কণ-কবিতা

 অনসূয়া
বৰঠাকুৰ

         

          (১)

 

জালুকবাৰীৰ
তালুকদাৰে

     পিন্ধি মিবু-গালুক,

শেলুক
বুটলি থাকোঁতেই

     ওলালহি এটা ভালুক।

 

         (২)

 

       এলি অএলি,

গেলা গৰমত
থাক কিয়

     চুলিকোছা মেলি?

 

         (৩) 

কাকডোঙাৰ
কনকে

  পাণ বুলি চোবালে

জালুকৰ
পাতখনকে।

 

        (৪)

কংকনে
শংকৰক

   কৰা দেখি খং,

হাফলঙৰ
ৰংমনৰ

   হেৰাল মনৰ ৰং।

 

 ঠিকনা :

ৰথাং, দক্ষিণ
ছিকিম