Latest posts

  • দুজন কবি গল্পকাৰ

        ড॰ অসীম চুতীয়া   প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে৷ প্ৰণয় ফুকনৰ ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ আৰু ৰাজীৱ বৰাৰ ‘‘যখিনী খোৰৰ থুই’’ শীৰ্ষক গল্প সংকলন দুয়োখন পৃথক আঙ্গিক আৰু বিষয়বস্তুৰে সমৃদ্ধ হ’লেও, মূলতঃ একেই সময়ৰ অন্তৰ্নিহিত সংকট, মানৱজীৱনৰ দ্বন্দ্ব আৰু সমাজ বাস্তৱতাৰ জটিলতা উন্মোচন

    Read more

  • হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা

     ডা০ প্ৰাঞ্জল কুমাৰ নাথ   কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়। তথাপি পৰম্পৰা বা লোক-সংস্কৃতি বৈ যায়। বোৱতী নৈৰ দৰে সকলোকে বুকুত বান্ধি বৈ থাকে চিৰদিন, চিৰকাল।  অসমীয়া জাতিৰ বাপতি সাহোন ‘বিহু’ এটা কৃষিৰ লগত জড়িত থকা উৎসৱ। সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক

    Read more

  • ৰঙালী বিহু উদযাপনৰ জৰিয়তে উপাৰ্জনৰ সুযোগ

    ড° বুলজিৎ বুঢ়াগোহাঁই   অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন ৰঙালী বিহু সন্মিলন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে৷ বিহু কেৱল উৎসৱ নহয়, ই অসমৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংশ৷ আগতে ‘বিহু মাৰি ফুৰা’বুলি কোৱা কথাখিনি য’ত উপাৰ্জনৰ লগত কোনো সম্পৰ্ক নাছিল, এতিয়া সেই ধাৰণাটো সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈছে৷

    Read more

  • শিশুৰ সৰ্বাংগীণ বিকাশত খেলাধূলাৰ গুৰুত্ব

    ড° ইন্দ্ৰানীৰেখা শইকীয়া   আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে কিমান মনোযোগ দিয়ে? সেই মুহূৰ্তত তেওঁ কেৱল খেলি থকা নাই — তেওঁ শিকি আছে, অনুভৱ কৰি আছে, আৰু বিকশিত হৈ আছে৷ খেল হৈছে শিশুৰ ভাষা৷ আৰু ইয়াৰ মাজতেই লুকাই আছে তেওঁৰ

    Read more

  • পদাৰ্থ বিজ্ঞানৰ পৰা দৰ্শনলৈ কোৱাণ্টাম বলবিজ্ঞানৰ ভূমিকা

     ড° অনিল চন্দ্ৰ বৰা    কোৱাণ্টাম বলবিজ্ঞান দীৰ্ঘদিন ধৰি দাৰ্শনিকসকলৰ মাজত চৰ্চাৰ বিষয় হৈ আহিছে, যিয়ে আধ্যাত্মিকতা, বিজ্ঞানৰ দৰ্শন, নৈতিকতা আদি বিভিন্ন ক্ষেত্ৰত আলোচনাৰ নতুন দিশৰ গঢ় দিছে৷ কিন্তু মূলসুঁতিৰ দাৰ্শনিক আলোচনাত ইয়াৰ প্ৰকৃত প্ৰভাৱ বিতৰ্কৰ বিষয় হৈয়েই আছে৷ এই লেখাটোত কোৱাণ্টাম বলবিজ্ঞানে দৰ্শনত কিমানখিনি প্ৰভাৱ পেলাইছে, বিশেষকৈ আধ্যাত্মিকতা, মনস্তাত্ত্বিক  দৰ্শন, নৈতিকতা আৰু বাস্তৱবাদৰ ক্ষেত্ৰত

    Read more

  • ফটাচোলাৰ ৰং

    (পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য   (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ সুৰজিৎ – কি কৰিছা? দেৱী = একো কৰা নাই ৷ সুৰজিৎ – একো কৰা নাই

    Read more

  • সময়

     যশোৱন্ত নিপুণ   কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময় সদায় আগুৱায়ে গৈ থাকেনে? অতীত, বৰ্তমান, ভৱিষ্যত বুলিবলৈ আচলতে একোৱেই নাই নেকি? সেই সকলোবোৰ এটিয়ে

    Read more

  • দ্য এলজোলাম নাইটছ্

     পৰী পাৰবীন o New Year’s Day to celebrate No chocolate covered candy hearts to give away No first of Spring, no song to sing কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত ৰ’দ পৰিছে, তাত উষ্ণ, য’ত পৰ্বতৰ ছাঁ পৰিছে, তাত শীতল৷ এতিয়া সম্পূৰ্ণ শীত নহয়, কিন্তু তাৰ

    Read more

  • পৰম্পৰাগত থলুৱা জ্ঞান-প্ৰযুক্তি সংৰক্ষণৰ বাবে সামাজিক সংগ্ৰহালয়

     পংকজ প্ৰতিম বৰদলৈ সংগ্ৰহালয়ক আজিৰ বিশ্বত কেৱল পুৰণি সামগ্ৰী সংৰক্ষণ কৰা এটা স্থান বুলি ধাৰণা কৰা নহয়; বৰং সংগ্ৰহালয়ক সমাজ, ইতিহাস, সংস্কৃতি আৰু জ্ঞান-প্ৰযুক্তিৰ এক জীৱন্ত ভাণ্ডাৰ হিচাপে গণ্য কৰা হয়৷ সংগ্ৰহালয়ৰ ধাৰণাটো যথেষ্ট পুৰণি হ’লেও আধুনিক যুগত ইয়াৰ ভূমিকা, উদ্দেশ্য আৰু কাৰ্যপদ্ধতি অধিক স্পষ্ট আৰু বিস্তৃত হৈছে৷ আধুনিক সংগ্ৰহালয়সমূহ কেৱল বস্তু সংগ্ৰহ কৰি সংৰক্ষণ

    Read more

  • পানী হিলৈ

     গোৱিন কুমাৰ খাউণ্ড (দহ)    ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ‘ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে বাৰে মনত পৰিছে হিমানীজনীলৈ। মৰমৰ হিমানীয়ে খাব পাৰিছেনে?  ৰাতি টোপনি গ‘লনে,  দৰৱকেইটা সময়ত খুৱাইছেনে আদি

    Read more