Latest posts
-
দ্য এলজোলাম নাইটছ্
পৰী পাৰবীন o New Year’s Day to celebrate No chocolate covered candy hearts to give away No first of Spring, no song to sing কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত ৰ’দ পৰিছে, তাত উষ্ণ, য’ত পৰ্বতৰ ছাঁ পৰিছে, তাত শীতল৷ এতিয়া সম্পূৰ্ণ শীত নহয়, কিন্তু তাৰ
-
পৰম্পৰাগত থলুৱা জ্ঞান-প্ৰযুক্তি সংৰক্ষণৰ বাবে সামাজিক সংগ্ৰহালয়
পংকজ প্ৰতিম বৰদলৈ সংগ্ৰহালয়ক আজিৰ বিশ্বত কেৱল পুৰণি সামগ্ৰী সংৰক্ষণ কৰা এটা স্থান বুলি ধাৰণা কৰা নহয়; বৰং সংগ্ৰহালয়ক সমাজ, ইতিহাস, সংস্কৃতি আৰু জ্ঞান-প্ৰযুক্তিৰ এক জীৱন্ত ভাণ্ডাৰ হিচাপে গণ্য কৰা হয়৷ সংগ্ৰহালয়ৰ ধাৰণাটো যথেষ্ট পুৰণি হ’লেও আধুনিক যুগত ইয়াৰ ভূমিকা, উদ্দেশ্য আৰু কাৰ্যপদ্ধতি অধিক স্পষ্ট আৰু বিস্তৃত হৈছে৷ আধুনিক সংগ্ৰহালয়সমূহ কেৱল বস্তু সংগ্ৰহ কৰি সংৰক্ষণ
-
বিশ্বায়নৰ প্রেক্ষাপটত মাতৃভাষা অসমীয়া
মিত্ৰাবিন্দা বৰা বর্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্রেক্ষাপটত ভাষাই কেৱল সহজাত প্রয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ, সেই জাতিৰ কলা-সংস্কৃতি, ইতিহাস তথা জাতিগত সমাজ ব্যৱস্থাৰ পৰিচায়ক আৰু বার্তাবাহক হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ পৃথিৱীৰ প্রত্যেক সভ্য জাতিৰে আছে এক নিজা ভাষা অর্থাৎ মাতৃভাষা, যি মাতৃভাষাই প্রতিক্ষণে কঢ়িয়াই লৈ ফুৰে জাতিটোৰ জীৱন্ত ইতিহাস৷
-
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ষষ্ঠ অধ্যায় এদিন আধা ৰাস্তাতে … . দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে আগ বাঢ়িছিল, গম পোৱা নাছিলোঁ। সকলো কথাই আছিল নতুন। গৰ্ভাৱস্থাৰ লগত জড়িত সকলো ঘটনাই আছিল প্ৰথমবাৰৰ বাবে হোৱা। ৰাতিপুৱা প্ৰথম ওকালি, প্ৰথম মূৰঘূৰণি, আগতে কেতিয়াও অনুভৱ নকৰা ভোক, ভাগৰ আৰু উদ্যম, আদিকিশোৰী কালৰে পৰা প্ৰতিমাহে নিৰ্দিষ্ট
-
শেহতীয়া বিশ্বপৰিস্থিতি
ভাৰতীয় পুৰাকাহিনীসমূহত কিছুমান চৰিত্ৰ পোৱা যায় যিবোৰে আন কাৰো নথকা বিশেষ ধৰণৰ শক্তি-সামৰ্থ্য আহৰণ কৰিবলৈ তপস্যা কৰে, তেনে ঈপ্সিত সামৰ্থ্য অৰ্জন কৰে আৰু শেষত তেনে সামৰ্থ্য সত্তেও পতনৰ সম্মুখীন হয়৷ আধুনিক পৃথিৱীৰ কেতবোৰ ৰাষ্ট্ৰৰ ভূমিকাও তেনে পুৰাকাহিনীৰ চৰিত্ৰবোৰৰ নিচিনাই যিবোৰে নিজে চূড়ান্ত সামৰিক শক্তিৰ অধিকাৰী কৰি তুলিবলৈ যত্ন কৰে, আহৰণো কৰে কিন্তু তেনে শক্তি আহৰণ
-
কিশোৰ প্ৰজন্মৰ এখন ঈপ্সিত আকাশ
পুলিন কলিতা ‘My great desire is that the reader will be able to connect to …. and learn a bit more about the otherwise cold and abstract historical (or current affairs) facts of their conflict. ….. We can look conflict straight in its eyes…. By understanding what conflict is, we might be in a
-
প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে
ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি? ছমাৰছেট মমে কিছু সময় ভাবি উত্তৰ দিলে, “তিনিটা নিয়ম আছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেই নিয়মকেইটানো কি কোনেও নাজানে৷ প্ৰবন্ধ কেনেকৈ লিখিব লাগে বুলি যদি কোনোবাই সোধে তাৰো উত্তৰ একেই হ’ব৷ গতিকে এই প্ৰশ্নৰ উত্তৰ
-
ৰ’দে বৰষুণে কিমান যে গান
লোকনাথ গোস্বামী মন দাপোণত-১৮ (১) নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক পৰিৱেশঃ নামৰূপ উদ্যোগ নগৰীখনত পদাৰ্পণ কৰিলো যদিও বহু দিনলৈ ঠাইখনৰ আও-ভাও পোৱাই নাছিলো৷ ইউনিয়নৰ পাক-চক্ৰত সোমাই এখন অন্য পৃথিৱীলৈ যোৱা যেন অনুভৱ হৈছিল৷ সংগীতৰ পৃথিৱীখনৰ পৰা আঁতৰিয়েই গৈছিলো বুলিব পাৰি৷ তেনেতে এদিন আমাৰ কোৱাৰ্টাৰলৈ আহক চাপ্লাই ইউনিয়নৰ আগশাৰীৰ নেতা ৰমা বৰদলৈ৷ সেইবাৰ তেখেত
-
শ্বায়েৰী জীৱনৰ
অংগনা চৌধুৰী আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে, তাত আজি আছে এখন ৰ’দৰ সাগৰ৷ বেগৰ পৰা ৰ’দ চছ্মাযোৰ উলিয়াই পিন্ধি ল’লে তাই৷ হালধীয়া ওৰণাখনেৰে ঢাকি ল’লে মূৰ, কপাল৷ অতপৰে বতৰ স্নিগ্ধ আছিল৷ ইতিমধ্যেই তাই ঘূৰি আহিল তানসেনে সংগীত পৰিৱেশন কৰা
-
বিহুনামত চৰাই-চিৰিকতিৰ স্থান
নৱ ৰাজন বিহুনাম কেৱল ডেকা গাভৰুৰ প্ৰেম ভালপোৱাৰ প্ৰকাশেই নহয়; ই চহা অসমীয়া জাতীয় জীৱনৰ দাপোণ।বিহুনাম,অসমৰ বিনন্দীয়া প্ৰকৃতিৰ স্বতস্ফূৰ্ত প্ৰকাশ।বিহুনাম, অসমীয়াৰ বাপতি সাহোন বিহুৰ এক অভিন্ন অংগ।বিহুনামৰ জৰিয়তে অসমৰ বৰ্ণাঢ্য কৃষ্টি, সংস্কৃতি, সাহিত্য প্ৰতিফলিত হৈ আহিছে। জৈৱ-বৈচিত্ৰ্যত চহকী অসমত প্ৰায় ৯৫৮ প্ৰজাতিৰো অধিক চৰাই পোৱা যায়, যি ভাৰতবৰ্ষৰ মুঠ চৰাইৰ প্ৰজাতিৰ প্ৰায় ৫৩ শতাংশতকৈ অধিক।অৱশ্যে ইয়াৰ