Written by 12:09 pm Poems

অংগৰক্ষক

অত্ৰেয়ী গোস্বামী

এজন পৰুৱাই পোৱা মানুহক

লগ পাইছিলোঁ,

তেওঁ কিবা এটা বিচাৰি

ঘূৰ্মুটিয়াই  ফুৰিছিল৷

পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি

আঙুলিবোৰ গণনা কৰা দেখিছিলোঁ,

তেওঁৰ বোলে পঁচিছটা আঙুলি

পাঁচোটা লুকুৱাই থয়৷

দোকানীবোৰক হাৰাশাস্তি কৰি

নিজৰ বাবে ৰখীয়া এজন বিচাৰিছিল৷

আমি তেওঁক অনুসৰণ কৰিম বুলি ভাবোঁতেই

তেওঁৰ ছাঁটো দীঘলীয়া হ’ল,

তেওঁ বোলে গাৰুৰ তলত হাত এখন

লুকু্ৱাই থয়৷

আমি তেওঁৰ অতিৰিক্ত ভৰিৰ

সন্ধানত নামিলোঁ,

বহু বিচাৰ-খোচাৰ কৰি

তুলিৰ তলত পেং এযোৰ পালোঁ৷

পৰুৱাই পোৱা মানুহজন ক’ৰবাত

লুকাই দিলে,

নিজে নিজৰ ৰখীয়া হোৱাৰ

অক্ষমতাক শুৱাই থ’লে৷

আচলতে তেওঁক পৰুৱাই পোৱা নাছিল

আমিহে ভ্ৰমৰ দুনীয়াত ঘূৰি ফুৰিছিলোঁ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close