Latest posts

  • বিংশ শতিকাৰ সুধাকণ্ঠৰ সুৰত একবিংশ শতিকাৰ শ্ৰমিকৰ চিৎকাৰ

     যুগান্তৰ মাধৱ শইকীয়া     শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা পঁজাটিৰ ডুঁহজুই একোৰাত উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ…. ডাৰউইনে জীৱৰ বিৱৰ্তনৰ সূত্ৰত কৈছিল – “যোগ্য ভোগ্য বসুন্ধৰা”, অৰ্থাৎ যি যোগ্য তেৱেঁই ভোগ কৰে৷ কিন্তু আধুনিক মানৱ সমাজ আৰু জীৱন ব্যৱস্থাৰ

    Read more

  • কিতাপে কি আনে

    (২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে) ড° জোনালী পাটোৱাৰী বৰা আমাৰ বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা গোন্ধ এটা পাওঁ৷ মাকে ধৰি আমাৰ চাৰিওটা ল’ৰা-ছোৱালীৰে জন্মদিনত অথবা আন কিবা বিশেষ উপলক্ষত আৰু কেতিয়াবা একো বিশেষ কাৰণ নোহোৱাকৈও দেউতাই আমাক কিতাপ উপহাৰ দিছিল৷ লোকৰ বিয়া-সবাহতো সদায় কিতাপ আৰু প্ৰয়োজনবোধে অৰ্থ সাহায্য কৰিছিল

    Read more

  • অধি নগৰীয় সংলাপ

     জীৱন কিশোৰ   গল্পকাৰজনে ভবাৰ দৰে এতিয়া গুৱাহাটীত বৰফ পৰা নাই৷ চেঁচা বতাহো বলা নাই৷ এতিয়া ইয়াত খৰাং পৰিছে৷ কাহিনীত সিক্ততা নাই৷ ধূলিয়ে আকাশ-বতাহ মন-মগজু ছানি ধৰিছে এফালৰ পৰা৷ ক্ষমতাবান যিসকল লোকে চূড়ান্ত সিন্ধান্ত গ্ৰহণ কৰি পৃথিৱীৰ ঘূৰ্ণন প্ৰভাৱিত কৰিব খোজে তেওঁলোকৰ মাজত সুখ-শান্তিৰ অভাৱ হোৱা দেখা গৈছে৷ আনহাতে আজ্ঞাবাহী নিঠৰুৱা দুৰ্বলসকলৰ জীয়াই থকাৰ বাবে

    Read more

  • গৰুৰ বিষয়ে এখন গৱেষণা-গ্ৰন্থ

     পুলিন কলিতা মহেঞ্জোদাৰোৰ খননত উদ্ধাৰ হোৱা দুটা মোহৰে প্ৰত্নতাত্ত্বিকসকলৰ মনোযোগ বাৰুকৈ আকৰ্ষণ কৰিছিল৷ ইয়াৰে এটা আছিল ষাঁড়গৰুৰ, আনটো ইউনিকৰ্ন নামৰ এটি প্ৰাণীৰ৷ দ্বিতীয় প্ৰাণীবিধৰ কোনো জীৱাশ্ম আজিলৈকে ক’তো উদ্ধাৰ হোৱা নাই; এই প্ৰাণীবিধক কাল্পনিক বুলিয়েই কোৱা হয়৷ কিন্তু ষাঁড়গৰু কাল্পনিক নহয়; সমগ্ৰ ভাৰততে বিভিন্ন আকাৰৰ ষাঁড়গৰু আজিও পোৱা যায়৷ জীৱবিজ্ঞানীসকলৰ মতে কমেও দহ হাজাৰ বছৰৰ

    Read more

  • ৰ’দে-বৰষুণে কিমান যে গান

      লোকনাথ গোস্বামী   মন দাপোণত-১৯ (১) গানে-শ্লগানে জীৱনৰ গুৰুত্বপূৰ্ণ এছোৱা :   জলসাকে ধৰি গান-বাজনাৰ চৰ্চা চলি থকাৰ মাজতে য়ুনিয়নৰ কাম-কাজো সমানে চলিবলৈ ধৰিছিল তেতিয়াৰেপৰা৷ মই নতুনকৈ যুক্ত হোৱা য়ুনিয়নখনে কোনো কাৰ্যসূচীতে মোক এৰি  দিয়া  নাছিল৷ সদস্যসকলে মৰম-শ্ৰদ্ধাও কৰিছিল৷ তাৰ মাজতে ঘুনুক-ঘানাককৈ শুনিবলৈ পাইছিলোঁ যে বিদ্যুৎ পৰিষদৰ বহুকেইটা শ্ৰমিক-কৰ্মচাৰী সংগঠনৰ যৌথ উদ্যোগত আগন্তুক দিনত এক ব্যাপক আন্দোলনৰ কুচ-কাৱাজ

    Read more

  • অপৰিকল্পিত পৰিকল্পনা

      অলপতে অসমত বিধান সভাৰ নিৰ্বাচন হৈ গ’ল৷ অহা চাৰি মে’-ত ভোটগণনা হ’ব আৰু তাৰ পাছৰে কোনোবা এদিন নতুনকৈ এখন চৰকাৰ হ’ব৷ গণতন্ত্ৰত এইবোৰ তেনেই স্বাভাৱিক কথা৷ কিন্তু আমাৰ চকুৰ সম্মুখতে কিছুমান অস্বাভাৱিক ঘটনা ঘটি আছে যিবোৰক লৈ আমি অকণো চিন্তিত নহওঁ৷ অথচ সমগ্ৰ সমাজখনকে চিন্তাত পেলাব পৰাকৈ এনে কিছুমান ঘটনা আমাৰ চকুৰ আগতে ঘটি

    Read more

  • ষ্টেণ্ডাৰ্ড মডেল, নতুন পদাৰ্থ বিজ্ঞান আৰু ব্ৰেকথ্ৰু বঁটা ২০২৬

     ড০ অনিল চন্দ্ৰ বৰা    কণা পদাৰ্থ বিজ্ঞানৰ ষ্টেণ্ডাৰ্ড মডেল হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক উপাদানসমূহ— কোৱাৰ্ক, লেপ্টন আৰু বল বহনকাৰী ব’ছন—আৰু চাৰিটা মৌলিক বলৰ ভিতৰত তিনিটা (বিদ্যুৎ-চুম্বকীয়তা, দুৰ্বল আৰু শক্তিশালী বল) বৰ্ণনা কৰাৰ বাবে বিজ্ঞানীসকলৰ বাবে আটাইতকৈ সঠিক তাত্ত্বিক কাঠামো৷  মৌলিক কণিকাৰ “মানচিত্ৰ” হিচাপে বৰ্ণনা কৰা ই হিগছ ব’ছনৰ দৰে পৰিঘটনাৰ আৱিষ্কাৰৰ পূৰ্বেই সফলতাৰে ভৱিষ্যদ্বাণী কৰিছিল৷

    Read more

  • ভিক্টোৰিয়া : অনুভূতি, আঘাত আৰু প্ৰতিৰোধৰ ৰূপকথা

     প্ৰীতিৰেখা নেওগ   কামত ব্যস্ত হৈ থকা সত্তেও তাইৰ মনৰ ভয় আৰু আশংকাই নীৰৱে এক অস্বস্তিৰ ঢৌ সৃষ্টি কৰি তাইক বাৰে বাৰে অশান্ত কৰি তুলিছে৷ তাইক দেখি দীপাই চিন্তিত কণ্ঠৰে ক’লে – “আজি তোক দেখিবলৈ বৰ বেয়া লাগিছে৷ ডিঙিৰ হাড়বোৰো ওলাই আহি বাদুলিৰ দৰে দেখা গৈছে৷” শনিবাৰৰ দিনটোতো ভিক্টোৰিয়াৰ কামৰ পৰা এক মুহূৰ্তও আহৰি নাই৷

    Read more

  • পঢ়ুৱৈৰ টোকা : কৰবী ডেকা হাজৰিকাৰ কবিতা ‘আলাপ’

    ড॰ চন্দনজ্যোতি চুতীয়া          ‘সুবাসিত যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা তুলবুল জোনাকত তুমি ক’ৰ ৰাতিৰ পখী’ আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰা কবিগৰাকীয়েই হৈছে কৰবী ডেকা হাজৰিকা৷ তেওঁৰ বহু কবিতাৰ বিষয়বস্তু ৰোমাণ্টিকধৰ্মী; কিন্তু স্বকীয় প্ৰকাশভংগী আৰু কাব্যভাষাৰে ই আধুনিক ৰূপ লাভ কৰিছেগৈ৷ প্ৰকৃতি, প্ৰেম, নাৰী-ভাবনা আদি ডেকা

    Read more

  • কমৰেড

     বেদান্ত নাথ চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো ভবা নাছিলোঁ৷ অবিন্যস্ত চুলি৷ আধা পকা আধা কেঁচা এমুখ নুখুৰুৱা দাড়ি৷ বিবৰ্ণ জিন্‌চ৷ এই কেইটা বছৰত মানুহটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে৷ আগৰ চৰ্বিযুক্ত চেহেৰা এতিয়া নাই৷ মই স্থিৰ হৈ কেইমুহূৰ্তমান তেওঁৰ চকুলৈ চাই ৰ’লোঁ৷

    Read more