অৰুণ গগৈ  

 

ৰ’দ
বৰষুণ ভালপোৱা মানুহবোৰে

উদং
আকাশৰ তলত

উশাহ
ল’ব পৰাকৈ জন্ম দিছিল
 

এখন
সেউজ অৰণ্য

 

হাড়
ভঙা পৰিশ্ৰমৰ বিনিময়ত

ওঁঠত
ফুলিছিল হাঁহি চম্পা

 

হাতৰ
তলৰ ৰেখাবোৰ
 

অথবা
কঁপালৰ পথালি আঁচবোৰ

গণনা
কৰিব নাজানিছিল বাবে

জনা
নাছিল সৰল, উলম্ব
 

আৰু
বক্ৰ ৰেখাৰ পাৰ্থক্য

 

লেকামৰ
লেলিহান শিখাত দগ্ধ হোৱা

সৰল
মানুহবোৰে নাজানিছিল

নেতাৰ
নিয়ম বিহীন নেওতা
 

অথবা
জনা নাছিল পৰাধীনতাৰ শিকলি ছিঙি

স্বাধীন
হোৱাৰ আখৰা

 

ৰ’দ
বৰষুণ ভালপোৱা মানুহবোৰে

বাট
কাটি সাজিছিল জীৱনৰ কঠিন বাট

ভোকাতুৰ
শিশুবোৰে আকাশলৈ মূৰ তুলি

আগুৱাই
দিছিল কণমানি দুহাত

 

সৰল
মানুহবোৰে ভোকাতুৰ শিশুবোৰক আকোঁৱালি

খোজ
দিব নাজানিছিল বেঁকাবেঁকি বাটত

ঈশ্বৰৰ
নামত খোৱা নাছিল মিছা শপত

 

ঘোঁৰাৰ
লেকাম টনা লগুৱাবোৰে

এদিন
হাত দিছিল
 

ৰ’দ
বৰষুণ ভালপোৱা মানুহবোৰৰ

সেউজ
অৰণ্যত

 

কাঢ়ি
নিছিল মাটি মুখৰ মাত

কাঢ়ি
নিছিল মাটি মানুহৰ হাট

 

সেইদিনা
ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰৰ

চকুৰে
চকুপানী সৰা নাছিল

সেইদিনা
গছবোৰে কান্দিছিল

গছৰ
কটা অংশৰে অৰণ্যত তেজৰ নৈ বৈছিল

 

সৰল
মানুহবোৰৰ সেইদিনা মৃত্যু হৈছিল

যিয়ে
বক্ৰপথত খোজ দিব নাজানিছিল ৷

 

***

ভ্ৰাম্যভাষ
: ৯৭০৭৩৯০৫৪০