰণৰ আৰাম্ভণিতে লক্ষ্য আছিল কিদৰে অন্ন, বস্ত্ৰ, আৰু বাসস্থানৰ অভাৱ কম সময়তে আৰু কম খৰচত যুগুতাব পাৰি। পিছে এতিয়া যেন পুনৰ যুগৰ পৰিৱৰ্তন হ’ল। সময়, সুবিধা আৰু খৰছ সকলো যেন এক প্ৰতিযোগিতাৰ কালচক্ৰত সোমাই পৰিছে। এতিয়া মুল প্ৰশ্নটো হ’ল বিজ্ঞানে সকলো সহজ কৰিছে, উপযোগী কৰিছে, আৰু তাৰ বাবে হয়তো উপভোক্তাই বেছি দাম দিবলৈও ৰাজী আছে। পিছে এই অন্ন, বস্ত্ৰ, আৰু বাসস্থানৰ সকলো উপযোগীকৰণ স্বাস্থ্যসন্মত হৈছে নে? যদি নহয় কেৰোণনো ক’ত ? বিজ্ঞানেই এই দূষণৰ বাবে দায়ীনে?
অন্ন :
আধুনিক চহৰীয়া জীৱনত আজিকালি আমি অন্নৰ যোগাৰ কৰিবলৈ প্ৰায় হাট বা বজাৰলৈ যাবলৈ এৰাৰ নিচিনাই হৈছেহি। আমি যাবলৈ ভালপোৱা হৈছোঁ ছুপাৰ-মাৰ্কেটলৈ। বাছকবনীয়া খাদ্য সামগ্ৰীৰে ছানি ধৰিছে – সতেজ, ফ্ৰ’জেন, ল’-ফেট, অতি মাত্ৰাৰ ফেট, মচমচীয়া, দাঁত-ভঙা ইত্যাদি ইত্যাদি। আমি এই ছুপাৰ-মাৰ্কেটত সোমালে এটা চিন্তাই মনত খু-দুৱায়- আচলতে কোনবিধ বেছি স্বাস্থ্যসন্মত। তাৰ ভিতৰৰ স্বাস্থ্যসন্মত নোহোৱাবোৰক আমি জাংক (Junk) বা কুৰ্কুট খাদ্য বুলি ক’বলৈ লৈছোঁ। এতিয়া প্ৰশ্ন হ’ল আমাৰ ছুপাৰ-মাৰ্কেটৰ পৰা স্বাস্থ্যসন্মত খাদ্যবোৰ বাচি লোৱাৰ সুযোগ আছে নে? নে তাৰপৰাও আমি বঞ্চিত? এটা সময় আছিল যেতিয়া বজাৰৰ পৰা মাংস কিনিবলৈ যোৱাসকলৰ মনত এটা ভাব আছিল যে খাহীৰ মাংসৰ লগত বেপাৰীয়ে পঠাৰ মাংস মিহলাই নিদিয়েতো? অন্ততঃ তেতিয়া ৰসায়ন-মিশ্ৰিত খাদ্য বা ৰসায়নত ডুবোৱা খাদ্য পৰিয়ালৰ লোকৰ বাবে কিনি অনাৰ আতংকত ভুগিব লগা নহৈছিল। কিন্তু আজি সকলো সুবিধা থকা ছুপাৰ-মাৰ্কেটৰ পৰা খাদ্য কিনাৰ সময়ত প্ৰতিজন গ্ৰাহকেই মনে মনে শংকিত। কিয়নো আজি আমি ছুপাৰ-মাৰ্কেটত ভৰি দিয়াৰ আগতেই যেন কোনো কোম্পানীয়ে আমি কি কিনিম তাক নিৰ্ধাৰণ কৰি থৈছে। আমি মাথোঁ পকেটৰ ধন ভাঙিব পাৰিলেই হ’ল। খাদ্য-উদ্যোগৰ মূল উদেশ্যই হোৱা উচিত কম সময়ত বিস্তৰ পৰিমাণৰ খাদ্য প্ৰস্তুত কৰাৰ লগতে জনসাধাৰণক স্বাস্থ্যবান কৰি ৰখা। ঔদ্যোগীকৰণে যেন কিবা প্ৰকাৰে স্বাস্থ্যৰ চাবিকাঠি আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ’ল। ইয়াৰ ফলতেই হয়তো যোৱা ৪০ ৰ পৰা ৫০ বছৰৰ ভিতৰত সমাজত মেদবহুলতা আৰু মধুমেহ নামৰ এই দুবিধ ব্যাধিয়ে মহামাৰীৰ ৰূপ লৈছে। পিছে এই দুই ৰোগৰ আন পাৰিপাৰ্শ্বিক কাৰণো নথকা নহয়। কিন্তু যিহেতু দুয়োটাই শৰীৰৰ মেটাব’লিজিমৰ ওপৰত নিৰ্ভৰশীল গতিকে খাদ্যৰ ওপৰতো বহু পৰিমাণেই নিৰ্ভৰশীল।
আজি বৃহৎ খাদ্য আৰু কৃষি উদ্যোগবোৰে সূক্ষ্ম উদ্যোগবোৰক গ্ৰাস কৰিলে। লগে লগে আমাৰ ছুপাৰ-মাৰ্কেটবোৰ এনে কিছুমান খাদ্যৰে ভৰি পৰিল যিবোৰ স্বাস্থ্যসন্মত খাদ্যৰ শাৰীত নপৰে। এই ধাৰা প্ৰথমেই আৰাম্ভ হ’ল তথাকথিত উন্নত দেশবোৰত যেনে আমেৰিকা আৰু ইউৰোপৰ দেশবোৰত। আমেৰিকাত আধুনিক খাদ্যনীতিৰ বীজ ৰোপিত হৈছিল প্ৰথম বিশ্বযুদ্ধৰ সময়তেই। ইয়াৰ মূল লক্ষ্য আছিল কম খৰচত বেছি পৰিমাণৰ খাদ্যৰ যোগান ধৰা। এক কথাত এই নীতি ভেঙুচালি কৰিব পৰা বিধৰ নাছিল। কিয়নো সেই সময়ত আনকি আমেৰিকাতো খাদ্যৰ অভাৱে দেখা দিছিল। ১৯২৯ চনৰ পৰা ১৯৩৯ চনলৈ চলা “ডা গ্ৰেট ডিপ্ৰেশ্বন”ৰ সময়ছোৱাত আমেৰিকাৰ কৃষক শ্ৰেণীয়ে যথেষ্ট খাদ্য উৎপাদন কৰিবলৈ সক্ষম আছিল, কিন্তু সাধাৰণ জনাতাৰ হাতত ক্ৰয় কৰিবলৈ সেই পৰিমাণৰ ধন নাছিল। গতিকে কৃষকসকলৰ অৱস্থা শোচনীয় হ’বলৈ ধৰিলে। কৃষিনীতিয়ে যোগান আৰু চাহিদাৰ সমতা ৰাখিবৰ বাবে কিছু আগধন দি কৃষকক কমকৈ উৎপাদনৰ বাবে উৎসাহ যোগালে। পিছে দ্বিতীয় বিশ্বযুদ্ধ আৰাম্ভ হোৱাৰ লগে লগে বতাহ আনফালে ব’বলৈ ধৰিলে। নতুন ধৰণৰ সাৰৰ উৎপাদন বৃদ্ধিৰ বাবে আৰু পেট্ৰ’লিয়াম উদ্যোগৰ উত্থানৰ ফলত কৃষিগত যন্ত্ৰচালিত সজুঁলিৰ কাৰ্যক্ষমতা বহুগুণে বাঢ়িল আৰু লগে লগে বজাৰ অতিৰিক্ত খাদ্যৰে ভৰি উঠিল। চৰকাৰে যেন যোগান আৰু চাহিদাৰ সমীকৰণ বৰ্তাই ৰাখিবলৈ অসমৰ্থ হৈ পৰিল। ১৯৭০ চনৰ দশকত ক্ষুদ্ৰ কৃষকসকলক আওকাণ কৰি চৰকাৰ বৃহৎ কৃষি-উদ্যোগৰ পৃষ্ঠপোষক হৈ পৰিল। এই অতিকায় উদ্যোগবোৰে উভৈনদী খাদ্যৰ উৎপাদনত উঠি-পৰি লাগিল, লগে লগে নিম্ন মানৰ খাদ্যৰে বজাৰ উপচি পৰিল। মাত্ৰ চাৰিটা দশকৰ ভিতৰতে দেশৰ জনতাক মেদবহুলতা, মধুমেহ আদিৰ দৰে দুৰাৰোগ্য ৰোগে ঘেৰি ধৰিলে। এফালৰ পৰা চাবলৈ গ’লে ই এনে এক বৃহৎ সিদ্ধি যে, অতি কম সময়ৰ ভিতৰতেই দেশৰ জনতাক শকত-আৱত কৰি তুলিব পৰা হ’ল। পিছে তাৰ আন আন কাৰক থাকিলেও আমেৰিকা বৃহৎ পৰিমাণৰ সস্তীয়া খাদ্য উৎপাদনত পাকৈত হৈ পৰিল। খাদ্যৰ লগত জড়িত সকলো দিশৰ ঔদ্যোগীকৰণ ইয়াৰ মূল কাৰণ। বিলাহীৰ পৰা গাহৰি উৎপাদনলৈকে সকলো দিশৰে ঔদ্যোগীকৰণ কৰা হ’ল। লগতে খাদ্যৰ সোৱাদ বিলুপ্ত হ’ল। শাক-পাচলিকে ধৰি সকলো খাদ্যৰ মাইক্ৰ’নিউট্ৰিয়েণ্ট, মেক্ৰ’নিউট্ৰিয়েণ্ট, ভিটামিন, এণ্টিঅক্সিডেণ্ট ইত্যাদি হ্ৰাস পাবলৈ ধৰিলে। মুঠতে আমেৰিকাৰ খাদ্যৰ যেন এয়া এক দুখজনক গল্প যিটো কোনেও ভাবি-গুণি কৰা নাছিল। হয়তো সভ্যতাৰ দৌৰত, উন্নয়নৰ দৌৰত আগৰণুৱা হ’বলৈ যাওঁতে কিছু কথা জানি বা অজানিতে আওকাণ কৰিলে আৰু আজি আমেৰিকাৰ খাদ্য প্ৰকৰণ এক সন্ধিক্ষণত। লগতে বিশ্বৰ আন বহু দেশতো ইয়াৰ প্ৰভাৱ বিৰাজমান। কিয়নো বিশ্বৰ বহু দেশেই আমেৰিকাৰ মুখলৈ চোৱা আৰু আমেৰিকাৰ পথ অনুসৰণ কৰাত সদায় যেন ব্যস্ত। আমেৰিকাৰ খাদ্য-নীতিয়ে আমেৰিকাবাসীক ভজা কেৰাহীৰ পৰা অতল কেৰাহীলৈ স্থানান্তৰ কৰিলে। গতিকে আজিৰ ছুপাৰ-মাৰ্কেট ভৰি পৰিল জাংক বা কুৰ্কুট খাদ্যৰে।
দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই ভাগ লোৱাৰ পাছৰ পৰা খাদ্য জীৱন ধাৰণৰ এক মৌলিক উপাদান হৈ নাথাকিল। খাদ্য হৈ পৰিল জাতীয় প্ৰতিৰক্ষা। চৰকাৰে দেখিবলৈ পাইছিল যে বিশ্বযুদ্ধত ভাগ লোৱা বেছিভাগ যুৱকেই পুষ্টিহীনতাত ভুগিছে। পুষ্টিহীনতাৰ বাবে প্ৰায় ৪ লাখ যুৱকক প্ৰতিৰক্ষা বাহিনীৰ ফিজিকেল টে’ষ্টত নাকচ কৰা হৈছিল। কৃষি আৰু যুদ্ধৰ মাজত সদায়েই এক সংযোগ আছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত তাৰ প্ৰতিফলন দেখা গ’ল। এক কথাত সামৰিক বাহিনীয়ে খালীপেটেৰে কুচ-কাৱাজ কৰে। আমেৰিকাৰ সৈন্যই যাতে বিদেশত যুদ্ধ কৰাৰ সময়ত পুষ্টিহীনতাত নোভোগে তাৰ বাবে আমেৰিকাৰ সামৰিক বাহিনীয়ে প্ৰচুৰ পৰিমাণৰ অৰ্থ ব্যয় কৰিলে। এই চিন্তাৰ আধাৰতেই খাদ্য-উদ্যোগে তিনিটা নিপুণ বুদ্ধি উলিয়ালে- ডিহাইড্ৰেশ্বন, গ্লাছ-ফ্ৰিজিং আৰু পাতল পেকেজিং। খাদ্যৰ পেকেজ সুবাহ্য বা প’ৰ্টেৱল হোৱাটো অতি জৰুৰী হৈ উঠিল। সোৱাদ সিমান জৰুৰী নহয়। সামৰিক বাহিনীয়ে যাতে যুদ্ধ কৰিবৰ বাবে উপযুক্ত পৰিমাণৰ কেল’ৰি পায় তাৰ ওপৰত গুৰুত্ব দিয়া হ’ল। এই পদক্ষেপে সংসাধিত খাদ্য সাধাৰণ জনতাৰ বাবেও যোগান ধৰিবলৈ ল’লে। আনহাতে দুৰ্যোগৰ সময়তো এনে পেকেজৰ খাদ্য অপৰিহাৰ্য হৈ পৰিল। ইফালে যুদ্ধই আমেৰিকাক বৃহৎ আৰু শক্তিশালী বোমা নিৰ্মাণ কৰিবলৈ শিকালে। লগতে সেই একে ধৰণৰ ৰসায়নিক প্ৰক্ৰিয়াৰেই উন্নত মানৰ সাৰ তৈয়াৰ কৰাত আমেৰিকা পাকৈত হৈ উঠিল। লগে লগে যুদ্ধ-উদ্যোগ আৰু কৃষি-উদ্যোগ দুয়োটাৰেই প্ৰসাৰ হ’ল। আনহাতে পেট্ৰ’লিয়াম উদ্যোগৰ উন্নতিয়ে যুদ্ধৰ যাতায়াত আৰু কৃষিৰ সঁজুলিৰ মান উন্নত কৰিলে। লগতে কীটনাশক, অপতৃণ নাশকৰো বিস্তাৰ হ’ল। গতিকে খাদ্যৰ উৎপাদন অবিশ্বাস্যভাৱে বাঢ়িল। ১৯৫০ চনত প্ৰতি একৰত যদি গড়ে ৩১২ গেলন গোমধান হৈছিল, ২০০০ চনত সেয়া হ’লহি ১২২৪ গেলন। তেনেদৰে প্ৰতিজনী গৰুৱে যদি গড়ে ৫৩১৪ পাউণ্ড গাখীৰ দিছিল, ২০০০ চনত সেয়া ১৮,২০১ পাউণ্ড হ’লগৈ। গতিকে কৃষকে প্ৰতিজন মানুহৰ বাবে ৬০০০ কেল’ৰি উৎপাদন কৰিবলৈ ল’লে য’ত প্ৰতিজন স্বাস্থ্যবান মানুহক দিনে ২০০০ কেল’ৰিৰহে প্ৰয়োজন হয়।
আনহাতে বিশ্বযুদ্ধৰ পাছত আমেৰিকাৰ সামাজিক ধাৰাৰ পৰিৱৰ্তন হোৱা বাবে ঘৰত ৰন্ধা-বঢ়া কৰা মহিলাসকলেও কৰ্ম-সংস্থানত ভাগ ল’লে। গতিকে দিনৌ ঘৰত ৰন্ধন কৰিবলৈ সময়ৰ অভাৱ হ’ল। এই সকলো কাৰকৰ আধাৰত এক সুবৃহৎ খাদ্য-উদ্যোগ গঢ়ি উঠিল। ১৯৭০ চনৰ দশকৰ আৰাম্ভণিতে আৰ্ল বাটজ আমেৰিকাৰ ডিপাৰ্টমেণ্ট অৱ এগ্ৰিকালশ্বাৰৰ সচিব নিৰ্বাচিত হ’ল। তেওঁৰ নীতিয়ে সৰ্বাধিক গুৰুত্ব দিলে বৃহৎ কৃষি উদ্যোগত। পিছে ৰাজসাহয্য লৈ উৎপাদন কৰা কৃষকৰ বেছি লাভ নহ’ল, কিয়নো মধ্যভোগীয়ে কৃষকৰ পৰা সস্তাত কিনি অন্য প্ৰছেচ্ড পেকেজৰ খাদ্য তৈয়াৰ কৰি বহুগুণে লাভ কৰিলে। এই মধ্যভোগী খাদ্য উদ্যোগে মূলতে জাংক খাদ্যই উৎপাদন কৰিবলৈ ল’লে। ১৯৭১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত আমেৰিকানে উপাৰ্জনৰ কিমান শতাংশ খাদ্যত খৰচ কৰিছিল তাৰ এক নিম্নগামী গ্ৰাফ্ দেখা যায়। এই সময়ছোৱাত খাদ্যৰ বাবে হোৱা খৰচ মাহে ২০%-অৰ পৰা ৬% মানলৈ কমিছিল। আনহাতে, জনসাধাৰণৰ স্বাস্থ্যজনিত খৰচ ৬%-অৰ পৰা ২১% লৈ বাঢ়িছিল। এই ধৰণৰ ধাৰা মাত্ৰ এক আকস্মিক সংযোগ হ’ব নোৱাৰে। এইয়া যেন আৰ্ল বাটজৰ নীতিৰ বিজয়। এক উন্নত সমাজ ব্যৱস্থা হিচাপে যি ধন সাধাৰণ জনতাই পুষ্টিকৰ খাদ্যত খৰচ কৰিব লাগিছিল তাৰ বিপৰিতে ৰাইজে সেই ধন খৰচ কৰিবলগীয়াত পৰিছিল স্বাস্থ্যজনিত কাৰণত।
মেটাব’লিক ৰোগ – মধুমেহ আৰু মেদবহুলতা:
মধুমেহ ৰোগ দুই ধৰণৰ। এই ৰোগত ৰোগীৰ ৰক্তত চেনীৰ পৰিমাণ বেছি থাকে কিয়নো শৰীৰে চেনীৰ অণুবোৰক ভাঙি শক্তি উৎপাদন কৰিব নোৱৰা হয়। প্ৰথম বিধ হ’ল প্ৰকাৰ-১। এই প্ৰকাৰ-১ মধুমেহ সাধাৰণতে বংশগত আৰু ইয়াত ৰোগীৰ শৰীৰে পৰ্যাপ্ত ইনছুলিন উৎপন্ন কৰিব নোৱাৰে, ইয়াক ইনছুলিন-ডেফিচিয়েণ্ট বুলি কোৱা হয়। গতিকে ৰোগীক ইনছুলিনৰ ইনজেকশ্ব’ন দিয়া হয়। আনহাতে প্ৰকাৰ-২-ৰ ৰোগীৰ শৰীৰত ইনছুলিন থাকে কিন্তু ৰোগীৰ শৰীৰে ইনছুলিনক উপযুক্তভাৱে ব্যৱহাৰ কৰিবহে নোৱাৰে। ইয়াক কোৱা হয় ইনছুলিন-ৰেজিষ্টেঞ্চ। ইয়াৰ ফলত শৰীৰৰ আন আন দৰকাৰী অংগৰ ক্ষতি হয়, যেনে – চকু, কিড্নি, হাৰ্ট ইত্যাদি। ইয়াৰ পৰা মূলত মগজুৰ ৰক্তসিৰাবোৰৰ ক্ষতি হয় যাৰ ফলত ৰোগীৰ ষ্ট্ৰ’ক হ’ব পাৰে। হাত-ভৰিৰ ৰক্তসিৰাবোৰৰ ক্ষতি হয় যাৰ ফলত ৰোগীৰ পেৰিফেৰেল ভাষ্কোলাৰ ৰোগ হ’ব পাৰে। ৰোগী কিমান দিন এই ৰোগত ভুগিছে বা কিমান ইয়াৰ প্ৰতিকাৰৰ উপায় অৱহেলা কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি এই ৰোগৰ ৰোগীৰ আয়ু ১০-অৰ পৰা ১৫ বছৰ হ্ৰাস হোৱাৰ আশংকা থাকে। এনে ৰোগীৰ যদি হাৰ্ট এটেক হয় বা ষ্ট্ৰ’ক হয় তেন্তে শৰীৰৰ এটা অংশ পেৰালাইজ্ড হয়। তেনে ৰোগীৰ মৃত্যু নহয়, কিন্তু এক অক্ষম জীৱন-যাপন কৰিব লগা হয়।
আনহাতে মেদবহুলতাই অকল হাৰ্টৰ ৰোগ বা মধুমেহ ৰোগৰেই সুচনা নকৰে, ইয়াৰ পৰা লিভাৰৰ ৰোগ হ’ব পাৰে বা লিভাৰৰ ফেইলাৰ হ’ব পাৰে, বিভিন্ন ধৰণৰ কেঞ্চাৰ, এলঝাইমাৰ ৰোগ, ষ্ট্ৰ’ক, বাতবিষ ইত্যাদি হ’ব পাৰে।
১৯৯৪ চনত বিজ্ঞানে লেপটিন (Leptin) নামৰ এবিধ হ’ৰম’ৰ আৱিস্কাৰ কৰে। এই লেপটিন মেদকোষেৰে তৈয়াৰী আৰু ই মগজুলৈ গৈ মগজুক শৰীৰত মেদৰ পৰিমাণৰ সংকেত দিয়ে আৰু শৰীৰক আৰু ভোজনৰ পৰা বিৰত ৰক্ষাৰ চেষ্টা কৰে। কিন্তু প্ৰায় ৪০ বছৰ মানৰ পৰা জনসংখ্যাৰ এই বুজন পৰিমাণৰ শৰীৰতে লেপটিনে কাম কৰা বন্ধ কৰিলে। কিন্তু কিয় লেপটিনে কাম কৰা বন্ধ কৰিলে সেয়া এতিয়াও অজ্ঞাত। মানৱ শৰীৰে এতিয়াও লেপটিন প্ৰস্তুত কৰে, আমি লেপটিন-ডেফিচিয়েণ্ট নহওঁ। পিছে লেপটিন মগজু গৈ নোপোৱাটোক লেপটিন-ৰেজিষ্টেঞ্চ বুলি কয়। এতিয়া এইটো জনা গৈছে যে ইনছুলিনে লেপটিনক মগজুলৈ যোৱাত বাধা দিয়ে। তাৰ মানে ৪০ বছৰমান ধৰি আমাৰ শৰীৰে দুগুণৰ পৰা তিনিগুণ বেছিকৈ ইনছুলিন উৎপন্ন কৰিবলৈ লৈছে। তাৰ একশব্দৰ উত্তৰ হৈছে চেনি বা কাৰ্ব’হাইড্ৰে’ট। আমি যদি ছুপাৰ-মাৰ্কেটৰ সংসাধিত খাদ্যৰ তালিকাখনত এবাৰ চকু ফুৰাওঁ তেন্তে দেখিম যে প্ৰায় প্ৰত্যেক বিধতেই প্ৰয়োজনতকৈ বহু বেছি পৰিমাণৰ চেনি যোগ কৰা আছে। এই ধৰণৰ পেকেজ্ড খাদ্যত থকা চেনিৰ পৰিমাণ ইমানেই বেছি যে সাধাৰণ জনতাই শৰীৰৰ মেটাব’লিক ক্ষমতাৰ তিনিৰ পৰা চাৰিগুণ চেনি খাবলৈ ল’লে, আজিৰ পৰা প্ৰায় ৪০ বছৰৰ আগৰ পৰা। মানে আমাৰ চেনিৰ অভাৰড’জ হৈছে। যদিও এয়া সম্পূৰ্ণৰূপে প্ৰমাণিত এতিয়াও হোৱা নাই, খাদ্য-বিশেষজ্ঞসকলে ইয়াক বাৰুকৈয়েই বিশ্বাস কৰে। ছুপাৰ-মাৰ্কেটৰ ৬ লাখৰো অধিক পেকেজ্ড খাদ্যৰ ৭০% ৰো অধিকত অতিৰিক্ত চেনী দিয়া হৈছে। খাদ্য-উদ্যোগে নিজৰ ব্যৱসায়ীক মোনাফাৰ বাবেই নেকি অতিৰিক্ত পৰিমাণৰ চেনি সংযোগ কৰে। কিয়নো খাদ্য-উদ্যোগে জানে যে ইয়াৰ ৰাগীয়াল গুণ আছে। আকৌ চেনিৰ ৰাগীয়াল গুণ থকা কথাষাৰ বিতৰ্কিত, কিয়নো বহুতেই আকৌ চেনি নোখোৱাকৈও থাকিব পাৰে। আন বহুতেই আকৌ চেনি নোহোৱাকৈই খাব পাৰে। এক শ্ৰেণী এনেকুৱাও আছে যি মোটামুটি উদাসীন, চেনি হলেও হয়, নহলেও হয়, কোনো আসক্তি নাই। পিছে এক শ্ৰেণী এনেকুৱাও আছে, হয়তো বিশেষকৈ চালুকীয়াসকল বাৰুকৈয়ে চেনিৰ আসক্ত আৰু হয়তো সেই আসক্তি বহু বয়সলৈকে থাকি যায়। গতিকে খাদ্য-উদ্যোগে যদি এই শ্ৰেণীৰ মনসিকতাৰ কথা চিন্তা কৰি অতিৰিক্ত চেনি পেকেজ্ড খাদ্যত সংযোজিত কৰিছে তেন্তে হয়তো তেওঁলোকৰ উদেশ্য সফলো হৈছে কিছু পৰিমাণে। এক শ্ৰেণীৰ বিজ্ঞানীৰ মতে চেনি এবিধ খাদ্য আৰু ই শৰীৰৰক সহজে শক্তি যোগায়, গতিকে ই ৰাগীয়াল হব নোৱাৰে। কিয়নো জীয়াই থকাৰ বাবে খাদ্যৰ প্ৰয়োজন। আমি জনাৰ ভিতৰত আন কোনো শক্তিৰ উৎস আছেনে যিবিধক বেছিকৈ উপভোগ কৰিলে মানৱ শৰীৰৰ ক্ষতি হয় আৰু আমাৰ আয়ু কমে তথাপি আমি ভোগ কৰোঁ। আছে, সেয়া হল, মদ। মদ এবিধ শক্তিৰ উৎস, ইয়াত কেল’ৰি আছে, পিছে ই পুষ্টিকৰ নহয়। তেনেদৰেই চেনিতো শক্তি আছে, কেল’ৰি আছে, পিছে ই পুষ্টিকৰ নহয়। এই চেনি বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে, কিছুমান ৰিফাইন কৰা, কিছুমান প্ৰাকৃতিক। এক কথাত চেনিৰ বিভিন্ন প্ৰকাৰৰ ৫০ ৰো অধিক নাম আছে। আমাৰ সাধাৰণ চেনিৰ দুবিধ অণু হ’ল গ্লুক’জ আৰু ফ্ৰোক্ট’জ। গ্লুক’জে আমাৰ শৰীৰৰ কোষবোৰক শক্তি প্ৰদান কৰে। সেইদৰে ফ্ৰোক্ট’জকও ভাল বুলিয়েই গণ্য কৰা হৈছিল। কিয়নো ইয়াক ফল-মূলত পোৱা যায়। কিন্তু গৱেষণাৰ পৰা এইটো নিৰ্ধাৰিত হৈছে যে, ফ্ৰোক্ট’জে আমাৰ শৰীৰৰ মেটাব’লিক প্ৰক্ৰিয়াত বহু ধৰণৰ বাধাৰ সৃষ্টি কৰে। আমাৰ শৰাীৰত ফ্ৰোক্ট’জক মেটাব’লাইজ কৰিব পৰাকৈ এক সীমিত ক্ষমতাহে আছে। গতিকে ফ্ৰোক্ট’জ বেছি পৰামাণে শৰীৰলৈ আহিলে লিভাৰে সমানে ফ্ৰোক্ট’জক মেটাব’লাইজ কৰিব নোৱাৰে, গতিকে লিভাৰে ইয়াক লিভাৰ ফেটলৈ ৰূপান্তৰ কৰে। সেই অতিৰিক্ত ফ্ৰোক্ট’জক ট্ৰাইগ্লিচাৰাইড হিচাপে লিভাৰৰ পৰা বাহিৰ কৰি অনা হয় আৰু সি শেষত হাৰ্টৰ ৰোগ, মেদবহুলতা আদিৰ কাৰণ হয়। যদি সেই ফেট লিভাৰতেই থাকি যায় তেন্তে তাক ফেটি লিভাৰ বোলা হয়, আৰু ই প্ৰকাৰ-২ মধুমেহ, হাইপাৰটেনশ্বন আদি ৰোগৰ কাৰক। ৰোগীৰ শৰীৰত ইনছুলিন বাঢ়ি যায়, যাৰ বাবে কেঞ্চাৰ হ’ব পাৰে। লগতে লিভাৰৰ ইনছুলিন ৰেজিষ্টেঞ্চ ডিমেঞ্চিয়াৰো কাৰক হ’ব পাৰে।১৯৬০ ৰ দশকত বিশ্বৰ ছয়খন দেশৰ জনতাক লৈ হাৰ্টৰ ৰোগ আৰু ফেট উপভোগৰ ওপৰত গৱেষণা কৰি পোৱা গ’ল যে বেছি ফেটি বস্তু খালে বেছি হাৰ্টৰ ৰোগ হয়। পিছে আন আন দেশৰ পৰা সংগ্ৰহ কৰা তথ্যৰ পৰা পোৱা গ’ল যে মাত্ৰ ছয়খন দেশৰ পৰা পোৱা তথ্যভিত্তিক ফলাফল সিমান উৎসাহজনক নাছিল। প্ৰথমৰ সেই ছয়খন দেশ হল ক্ৰমে জাপান, ইটালি, ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা আৰু আমেৰিকা। তথ্যৰপৰা ইমানেই ক’ব পৰা গৈছিল যে উন্নত দেশবোৰত বেছিকৈ হাৰ্টৰ ৰোগ হয়। ১৯৬০ দশকৰ এই গৱেষণাত ব্ৰিটিছ বিজ্ঞানী জ’ন য়ুডকিনৰ (John Yudkin) মতে চেনি কাল আছিল। আনহাতে আমেৰিকান বিজ্ঞানী এনচেল কিচৰ (Ancel Keys) গৱেষণাৰ মতে খাদ্যৰ ছেছুৰেটেড ফেট হাৰ্টৰ ৰোগৰ মূল কাৰণ। অৱশেষত কিচৰ সূত্ৰ সকলোৱে গ্ৰহণ কৰিলে আৰু এটা ধাৰণা প্ৰতিষ্ঠিত হ’ল যে খাদ্যৰ পৰা ফেট ভাগ যিমান পাৰি আঁতৰাই দিলেই হাৰ্টৰ ৰোগ নিৰাময় হ’ব বা কম কৰিব পৰা যাব। পিছে এই ফেটভাগ কাঢ়ি থোৱাৰ বাবে খাদ্যৰ যি পৰিমাণৰ জুতি কমিল তাৰ কি উপায় কৰিব পৰা যায় তাকে লৈ খাদ্য-উদ্যোগৰ চিন্তা বাঢ়িল। কম খৰচত সহজেই সেই সোৱাদ বা জুতি ঘূৰাই অনাৰ একমাত্ৰ উপায় হ’ল সংসাধিত খাদ্যত চেনি সংযোগ কৰা। সম পৰিমাণৰ কেল’ৰিৰ প্ৰতিকাৰ হিচাপে চেনি যোগ দিয়া হ’ল। ১৯৬০ দশকত চেনি স্বাস্থ্যকৰ বুলি ধৰা হৈছিল। কিয়নো প্ৰতিগ্ৰাম চেনিত প্ৰতি গ্ৰাম ফেটতকৈ আধা পৰিমাণৰ কেল’ৰি থাকে। যিহেতু কিচৰ গৱেষণাই ফেটক খলনায়ক কৰিলে সেয়ে চেনিয়ে তাৰ ঠাই ল’লে। ১৯৭০ দশকৰ ভিতৰত আমেৰিকান হাৰ্ট এচ’ছিয়েশ্বনেও বয়স ২ বছৰৰ ওপৰৰ সকলোকে কম ফেট আৰু বেছি চেনিৰ খাদ্য দিবলৈ যুক্তি দিলে। ১৯৮০ দশকৰ ভিতৰত উচ্চ চেনিযুক্ত খাদ্যক হাৰ্ট-হেলথী ডায়েট আখ্যা দিয়া হ’ল। ফেট থকা খাদ্য খোৱাতকৈ মিঠা কেণ্ডী খোৱাটো ভাল বুলি গণ্য কৰবলৈ ল’লে, কিয়নো চেনিত ফেট নাথাকে। ১৯৯২ চনত আমেৰিকান ডিপাৰ্টমেণ্ট অৱ এগ্ৰিকালশ্বাৰে এক ফুড-পিৰামাড তৈয়াৰ কৰে। এই পিৰামিডৰ একেবাৰে ওপৰত থকা খাদ্যক আমি কম কৈ খাব লাগে যেনে চৰ্বী জাতীয়, তেল থকা আৰু বেছি মিঠা থকা। আন হাতে বেছিকৈ খাব লাগে খাদ্য পিৰামিডৰ একেবাৰে নিম্নভাগত থকা যেনে ভাত, ৰুটি, চিৰিয়েল, পাস্তা ইত্যাদি। এই পিৰামিডৰ মূল আধাৰ আছিল গুটি-শস্যৰ ওপৰত গুৰুত্ব দিয়া। পিছে এই পিৰামিডে এটা কথা নিৰ্দিষ্ট কৰা নাছিল আচলতে কেনে ধৰণৰ গুটি-শস্য। পাছতহে গৱেষণাৰ পৰা জনা গৈছে যে গুটি-শস্যৰ ভিতৰতো বহু ধৰণৰ সংৰচনা আছে। আজি আমি জানো যে গুটি-শস্যৰ কিছুমান ল’-জি আই আৰু কিছুমান হাই-জি আই। এই জি আই হৈছে গ্লাইছিমিক ইণ্ডেক্স (glycemic index, GI)। সেই সময়ত অনুমোদন কৰা বহু গুটি-শস্য হাই জি আই খাদ্য বুলি আমি বৰ্তমান জানো। এতিয়া কথা হ’ল এই
জি আই বা গ্লাইছিমিক ইণ্ডেক্স নো কি? জি আই হৈছে এডাল স্কেলৰ নিচিনা, কোনো এবিধ বিশেষ খাদ্যয়ে কিমান সোনকালে আমাৰ শৰীৰৰ ৰক্তত চেনিৰ পৰিমাণ বঢ়ায়। এই জি আই পৰীক্ষণৰ সময়ত প্ৰথমে ৰোগীক লঘোণে ৰাখি ৰক্ত পৰীক্ষা কৰা আৰু জি আই-ৰ সংখ্যা গণনা কৰা হয়। তাৰ পাছত ৰোগীক ভিন্ন ধৰণৰ কাৰ্ব’হাইড্ৰে’
টৰ পৰা তৈয়াৰ কৰা খাদ্য খাবলৈ দি পুণৰ ৰক্ত পৰীক্ষা কৰা হয়, আৰু প্ৰতিবাৰেই ৰোগীৰ ৰক্তত জি আইৰ সংখ্যা লঘোণে থকাতকৈ বেছি হ’ব। কিয়নো খাদ্য খোৱাৰ পাছত কাৰ্ব’হাইড্ৰে’
টৰ পাচন হৈ গ্লুক’জ বা চেনি উৎপন্ন হয় আৰু চেনি আমাৰ ৰক্তৰ লগত মিলি শৰীৰৰ কোষবোৰলৈ প্ৰেৰিত হয়, য’ত সেই চেনিৰ পুনৰ পাচন হৈ শৰীৰৰ বাবে শক্তি তৈয়াৰ হয়। গতিকে খাদ্যৰ পৰা তৈয়াৰ হোৱা চেনিৰ পৰিমাণ বাঢ়াটো ৰক্ত পৰীক্ষণৰ পৰা জনা যায়। যিবিধ খাদ্যই ৰক্তৰ চেনিৰ পৰিমাণ বেছিকৈ বঢ়ায় সেই বিধক হাই- জি আই খাদ্য বুলি কোৱা হয়। আমি জানো যে খাদ্যত তিনিবিধ মেক্ৰ-নিউট্ৰিয়েণ্ট (Macro-nutrient) থাকে – কাৰ্ব’হাইড্ৰে’
ট, প্ৰ’টিন, আৰু ফেট। আৰু কিছুমান খাদ্যত অতি বেছি পৰিমাণৰ কাৰ্ব’হাইড্ৰে’
ট থাকে। আৰু এই কাৰ্ব’হাইড্ৰে’
ট খাদ্যই বেছি পৰিমাণৰ কেল’
ৰি প্ৰস্তুত কৰে। আগতেই কোৱা হৈছে যে জি আই এক প্ৰকাৰৰ স্কেল- ০ ৰ পৰা ১০০ ৰ ভিতৰত। যি খাদ্যৰ এই জি আই সংখ্যা ৭০-অৰ ওপৰত সেইবিধক হাই জি আই খাদ্য বোলা হয়। পিছে এই হাই জি আই খাদ্যৰ পৰানো কি অসুবিধা? তেনে খাদ্যই কাৰ্ব’হাইড্ৰে’
ট ভাঙি গ্লুক’জ বা চেনি তৈয়াৰ কৰে আৰু পাছত আমাৰ কোষবোৰত সেই চেনিবোৰ ভাঙি শক্তি উৎপন্ন হয় আৰু আমি কাম কৰাৰ শক্তি পাই থাকোঁ। এক কথাত সেয়া ভাল কথা। পিছে আমি যদি অনবৰতে এই হাই জি আই থকা খাদ্য খাই থাকোঁ তেন্তে আমাৰ শৰীৰৰ ৰক্তত আবিৰাম চেনিৰ পৰিমাণও উচ্চ হৈ থাকে। আৰু এইটো যদি সদায়েই ঘটি থাকে তেন্তে আমাৰ শৰীৰৰ বিস্তৰ ক্ষতি হ’ব পাৰে। কিন্তু কেনেকৈ?
শৰীৰৰ কিছুমান কোষে এই আবিৰাম গতিত আহি থকা চেনিৰ অণুবোৰৰ বোজা সহ্য কৰিব নোৱৰা হয়। উদাহৰণ স্বৰূপে চকুৰ কোষ, কিডনীৰ কোষ, আৰু ৰক্তনলীৰ কোষে। বিশেষকৈ ৰক্তনলীৰ কোষবোৰে অতিমাত্ৰা চেনিৰ অত্যাচাৰত স্থিতিস্থাপকতা হেৰুৱায় আৰু তেজে চেঁকুৰা পাতে। আৰু লাহে লাহে সেই কোষবোৰ মৰিবলৈ ধৰে। যদি এনে ধৰণৰ চেনিৰ অত্যাচাৰ শৰীৰৰ বিটা-কোষবোৰতো হয় তেন্তে কথা বিষম হয়। কিয়নো এই বিটা-কোষবিলাকৰ কামেই হৈছে শৰীৰত ইনছুলিন উৎপাদন কৰা। গতিকে অতিমাত্ৰাৰ চেনিৰ বাবে যদি এই বিটা কোষবোৰ সংকুচিত হয় তেন্তে শৰীৰৰ বাবে প্ৰয়োজনীয় ইনছুলিনৰ উৎপন্ন হ্ৰাস বা ৰুদ্ধ হয়। সেয়া যেতিয়া হয় শৰীৰে আৰু চেনিৰ পাচন কৰিব নোৱৰা হয় আৰু তেনে হোৱাকেই প্ৰকাৰ-২ মধুমেহ ৰোগ বোলা হয়। আজি ৪০ কোটিৰো অধিক জনতা মধুমেহ ৰোগত ভুগিছে আৰু প্ৰতি দিনেই প্ৰায় দহ হাজাৰ মানুহ মধুমেহজনিত ৰোগত প্ৰাণ হেৰুৱায়। এতিয়া কথা হ’ল, প্ৰায় অৰ্ধশতাব্দী জোৰা অপ্ৰশস্ত দিহা-পৰামৰ্শই কি ইয়াৰ মূল কাৰণ?
জীৱ-জনিত চৰ্বী ভক্ষণৰ বাবেই যে হাৰ্টৰ অসুখ হয় সেই প্ৰকল্পৰ বিৰুদ্ধে বহু তত্ত্ব আছে। ছেছুৰেটেড ফেট যে হাৰ্টৰ ৰোগৰ কাৰক তাক লৈ বহু মতবিৰোধ এতিয়াও আছে। পিছে সেই জোৱাৰ হয়তো ওলোটা দিশলৈ উঠিব। আজি যদি আমেৰিকান হাৰ্ট এছ’ছিয়েশ্বনে কয় যে যোৱা পঞ্চাছ বছৰে ল’-ফেট হাই কাৰ্ব’হাইড্ৰে’ট আহাৰৰ দিহা এক ভুল আছিল তেন্তে জনতাৰ কৰণীয় কি হ’ব? আজিৰ ছুপাৰ-মাৰ্কেটৰ প্ৰতিবিধ সংসাধিত খাদ্যতেই হয় চেনি সংযোজন নহয় ফেট সংযোজন নহয় অন্য কোনো এডিটিভ মিহলোৱা হয়। প্ৰতিবিধ পেকেটৰ খাদ্যয়েই কিবা নহয় কিবা প্ৰকাৰেৰে বদলি কৰা। আজিৰ যি কোনো ছুপাৰ-মাৰ্কেটৰ প্ৰায় ৮০% ই ভৰি আছে প্ৰছেছ্ড খাদ্যৰে। আৰু এইবোৰত তিনিবিধ মূল উপাদানৰ এবিধ হ’লেও থাকিবই। পিছে এই তিনিবিধৰ কোনো পুষ্টিকাৰক গুণ নাই। এই তিনিবিধ মূল সংযোজিত কৰা উপাদানো কি? খাদ্যকোম্পানীবোৰে বহুলভাবে ব্যৱহাৰ কৰা এই তিনিবিধ দ্ৰব্য একেবাৰে সস্তীয়া। প্ৰথম বিধ ৰিফাইণ্ড ষ্টাৰ্চ (refined starch) যাৰ উৎস হ’ল গোমধান, চয়াবিন বা বাৰ্লি ইত্যাদি। ৰিফাইণ্ড ছুগাৰ (refined sugar) যাৰ উৎস কুঁহিয়াৰ বা হাই ফ্ৰোক্ট’জ কৰ্ন চিৰাপ যিটো পোৱা যায় গোমধানৰ পৰা। তৃতীয় বিধ হৈছে সস্তাৰ ভেজিটেৱল অ’ইল। গতিকে এই তিনিবিধ হাই কেল’ৰি আৰু নিম্ন পুষ্টিৰ দ্ৰব্যক একগোট কৰি এক বিস্তৰ পৰিমাণৰ প্ৰছেছ্ড খাদ্য তালিকা তৈয়াৰ কৰা হৈছে। তাৰে ভিতৰত আল্ট্ৰা-প্ৰছেছ্ডবিধে যেন আজিৰ জনতাৰ খাদ্যৰ তালিকাত বেছিকৈ স্থান পাবলৈ লৈছে। পিছে আল্ট্ৰা-প্ৰছেছ্ডবিধনো কি? আল্ট্ৰা-প্ৰছেছ্ড খাদ্য মানে হৈছে খাদ্যৰ উপাদানবোৰক এনে ধৰণে পৰিবৰ্তন কৰা হয় যে প্ৰছেচিঙৰ পাছত আগৰ উপাদানবোৰক চিনাক্ত কৰাৰ কোনো উপায় নাথাকে। উদাহৰণ স্বৰূপে চিৰিয়েল, বিস্কুট, ছক’লেট ইত্যাদি। এই ধৰণৰ খাদ্য প্ৰকৃতিয়ে তৈয়াৰ নকৰে, গতিকে তেনে খাদ্য প্ৰস্তুত কৰি উলিয়াবলৈ মেশ্বিন ব্যৱহাৰ কৰি আৰম্ভণিৰ উপাদানবোৰক সলাই পেলোৱা হয়। অতিমাত্ৰাৰ তাপে ভিটামিনক নষ্ট কৰে লগতে ছুগাৰ, ফেট আৰু নিমখ সংযোজিত কৰা হয়। ৰিফাইণ্ড অ’ইল যোগ দিয়াৰ বাবে খাদ্যবিধ হাই কেল’ৰিৰ হৈ পৰে। বজাৰত প্ৰায় ৩০০ বিধৰো বেছি পুৱাৰ আহাৰৰ চিৰিয়েল পোৱা যায়, কিন্তু প্ৰত্যেক বিধয়েই মোটামুটি একেই, কোম্পানী বিশেষে অলপ ইফাল সিফাল কৰি তৈয়াৰ কৰা হৈছে। একে ধৰণৰ গুটি-শস্য, ৰিফাইণ্ড ছুগাৰ বা ছুগাৰ চিৰাপ যোগ কৰা হয়। আজিৰ ছুপাৰ-মাৰ্কেটত এই ধৰণৰ প্ৰছেছ্ড খাদ্যৰ প্ৰাচুৰ্যৰ বাবেই সৰ্ব-সাধাৰণ গ্ৰাহকৰ বজাৰৰ তালিকাখন যদি চোৱা যায় প্ৰায় ৬০% শতাংশই প্ৰছেছ্ড বা আল্ট্ৰা-প্ৰছেছ্ড খাদ্য। পিছে অসুবিধা ক’ত এই প্ৰছেছ্ড খাদ্যৰ। এইবোৰ সস্তাৰ, সুবিধাজনক আৰু ৰাগীয়াল বস্তুৰ দৰে জুতিলগা। ইউনিভাৰ্ছিটি অৱ কেলিফ’ৰ্নিয়াৰ ল’ছ এঞ্জেল’ছৰ ছাইক’ল’জিৰ গৱেষণাগাৰত মডেল এন্দুৰৰ ওপৰত মেদহুলতা আৰু মগজুৰ জ্ঞান অৰ্জনৰ ক্ষমতাৰ ওপৰত এক গৱেষণা চলি আছে। এক শ্ৰেণীৰ এন্দুৰক পুষ্টিকৰ প্ৰাকৃতিক খাদ্য দিয়া হৈছে আৰু আনবিধক আল্ট্ৰা-প্ৰছেছ্ড খাদ্য দিয়া হৈছে। এই গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰাকৃতিক খাদ্য খোৱা এন্দুৰবিলাক স্বাস্থ্যবান আৰু তজবজীয়া হৈ আছে। আনহাতে আল্ট্ৰা-প্ৰছেছ্ড খাদ্য খোৱা এন্দুৰবিলাক মেদবহুল, কিছুমানৰ শৰীৰত টিউমাৰেও দেখা দিছে আৰু অৱশেষত মৃত্যুৰ মুখত পৰিছে। এই দ্বিতীয় প্ৰকাৰৰ এন্দুৰৰ মুত্ৰৰ পৰীক্ষণত এইটোও পৰিলক্ষিত হয় যে সিহঁতৰ শৰীৰত পাচন নোহোৱা চেনিৰ পৰিমাণো বহু বেছি, মধুমেহ ৰোগীৰ সম পৰ্যায়ৰ। জীৱতত্ত্বৰ ফালৰপৰা চাবলৈ গ’লে মানুহ আৰু এন্দুৰৰ শৰীৰৰ গাঠনিৰ সিমান পাৰ্থক্য নাই। গতিকে যিদৰে বেয়া আহাৰে মানে প্ৰছেছ্ড খাদ্যই এন্দুৰৰ দেহত মেদবহুলতা, টিউমাৰ, মধুমেহ জাতীয় ৰোগৰ সৃষ্টি কৰিব পৰা ঠিক তেনে ধৰণে মানুহৰ শৰীৰতো বিসংগতি আনিব পাৰে। এনে প্ৰছেছ্ড খাদ্যৰ পৰা আমি যে মেদবহুলেই হৈছোঁ সেয়া নহয়, লগতে মানসিক ক্ৰিয়াকলাপতো বিৰূপ প্ৰভাৱ পৰিছে। উদাহৰণস্বৰূপে মনোযোগৰ অভাৱ, কষ্ট কৰাৰ ক্ষমতা কমি যোৱা, শৰীৰত কোনো বিশেষ কাৰণ নোহোৱাকৈ বিপুল হাৰত টিউমাৰ হোৱা, কেঞ্চাৰ হোৱা, কম বয়সতে ঢুকোৱা ইত্যাদি। এই এন্দুৰৰ পৰীক্ষাই নিশ্চয়কৈ কিছু গুৰুতৰ তথ্য প্ৰদান কৰিছে। যিহেতু প্ৰছেছ্ড খাদ্য আমাৰ আধুনিক জীৱন-শৈলীৰ এক বিশেষ অংগ হৈ পৰিছে, ই নিশ্চয়কৈ সমাজত মেদবহুলতা আৰু মধুমেহ মহামাৰীৰ সৃষ্টি কৰিছে। এই প্ৰছেছড্ খাদ্য যদি এন্দুৰৰ বাবে কাল তেন্তে ই মানুহৰ বাবেও নিশ্চয়কৈয়ে কাল।
হয় মেদবহুলতা বেয়া, লগতে শৰীৰৰ কোন অংশত মেদ বা ফেট জমা হৈ আছে সেইটোও গুৰুত্বপূৰ্ণ। আটাইতকৈ বেয়া মেদ হৈছে ভিছেৰেল বা গুপ্ত মেদ। এই গুপ্ত মেদ যিভাগ অপৰিহাৰ্য অংগবোৰৰ চাৰিও ফালে অৱস্থান কৰে। মেদবহুলতা আৰু মধুমেহৰ ক্ষেত্ৰত এই গুপ্তফেট অতিকে জৰুৰী কাৰক। এম আৰ আই (MRI, magnetic resonance imaging) নামৰ যন্ত্ৰবিধৰ সহায়ত শৰীৰৰ এই গুপ্তমেদৰ অৱস্থান জানিব পৰা যায়। এজন গতানুগতিক স্বাস্থ্যবানৰ শৰীৰৰ পেংক্ৰিয়াছৰ চাৰিওপাশে ৭% মান মেদ থাকে আৰু সেই মেদ যদি ১০% হয় তেন্তে কথা বিষম হ’ব পাৰে। চাবলৈ গ’লে সেয়া মাত্ৰ ৩% হে বেছি, কিন্তু অপৰিহাৰ্য অংগৰ ক্ষেত্ৰত ই মাৰাত্মক হ’ব পাৰে। আকৌ লিভাৰৰ চাৰিওকাষে যদি ৩৩% মেদ থাকে তেন্তে লিভাৰৰ এক তৃতীয়াংশই মেদ। এই ক্ষেত্ৰত লিভাৰৰ কাৰ্য-ক্ষমতা বিস্তৰভাবে হ্ৰাস পায়। গতিকে এই ধৰণৰ বিষম অৱস্থাৰ নিৰাময় কি? হয় দ্বিতীয় প্ৰকাৰৰ মধুমেহ বা টাইপ-২ ডায়েবেটিছ এবিধ মেটাব’লিক ৰোগ। কোনোৱে যদি যথেষ্টভাৱে চেষ্টা কৰে তেন্তে এই ৰোগক দূৰ কৰিব পাৰে বা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। পিছে তাৰ বাবে কেৱল খাদ্যৰ সাল-সলনি কৰেলেই নচলিব, যথেষ্ট পৰিমাণৰ শৰীৰিক পৰিশ্ৰম, আৰু জীৱন-শৈলীৰ পৰিবৰ্তনৰ আৱশ্যক।
১৯৬০ চনৰ দশকৰ খাদ্য-উদ্যোগৰ অবিশ্বাস্য বিকাশ আৰু ১৯৭০-ৰ দশকৰ কৃষি-নীতি এই সকলোৱেই যেন আমেৰিকাৰ খাদ্যাভ্যাস ধৰাশায়ী কৰি পেলাইছিল। পিছে এই সকলোবোৰ লগে লগে প্ৰায় কুৰি বছৰ ধৰি চলা ভিয়েটনাম যুদ্ধই আমেৰিকাবাসীক মানসিকভাৱে জুৰুলা কৰিলে। লাহে লাহে এই খাদ্য-নীতি আৰু যুদ্ধৰ বিপক্ষে এক কাউণ্টাৰ কাল্চাৰৰ জোৱাৰ উঠিল। এই বিৰুদ্ধ কাল্চাৰৰ প্ৰথমে আৰম্ভ হৈছিল কেলিফ’ৰ্নিয়াৰ বাৰ্কলে’ চহৰত। প্ৰথমে এই বিৰোধ হৈছিল ভিয়েটনাম যুদ্ধৰ। এই আন্দোলনকাৰীসকলে দিনে-ৰাতিয়ে জাংক খাদ্য খাই কটাইছিল। মুলতে ছ’ডা জাতীয় পানীয় আৰু পেকেজ্ড খাদ্য। ইয়াৰ মাজতেই কেইজনমান উৎসাহীয়ে মিলি আন্দোলনকাৰীসকলৰ মাজত খাদ্য পৰিৱেশনৰ ব্যৱসায় আৰাম্ভ কৰিলে। ই পিছে জাংক খাদ্যৰ ব্যৱসায় নাছিল। বাৰ্কলে’ চহৰৰ এলিচ ৱাটাৰছ নামৰ এগৰাকী অতুৎসাহীয়ে স্থানীয় ভাবে শাক-পাচলি উৎপাদন কৰা কৃষকৰ পৰা সামগ্ৰী গোটাই, ৰান্ধি-বাঢ়ি আন্দোলনকাৰীসকলৰ মাজত বিক্ৰী কৰিবলৈ ধৰিলে। এই ধৰণৰ কাউণ্টাৰ কাল্চাৰে আমেৰিকাৰ খাদ্যাভাস একেবাৰে দুৰ্বিষহ হোৱাৰ পৰা ৰক্ষা কৰিলে। পাছলৈ এলিচ ৱাটাৰছে এখন ৰেষ্টুৰেণ্টো আৰম্ভ কৰে। তেওঁৰ ৰেষ্টুৰেণ্টত স্থানীয়ভাৱে উৎপাদন কৰা খাদ্যৰ জুতিৰ লগতে আদান-প্ৰদান হৈছিল ৰাজনীতি, কলা আৰু সংস্কৃতিৰ। এই ৰেষ্টুৰেণ্টত আহাৰৰ মেনু প্ৰতিদিনে সলনি হৈছিল আৰু আজিও হয়, গুৰুত্ব দিয়া হৈছিল স্থানীয়ভাৱে উৎপাদিত আৰু বতৰৰ পাচলিৰ ওপৰত। এলিচে জিভাৰ জুতিক সাধনা হিচাপে লৈ বৃহৎকৃষি-উদ্যোগক আওকাণ কৰি কেৱল স্থানীয় সূক্ষ্ম হাৰত শাক-পাচলি উৎপাদন কৰা কৃষকৰ বা বংশানুক্ৰমে কৰা ক্ষুদ্ৰ পশুপালকৰ দুৱাৰতহে উপস্থিত হ’লগৈ কেঁচামালৰ বাবে। আৰু সময়ৰ লগত এই ৰেষ্টুৰেণ্টতে এক বৈচিত্ৰ্যময় স্থানীয় যোগান ধৰোঁতা গোটালে, যেনে – পশুপালক, মাছৰ বেপাৰী, বাগানবিদ, কৃষক- যিসকলে পুনৰূত্থানকাৰী কৃষি পদ্ধতি অবলম্বন কৰি ভূমিৰ প্ৰদূষণৰ পৰা দূৰত থাকে। এই কাউণ্টাৰ কাল্চাৰৰ জোৱাৰ লাহে লাহে কেলিফ’ৰ্নিয়াৰ বাৰ্কলে’ চহৰৰ পৰা দেশৰ আন আন ঠাইলৈ বিয়পি পৰে। আৰু আজি সেই কাউণ্টাৰ কাল্চাৰৰ প্ৰতিদান হিচাপেই বজাৰ জাংক খাদ্যৰে উভৈনদী যদিও আমেৰিকাৰ সাধাৰণ ৰাইজে জুতি লগা প্ৰকৃত খাদ্যক এলাগী নকৰিলে। পিছে যিবোৰ দেশত নতুনকৈ এই জাংক খাদ্যৰ বতাহ বলিছে সেইবোৰ দেশৰ স্থানীয় অন্ন ভাগ বিপদ মুক্তনে? সম্প্ৰতি ভাৰতবৰ্ষত দেখোন জাংক খাদ্যৰ পয়োভৰ আৰম্ভ হৈছেহে। আন আন ৰাষ্ট্ৰত খাদ্যাভ্য়াসে সৃষ্টি কৰা বিভীষিকাৰপৰা শিকনি লোৱাৰ সলনি ভাৰতে দেখোন বিভিন্ন ডাঙৰ ডাঙৰ বহুজাতিক কোম্পানীক ছুপাৰ মাৰ্কেট খুলিবলৈ প্ৰেৰণাহে যোগাইছে!
***Bharat Baruah, Ph. D.
Professor of Chemistry
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা