Written by 4:02 am Poems

অকপটে

 নীলাক্ষি গোস্বামী

ৰ’দে ৰুণ দিয়া সময়ৰ পৰা

ঝিলীৰ মাতত ৰাতি গভীৰ হোৱালৈকে

অহৰহ নিজক বিচৰাৰ কছৰৎ

এয়া মোৰ অনিচ্ছাকৃত আত্মগোপন

নেপথ্যত হয়তো ময়েই

নিজ সত্তাক পল্লৱগ্ৰাহিতাই

গ্ৰাস কৰাৰ পৰাই মই নিখোজ

মোৰ অৱস্থান সম্পর্কে অজ্ঞাত

নিয়ন্ত্রণহীন শক্তিত আশ্রিত হৈ

সঘনাই ঠিকনা সলায় আত্মস্থিতিয়ে

পৰিলম্বিত অথবা আনুভূমিক

আস্থাৰ সূচক নামি যায় হোৰাহোৰে

অদৃশ্য পৰ্দাৰ আঁৰ লৈ

সময়ক দেওলগা বুলিব নোৱাৰি

আচলতে নিজৰ পৰাই আৰম্ভণি

কাণ উণাই শুনিলোঁ আত্মাই

কোৱা সহজ সঞ্জীৱনী মন্ত্ৰ

জীৱনৰো যে কি!

কিমান যে মহিমা

কিমান যে মর্মবেদনা

অত্যুক্তি নহয়

ঘনায়মান এন্ধাৰো নতজানু

পোহৰৰ খৰখোজ দেখি

শিল বুকু ভেদি উজাই আহিছে

ৰ’দ শইচৰ গীত

চন্দ্ৰমল্লিকাৰ সুৱাস

ৰন্ধে ৰন্ধ্রে সোমাইছে শংখধ্বনি

প্রার্থনা চাকি হৈ

অনুচ্চ স্বৰত অলিন্দ নিলয়ত

নিভঁজুৱা আত্মাৰ গুণগুণ

ঠিকনা : গুৱাহাটী

দূৰভাষ : ৯৯৫৪০ ৫৩০৮২

Visited 1 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close