Written by 10:30 am Poems

অজগৰ ১

পংকজ গোবিন্দ মেধি

কোনে কাক ৰিঙিয়াই মাতিছে 

দেৰেক পাহাৰৰ চাংমাহঁত নেকি

পাহাৰত প্রতিধ্বনিত হৈ উলটি অহা শব্দৰ সুহুৰি 

কি কৈছে তেওঁলোকে

কাক কৈছে

মূৰৰ ওপৰৰ হেলনীয়া কোণত বহা ৰাতিপুৱাৰ বেলিটোৱে 

আমাৰ কাপৰ চাহৰ ধোঁৱাবোৰত শোহা মাৰিবলৈ লৈছিলহে মাত্র

আমি আমাৰ সজাগ কাণ থিয় কৰি 

শব্দ অহাৰ বাটে পোনালোঁ আমাৰ ঈশ্বৰ অনুভৱ

হয়

এয়া আত্ৰাণিত পৰি কোনোবাই দীঘলীয়াকৈ মৰা চিঞৰ 

যেনেদৰে ৰাতিপুওৱাৰ আগতে সুগৰী পহুৱে চিঞৰে

লুংলুঙীয়া বাটেৰে গৈ থকা বাঘৰ ছাঁটো দেখি

হয় 

এয়া কাৰোবাক কোনোবাই সকীয়নি‍ দি মৰা চিঞৰ

আমি য’ত থিয় হৈ আছোঁ 

ইয়াৰ পৰা চালে বিস্তৃত অঞ্চলত টানি থোৱা আছে সেউজীয়া চন্দ্রাতপ

নিশাৰ নিয়ৰে তাৰ ওপৰত ছটিয়াই দিছে কণ কণ ৰূপালী তৰা

তৰা নহয় অশৰীৰী পৰী

পানীৰ টোপালেৰে সজোৱা

পৰীৰ চকুৰ বাৰ তেতিয়াও পিৰিক পাৰাক কৰি উজলি আছিল

পৰীয়ে কান্দিছিল

অন্ধকাৰৰ পেশীবহুল মনোমোহা কায়া হেৰুৱাই

বেদনাত

যিসকলে অন্ধকাৰক দৈত্য বুলি ভাবে

তেওঁলোকে কাহানিও অনুভৱ কৰিব নিশিকিলে

অন্ধকাৰৰ মায়াময় শৰীৰ

তেওঁলোকে মাথোঁ বুজে অন্ধকাৰে প্ৰজননক সহায় কৰে

অথচ অন্ধকাৰক ভূত বুলি গণ্য কৰাসকলে প্রজননক ভৱিষ্যত বুলি ভাবে

এই দ্বৈত চৰিত্ৰৰ মানুহবোৰক লৈয়েই সমস্যা

পাতৰ মাজত ডালৰ মাজত বিৰিখিৰ মাজত 

ক’ৰবাত ক’ৰবাত তেতিয়াও আন্ধাৰ একোজোলোকা কুঁচিমুচি লুকাই আছিল

পোহৰ আৰু আন্ধাৰ

দিনৰ ভোজন নিশাৰ নিদ্রা দিনৰ প্রেম নিশাৰ প্রজনন

ৰৈ ৰৈ তেতিয়াও কোনোবাই চিঞৰি আছিল 

দেৰেক পাহাৰৰ চাংমাহঁত নেকি

কাঠৰোকাৰ ঠোঁটৰ শব্দৰ দৰে 

ওচৰতে ক’ৰবাত ৰৈ ৰৈ

কোনোবাই ইচ্ছাকৃতভাৱে এনে এটা বিকৃত শব্দ কৰিছে

যিটো চিনিবলৈ আমাৰ কঠিন নহ’ল

হয় 

কোনোবাই ক’ৰবাত গছ কাটিছে

কাঠৰোকাৰ ঠোঁটৰ শব্দৰ দৰে

বতাহত উৰি অহা কটকটৰ শব্দই

পাহাৰখনৰ চৌদিশে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে

এনে দেখাইছে

ছাইৰেন বজোৱা এম্বুলেঞ্চত কোনোবাই কঢ়িয়াই আনিছে

কাৰোবাৰ স্বজন-পৰিজনৰ মৃতদেহ

আমি শুনিবলৈ পোৱা কোলাহল এটা লাহে লাহে 

আমাৰ পিনে আগ বাঢ়ি আহি আছে।

আমিও আগ বাঢ়ি গৈ আছে পাহাৰৰ এঢলীয়া বগাই 

গোৱালপাৰাৰ কৃপা একেবাৰে সন্মুখত

একেবাৰে শেষত দুধনৈৰ মানস

আগিয়াৰ ৰাহুল মাজত

উজনিৰ বিকাশ জয়ন্ত উত্তম জেহিৰুদ্দিন

সঞ্জু উৎপল ৰঞ্জিৎ কিশোৰ নায়াৰ কংকনা নৱনীতা হেমাঞ্জলি

নাম পাহৰা আৰু দুই চাৰিজন

সকলোৰে হৃদয়ৰ মাজৰ চিনাকি কোণত

ঢপঢপনিৰ ধুমুহাই তেজৰ সোঁতত ঢৌ তুলিছে।

কোলাহলটো আহি আহি আমাৰ সন্মুখত ৰ’লহি 

হয়, দেৰেক পাহাৰৰ চাংমাহঁত

কোনোবাই ক’ৰবাত গছ কাটি পাহাৰ ভাঙিছে 

তামোল খেতিৰ বাবে বাৰী চিকুণাইছে

আহক, আমি বন্ধ কৰোঁ এই নির্মাণ এই শৰশয্যা

কিয়নো, আমি শুনিব নোখোজোঁ অজগৰৰ মৃত্যুসংবাদ

আমাৰ কথাত তেওঁলোকৰ দৃঢ়তা বাঢ়িল

এতিয়া অজগৰত গছ কটা বন্ধ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close