মূল : নিকিতা স্তানেস্কু (ৰোমানিয়া)
থমাছ কাৰ্লছনে কৰা ইংৰাজী অনুবাদৰপৰা অসমীয়া অনুবাদ : প্ৰাঞ্জল শৰ্মা
কবিতা এযুৰি কান্দি থকা চকু
হালি পৰা ঠানিৰে এখন কান্ধ
কান্ধখনৰ কান্দি থকা চকু
কান্দি থকা হাতদুখন কবিতা
কবিতা সেই হাতৰ কান্দি থকা চকু
কবিতা কান্দি থকা আত্মা
ভৰিৰ কান্দি থকা পতা
হে বন্ধুসকল,
কবিতা চকুপানী নহয়
বিচাৰি নোপোৱা চকুযুৰিৰ বিয়পি পৰা কান্দোন
সেই চকুৰ কান্দোন
যি ধুনীয়া
আৰু সুখী
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 4 times, 1 visit(s) today
Last modified: May 6, 2025