Written by 10:37 am Poems

অ’নাম

প্ৰয়াগ শইকীয়া

বলি আৰু বামন

দুয়োৰে অ’নামত উপস্থাপন

বলি দানী মহাবলী ত্ৰিলোকৰ

অধিকাৰী দনুজ

বামন অৱতাৰী

দশাৱতাৰৰ পঞ্চমজনা

বিচাৰিছিল

মহাবলী দনুজক পদৰ জোখাৰে

মাটি তিনিখোজ

অৱতাৰী ঈশ্বৰে ছলনাৰ

এখোজেৰে ল’লে সৰগ

এখোজেৰে মৰত

মহাদানী বলিয়ে ক’লে

তৃতীয়টি পদ থোৱা মোৰ শিৰত

বলি পালেগৈ পাতাল তৃতীয়টি খোজৰ ভৰত

আমি জানো শইচৰ শিপাবোৰ মাটিৰ তললৈ যায়

শইচৰ উৎসৱ অ’নামত

পাতালৰ মহাবলিয়ে

দান পাত্ৰ লৈ বামনৰ পৰীক্ষাক দুনাই দিবলৈকে নেকি বছৰি ওলায়

মন মতলীয়া কৰে পুৰাণৰ কথাই

যি দানী

তেওঁ দনুজাৰিকো যায় চেৰাই

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close