পাৰুললতা

নিজৰা ৰাজকুমাৰী             

                                   ৰহদৈ অ’ , এয়া নিৰ্মলা নদীৰ ঘাট 

                                   কৃষ্ণচূড়াৰ ছায়াৰে আৱৰা… 

                  

মহানগৰীৰ মাজমজিয়াৰ এটি ঠেক
গলি। ঘিঁউ বৰণীয়া নতুন অট্টালিকাটোৰ দ্বিতীয় মহলাৰ আৱাসৰ পৰা ভাহি আহিছে পুৰণি
গীতৰ এই কোমল সুৰ। সুৰটোক ড্ৰীল মেচিনৰ শব্দই বাৰে বাৰে আঘাত হানিছে। এনে লাগিছে
যেন ৫৮ বছৰীয়া পাৰুল হাজৰিকাই প্ৰাণ ঢালি গোৱা গীতটো শিল ফাটি নিজৰি ওলোৱা এটি মিঠা
পানীৰ ধাৰ। গীতটোৱে অট্টালিকাটোকেই নিৰ্মলা নদীৰ ঘাটৰ দৰে শান্ত-সমাহিত কৰি তুলিব
খুজিছিলহে
, কাষৰ
কোঠাটোত ড্ৰীল মেচিনৰ শব্দ বাঢ়ি আহিল
, কোনোবাই জোৰেৰে চকী চোঁচৰালে, বেৰত গজাল পুতিলে- ঘৰৰৰৰ- চেৰেক চুৰুক- থিং থং। 

হে হৰি।
সুখ-শান্তি বোলা বস্তুটোৱেই নোহোৱা হৈ গ
ল দেই মোৰ। কি হৈছে বাৰু এই মানুহজনৰ! পুৱাই পুৱাই হুলস্থুলখন কৰি
চুবুৰীয়াক দিগদাৰ দিয়ে ! বৰ অস্থিৰ অশান্ত মানুহ। সেই কাৰণেই চবেই অকলশৰীয়া কৰি এৰি
থৈ গ
ল যেন
পাওঁ।- পাৰুল হাজৰিকা ভীষণ বিৰক্ত হ
ল। পাৰুলৰ
এয়া পৈতৃক ভেঁটি। ইজিপ্সিয়ান ছোৱালী বিয়া কৰাই একমাত্ৰ ভায়েক ৰণদীপ থাকে কুৱেইটত।
ভায়েকৰ বুদ্ধিমতেই পিতাকৰ দিনৰ পুৰণি দুমহলীয়া
  ঘৰটো ভাঙি বিল্ডাৰে এই ছয় মহলীয়া অট্টালিকাটো সাজি
দিলে। পাৰুলৰ ভাগত পৰিল তিনিটা বে
ডৰূমৰ এটা আহল-বহল ফ্লেট আৰু তেওঁৰ অকলশৰীয়া জীৱনটো সুন্দৰকৈ চলি যাব
পৰাকৈ মোটা অংকৰ বেংক বেলেঞ্চ। পাৰুলৰ ফ্ল
ৰটোৰ গোটেইকেইটা ঘৰ বিক্ৰী হোৱা নাই। ফ্লৰটোত বৰ্তমান তিনিঘৰ মানুহ।
একাষে নমহীয়া সন্তান মুকুমাইনাৰে সৈতে ছ
ফটৱেৰ ইঞ্জিনীয়াৰ পল্লৱী আৰু তাইৰ ব্যৱসায়ী স্বামী প্ৰদীপ্তৰ সংসাৰ।
পাৰুলৰ গাতে লাগি থকা ফ্লেটটো কিনিলে অৱসৰপ্ৰাপ্ত আৱকাৰী বিষয়া কুশল চৌধুৰীয়ে।
তেওঁৰ পত্নী ঢুকাইছে। একমাত্ৰ কন্যা তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী। নিজে
চিত্ৰশিল্পী নহয় যদিও অকলশৰীয়া মানুহজনৰ নিচা দেশ-বিদেশৰ ছবি। এতিয়াও চাগৈ কিবা
এখন ছবি ওলমাবৰ বাবেই গজাল
, ড্ৰীল
মেচিন লৈ তেওঁ পাৰুল হাজৰিকাৰ সুখৰ সময়খিনিত বিষ ঢালিছে।
 

ইছ ইছ
তেনেই জ্বলিল! বিচাৰি বিচাৰি তিনিটা ৰঙৰ কেপচিকাম আনিছিলোঁ। খা এতিয়া সুখেৰে। কি
হৈছে মোৰ
? ইমান
পাহৰিবলৈ লৈছোঁ। চুবুৰীয়া ইমান গণ্ডগোলীয়া হ
লে কতনো মগজ
ভালে থাকিব বাৰু। -কুশল চৌধুৰীক উদ্দেশ্যি গুৱালগালি পাৰি পাৰি পাৰুলে কেপচিকাম
লাগি ধৰা কেৰাহীখন হেতাৰে ৰুকিলে। মাক অফিচলৈ যাবৰ সময়ত সদায়েই কান্দি-কাটি অথিৰ
হোৱা মুকুমাইনাৰ কান্দোন ভাহি আহিল। বাৰন্দাৰে গুচি গ
ল পল্লৱীৰ হিলৰ ব্যস্ত খট
খট।

কেনেকৈ
যে পল্লৱীজনীয়ে মুকুমাইনাটোক দিনটোলৈ বনকৰাজনীৰ হাতত এৰি থৈ যায়! মই দেখোন মোৰ লাটুমক
এনেকুৱা বয়সত এঘণ্টাৰ কাৰণেও এৰিব নোৱাৰিছিলোঁ। উফ্ ড্ৰীল মেচিনটোৱে মোক পাগল কৰিব
দেই আজি। গোটেই ঘৰখন ফুটাই পেলাব নেকি মানুহজনে
? ৰিটায়াৰ কৰা মানুহ, শান্তিৰে খাই-বৈ থাকিব লাগে, কি যে কৰি থাকে নহয়। বৰ
কুক্ষণত লাটুমে এই মানুহজনক ফ্লেটটো বিকিছিল দেই। মই আকৌ ভাবিছিলোঁ সেইটো ফ্লেটত
লাটুমহঁত নিজে থাকিব। নাতি-নাতিনীহালে মোৰ দিন-ৰাতিবোৰ পোহৰাই ৰাখিব। কিন্তু সিহঁত গ
লগৈ। চহৰখনৰ এক্কেবাৰে সৌটো
মূৰলৈ। বোৱাৰীৰ আহল-বহল ঘৰখনলৈ। উপায়োতো নাই। দুয়োটাই কামকৰা হস্পিতালখন বোৱাৰীৰ
ঘৰৰ ওচৰত। ইয়াৰ পৰা যাবলৈ হ
লে
অহা-যোৱা মিলি ডেৰ/দুই ঘণ্টা এনেয়ে যায়। মই মোৰ সুবিধাৰ কাৰণে ল
ৰাক অসুবিধাত পেলোৱাটো
অন্যায়। চূড়ান্ত অন্যায়। -পাৰুলে নিজেই নিজক কথাবোৰ কৈ থাকিল। আজিকালি তেওঁ কেৱল
নিজৰ সৈতেহে দীঘলীয়াকৈ কথা পাতে। পিৰিচ-পিয়লাত চাহ-জলপান সজাই নিজেই নিজলৈ আগবঢ়াই
দিয়ে
, ফুলৰ
বজাৰ ঘূৰ্মুটিয়াই নিজলৈ তেজৰঙা গোলাপ আৰু মচুৰ ৰঙৰ হায়াচিন্থ কিনে। তেওঁৰ দৃষ্টিত
সমস্ত পৃথিৱী ব্লাৰ হৈ গৈছে আৰু পাৰুল হাজৰিকা পাৰুল হাজৰিকাৰেই প্ৰেমত পৰিছে।
 

হেই
…হেই… এইখিনি পালেহি যে। কি কৰি আছে বাৰু আপুনি
? বাৰন্দাৰ খুটাটোত এনেকৈ গজাল পুতিছে কিয়? খবৰ ৰাখিছেনে আপোনাৰ  কাষৰ
পাৰ্টটোত যে এগৰাকী মানুহ থাকে। ঘৰ লোৱা কেইমাহনো হৈছে আপোনাৰ! চুবুৰীয়াক টৰ্চাৰ
কৰিবলে
আৰম্ভ
কৰিলেই। -ফিকা চাহপিয়লা হাতত লৈ বাৰন্দালৈ ওলায়েই কুশল চৌধুৰীয়ে শুনাকৈ পাৰুল
এইবাৰ সঁচাকৈয়ে জকজকাই উঠিল।

ব ৰ, ইমান খং নাখাব। আপোনাক
অসুবিধা দিয়াৰ বাবে মই ক্ষমা বিচাৰিছোঁ। এই হৈছেই আৰু। ইয়াত ৰাছিয়ান লিঅ
নিডৰ “আইলেণ্ড
ছানছেট” ছবিখন লগাম
, আৰু
সৌখিনিত ভিঞ্চিৰ “দ লাষ্ট ছাপাৰ”। ফ্লিপকাৰ্টত ফ
ৰটিন পাৰচেণ্ট্ ডিছকাউণ্ট দি
আছে…। -কুশলে হাঁহিমুখীয়া হৈ ক
লে। 

নাই নাই
নহ
ব।
বাৰন্দাখন অকল আপোনাৰ নহয় নহয়। উমৈহতীয়া। ইয়াত একো লগাব নোৱাৰে। নামক
, নামক টুলৰ পৰা। -ওহোঁ
পাৰুলে সন্ধি নকৰে। ফ্লেটবোৰ আনে কিনি ল
লেও এই ঘৰৰ ভেঁটি তাইৰ পিতৃ-পিতামহৰ।

এইবোৰ
কাৰণতে এওঁ বিল্ডাৰক মাটিখিনি দিবই খোজা নাছিল জানেনে! এওঁ নাইকিয়া হৈ যোৱাৰ পাছত
লাটুম আৰু ভাইটিয়েহে বৰ লৰালৰি কৰিলে নতুন বিল্ডিং সজাত…দেউতাৰ মূল ঘৰটোৰ কাষত সৌখিনিতে
, ইমান যে মৰমলগা, চাৰিকুঠলীয়া ঘৰ এটা আছিল
আমাৰ। এওঁ বৰ কষ্টৰে সাজিছিল ! –
স্মৃতিৰ
জোকাৰণিত পাৰুলৰ মন আজি ফাগুনৰ কলপাত।

তেখেতৰ , মানে আপোনাৰ হাজবেণ্ডৰ
নামটো সুৰজিত আছিল নহয়নে
, সেয়ে এই
বিল্ডিংটোৰ নাম সুৰজিত ভৱন।

নহয় নহয়।
মোৰ দেউতাৰ নামহে সুৰজিত। এওঁৰ নামটো শুনি আপুনি বৰ ভাল নাপাব।
 

ভাল
নাপাম
? কিয়? আচৰিত কথা দেখোন।

আচৰিতেই।
মানুহজনো আচৰিত আছিল নহয়। সেই তাহানিতে সমাজ-পৰিয়াল কাকো কেৰেপ নকৰি মোক বিয়া
কৰাইছিল। বেলেগ জাত
, বেলেগ
ষ্টেটৰ মানুহ হৈও বৰ হেঁপাহেৰে ইয়াত ঘৰ সজাইছিল।

অলপ যেন বুজি
পাইছো। – কুশলে হাতত লৈ থকা ছবিখন তলত থৈ ক
লে। 

পাইছে? তেওঁক যদি লগ পালেহেঁতেন
আপুনি। বুকুৰ ইপাৰ-সিপাৰ মুকলি বৰ মৰমিয়াল আৰু চোকা মানুহ আছিল। -পাৰুলৰ
হুমুনিয়াহ সৰিল।

আৎচ্ছা, তেখেত ঢুকোৱাৰ সময়ত … 

কুশলে বাক্যটো শেষ কৰাৰ আগতেই পাৰুল আকৌ জঁকি উঠিল।

আপোনাক
কোনে ক
লে তেওঁ
ঢুকাল বুলি
? মইতো
এবাৰো কোৱা নাই। মই কৈছিলো এওঁ নাইকিয়া হৈ যোৱাৰ পাছত। নাইকিয়া হৈ যোৱা আৰু
ঢুকোৱাৰ মাজত পাৰ্থক্য আছে ডাঙৰীয়া।

কুশল চৌধুৰীৰ ফোন বাজি উঠিল। গজাল-হাতুৰী সামৰি লৰালৰিকৈ তেওঁ ভিতৰ
সোমাল। হঠাৎ সুৰজিত ভৱনৰ তলৰ পৰা উঠি আহিল লাটুমৰ মাত –

মা, চব ঠিকে আছেনে? ইহঁতহালক স্কুলত থৈ আহোঁ।
কিবা থাকিলে ফোন কৰিবা।
 

পাৰুলে উধাতু খাই চিৰিৰে নামিবলৈ ধৰিছিলেই, লাটুমৰ টেংগো ৰেড অডিখন যেন
বতাহতহে মিলি গ
ল। কিয়
সদায় এনেকুৱা কৰে ল
ৰাটোৱে!
মাকৰ লগত বহি চাহ এপিয়লা খাবলৈও বছৰটোত তাৰ এবাৰো সময় নোলায় নে
? সুৰজিত ভৱনলৈ অহাৰ পৰা বাৰু
আলিবাটৰ পৰাই সি তেওঁৰ খবৰ এটা লোৱা কৰিছে
, তেওঁ অন্তত: পুতেকৰ মাত এষাৰকে পাইছে। মাটিখিনি বিল্ডাৰক দিয়াৰ পাছত
ঘৰ সজা সম্পূৰ্ণ নোহোৱালৈকে যি তিনিবছৰ তেওঁ ভাৰাঘৰত থাকিব লগা হৈছিল সেই
গোটেই সময়খিনিতো দুই-এটা ফোনকলৰ বাদে লাটুমে মাকৰ লগত কোনো সংযোগেই ৰখা নাছিল।
আৰুনো কিমান দিন জী থাকিব তেওঁ
,
এটা গোট জীৱন ঢৰফৰনি, ধপধপনিতে চোন শেষ হৈ গল। হতাশাত মূৰ আচন্দ্ৰাই কৰে তেওঁৰ। কেতিয়াবা তীৰকঁপে জ্বৰো উঠে।
বুকুৰ বিষাদ-সাগৰ ওফন্দি সঘনাই চকুৰে পানী বাজ হ
ব খোজে পাৰুলৰ। সেই মুহূৰ্ততে পুৰণি গানৰ বহীখন
মেলি তেওঁ গান গাবলৈ ধৰে।

আপোনাৰ
মাতটো বৰ মিঠা। -দেওবৰীয়া আবেলি এটাত পল্লৱী আৰু কুশল চৌধুৰীয়ে একেমুখে কৈ উঠে।

হেই!
কিনো মিঠা। এনেয়ে গাওঁ আৰু। ঈশ্বাকৰ……মানে লাটুমৰ দেউতাকৰ পৰা নগা গীত অলপো
শিকিছিলোঁ। নাতি-নাতিনীহালৰতো শুনিবলৈ সময়েই নাই। এদিন তোমালোককে শুনাম ৰ
বা। -ঈশ্বাকৰ নামটো কওঁতে
পাৰুল যেন সামান্য ৰঙা পৰিল।

তাৰমানে
ভিনদেউ নাগালেণ্ডৰ আছিল ন
? —পল্লৱীয়ে
সুধি দিলে। একেখন বাৰন্দাতে বহি থকা কুশল চৌধুৰীৰো উত্তৰটো জানিবলৈ মন গ
ল। পাৰুলে পিছে দেখদেখকৈ
পল্লৱীৰ প্ৰশ্নটো আওকান কৰি চৌধুৰীৰ দুৱাৰৰ বাহিৰফালৰ বেৰত ওলমি থকা
  পিকাছোৰ
দ্য অ
ল্ড
গীটাৰিষ্টখনলৈ চাই ক
লে- 

দুৱাৰমুখতে
কি যে অদ্ভুত ছবি এখন ৰাখিছে। মই এইবোৰ বেয়া পাওঁ। জীৱলগা বস্তুবোৰহে ভালপাওঁ
, যেনে ধৰক এজোপা
ব্লিডিংহাৰ্ট বা খৰিকাজাঁই। লাটুমক কৈছোঁ অলপ মাটি আৰু টাব গোটাই দিবলে
। আগৰ টাবখিনি ভাৰাঘৰটোতে
এৰি থৈ আহিলোঁ নহয়।
 

নি:সঙ্গতাই চেপি চেপি নৈয়ে এৰা সুঁতিহেন আথানি কৰি পেলোৱা মানুহজনী
অতীত সুঁৱৰি কেতিয়াবা নিজেই খৰিকাজাঁইৰ নিচিনা চঞ্চল সুগন্ধি হৈ যায়। তেনে এটি
সুগন্ধি পুৱাতেই পাৰুলে জামাল মিঞাৰ হতুৱাই উজান বজাৰৰ জীয়া শ
ল আৰু কুশল চৌধুৰীৰ হতুৱাই
বেলতলাৰ তেলাল হাঁহ অনোৱালে। মা-মচলা আৰু পাচলিখিনি নিজেই বজাৰ কৰিলে। ৰাতিলৈ
লাটুম ভাত খাবলৈ আহিব। ঘৰ এৰি ওলাই যোৱাৰ পাছত অত বছৰৰ মূৰত লাটুমে এই প্ৰথম মাকক
ভাত খোৱাৰ কথা ক
লে।
পুৱাৰে পৰা ৰান্ধনীশালত তেওঁ কুটিলে
, বাচিলে, পিহিলে
আৰু আবেলিৰ আবেলিটো সমগ্ৰ চৌহদ মলমলাই যোৱাকৈ বিধে বিধে ৰান্ধিলে। তাৰ পাছত আৰম্ভ হ
ল শেষ হব নোখোজা অপেক্ষা। সময়ৰ দীঘ
দি বতাহী কথাৰ বাণিৰে দিবাস্বপ্নহে ব
ব পাৰি! লাটুম দিবাস্বপ্ন হৈ গল নেকি? আৰু
নাগালেণ্ডত গুম হৈ যোৱা ঈশ্বাক
?
চিন্তা-দু:চিন্তাত পাৰুলৰ তীৰকঁপে জ্বৰ উঠি আহিল। তথাপি তেওঁ
চৌধুৰীৰ বন্ধ দুৱাৰৰ কাষত ওলমি থকা পিকাছোৰ দ অ
ল্ড গীটাৰিষ্টজনলৈ চাই চাই লাটুমলৈ অপেক্ষা কৰি
থাকিল। মাজনিশা সুৰজিত ভৱনৰ গেটৰ কাষত টেংগো ৰে
ড অডিখন ৰলহি। 

মামা, শুনাচোন। –লাটুমৰ
মাতত বাৰন্দাৰ ৰেলিঙত আউজি টোপনি যোৱা পাৰুল সাৰ পাই গ
ল। 

মা, আজি কেইবাটাও ছাৰ্জাৰী আছিল
হস্পিতালত। আই অ্যাম ইগজষ্টেড

নেক্সট উইকত আহিম হাঁ। আজি বেয়া নাপাবা আৰু। গুড নাইট।

লাটুম…নাযাবি…শুনচোন…
এবাৰ ওপৰলৈ আহ
, লাটুম……মাত্ৰ
এবাৰ… লাটুম !

মুহূৰ্ততে অডি বতাহত মিলি গল। পাৰুলৰ চিঞৰত ছিকিউৰিটি গাৰ্ড মতি আৰু কুশল চৌধুৰীহে উধাতু খাই
পাৰুলৰ কাষ পালেহি। কি ঘটিল দুয়ো তলকিব পৰাৰ আগতেই পাৰুল মূৰ্ছা গ
ল। পাছদিনা মুৰ্গীৰ চুৰুহা
এবাটি দিবলৈ আহি পল্লৱীয়ে দোষী দোষী ভাবেৰে ক
লে- 

লাটুমে
কাম কৰা হস্পিটেলখনৰ ঠিকনাটো দিবচোন পাৰুল বাইদেউ। পাৰিলে এবাৰ লগ কৰিম। মই
মানুহজনক কেতিয়াও দেখাই নাই নহয়। কথাবোৰ ধৰি নাথাকিব। মই নিজেই জানো ফোন একোটা
কৰাৰ বাদ মোৰ মা-দেউতাক লগ দিব পাৰিছোঁ। চাকৰি…ঘৰ…কেঁচুৱা…নোৱাৰিগৈ অ
‘!

হুঁহ। ইয়ৰ জেনেৰেশ্যন। সময়তকৈ আগত
দৌৰিবলৈ গৈ দিশেই হেৰুৱাই পেলায়। লাটুমৰ সময় নহ
ল কি হ, শেষৰাতি
লেও
তেওঁতো আহিল।

তেওঁ? … উৎকণ্ঠাত পল্লৱীৰ কপাল কোঁচ
খালে।

ওঁ, ঈশ্বাক। এঘণ্টামান থাকিল।
দিনে-পোহৰে আহিব নোৱাৰে নহয়। পুলিচ-মিলিটেৰীয়ে খবৰ পালে সৰ্বনাশ হ
ব। 

পুলিচ-মিলিটেৰী? কি কৰেনো ভিনদেৱে? –পাৰুলে ফুচফুচাই কোৱা
কথাখিনি
শুনি
হতবাক পল্লৱী।

অৱশ্যে
জেনেৰেল যোচেফ আৰু লালীৰো একেই অৱস্থা। মোক চব কৈছে ঈশ্বাকে
, কেনেকৈ ভাৰতৰাষ্ট্ৰৰ
বিৰুদ্ধে নাগালেণ্ডত প্ৰচণ্ড বিদ্ৰোহৰ জুই জ্বলিছিল। সেই জুইত নিজৰ ভিতৰতে লাগি
নগাই নগাকো পুৰিছিল জানা। ঈশ্বাকৰ বংশৰ খুৰাক কুৱানৰ মৃতদেহৰ টুকুৰা হেনো গছৰ পাতত
টোপোলা বান্ধি আনিবলগীয়া হৈছিল। বৃহত্তৰ নাগালিম লাগে ঈশ্বাকহঁতক। প্ৰাণৰ মমতা এৰি
যুঁজি আছে সিহঁতে।

পাৰুলৰ মুখেৰে বিদ্ৰোহী ঈশ্বাকৰ কথাবোৰ জনাৰ পাছত পল্লৱী আৰু কুশল
চৌধুৰীৰ মনত নি:সন্দেহে ভয় সোমাইছিল। তথাপি ক্ৰমশ: শাৰীৰিকভাৱে দুৰ্বল হৈ অহা
নি:সঙ্গ মানুহজনীক সুবিধা পালেই দুয়ো সঙ্গ দিছিল। সুৰজিত ভৱনৰ গে
ট পাৰ হৈ লাটুম
কেতিয়াও মাকৰ ওচৰলৈ অহা নাছিল। পাৰুলে কৈছিল কেতিয়াবা মাজনিশা ভাগৰুৱা লাটুমে
মাকলৈ ফোন কৰি খবৰ বাতৰি লোৱাৰ কথা। জন্মদাতৃক সময় নিদিয়াৰ বাবেই কুশল চৌধুৰীয়ে
দেখদেখকৈ লাটুম বোলা কেতিয়াও লগ নোপোৱা ব্যস্ত চিকিৎসকজনক বেয়া পাবলৈ আৰম্ভ
কৰিছিল। সময় বাগৰিছিল। পাৰুল শাৰীৰিক আৰু মানসিকভাৱে বেছিকৈ ভাগি পৰিছিল।

কি কৰে
কি কৰে! –
দুৱাৰৰ কাষত ওলমি থকা পিকাছোৰ দ অল্ড গীটাৰিষ্টখন নমাই অনা কুশলৰ ফালে চাই পাৰুলে
আটাহ পাৰি উঠিল।

আপুনিচোন
এইখন দেখিবই নোৱাৰে। মই মন কৰিছোঁ নহয়। খুব বিৰক্তিৰে আপুনি ছবিখনলৈ চাই থাকে। সৌটো
কি আনিছো চাওক। আপুনিযে কৈছিল নিৰ্জীৱ ছবিতকৈ জীৱলগা বস্তুহে আপুনি ভালপায়। হা:
হা:। গাৰ্লিক ভাইনৰ পুলি। আমাৰ বাৰন্দাত গাৰ্লিক ভাইন বগাব বুজিছে। গাৰ্লিক ভাইনক
অসমীয়াত কি কয় জানে
? পাৰুললতা। 

পাৰুলে সেইদিনা চৌধুৰীক দ অল্ড গীটাৰিষ্টখন আঁতৰাবলৈ নিদিলে। সদায় দেখোঁতে দেখোঁতে ছবিৰ বুঢ়া
মানুহজনক তেওঁৰ ভাললগা হৈ আহিছে। এই যেন ছবিৰ মানুহজনে কেৱল পাৰুলৰ বাবেই গীটাৰখনত মন
ৰাইজাই কৰা সুৰ এটি বজাবলৈ আৰম্ভ কৰিব। বৰঞ্চ পাৰুলে অভিমান ভৰা কণ্ঠৰে চৌধুৰীক আন এটা
প্ৰশ্নহে কৰিলে- 

ইছ্। বৰ
আহিছে পাৰুললতাৰ বাগিচা পাতিবলে
‘!
হীৰাফুলৰ পুলি নাপালে?

হীৰাফুল? সেইজোপা আকৌ কেনেকুৱা

মোকো
ঈশ্বাকে ছবিতহে দেখুৱাইছিল। তেওঁ খুব ভালপায় হীৰাফুল।
 

মোক
ছবিখন দেখুৱাবচোন। নামটো ইমান ভাল লাগিছে। নাৰ্ছাৰিত বিচাৰিম। – প্ৰথম বাৰৰ কাৰণে কুশল চৌধুৰীয়ে ঈশ্বাকক প্ৰতিদ্বন্দ্বী বুলি ভাবিলে আৰু তেওঁৰ কলিজাক নিলাজী বনৰ
কাঁইট হেন ঈৰ্ষাৰ মিহি কাঁইট এডালে বিন্ধি পেলালে।

আচল
নামটো হীৰাফুল নহয়। মইহে মৰমতে হীৰাফুল বুলি কওঁ। ঈশ্বাকহঁতৰ ভাষাত কেউহীৰা বুলি
কয় হ
বলা।
কেউহী বুলিও কয়। এই কেউহী নামটোৰ পৰাই হেনো ঈশ্বাকহঁতৰ ৰাজধানীখনৰ নাম ক
হিমা হৈছিল। বৃটিছৰ মুখত
কেউহী নুফুটি ক
হিমা হল আৰু মোৰ মুখত কেউহীৰা
নুফুটি হীৰাফুল হ
ল।  -দুপৰীয়া ভাত খালেনে নাই আবেলিলৈ পাহৰি যোৱা পাৰুলে দূৰ অতীতৰ পৰা হীৰা
বোটলাদি শব্দবোৰ বুটলি অনা দেখি চৌধুৰী সঁচাকৈয়ে আচৰিত হ
ল। সকলো নিস্প্ৰভ হৈ পাৰুলৰ
পৃথিৱীত কি কেৱল লাটুম
, ঈশ্বাক, নাগালেণ্ড, হীৰাফুলেই ৰৈ যাব নেকি!
এনেয়েও মানুহজনীৰ আচৰণ দিনক দিনে অস্বাভাৱিক হৈ গৈ আছে।
 

পিছে এদিন উজ্জ্বল সোণালী মুগাত ঢেলা সোণালী টচসূতা বোৱা উকা কাপোৰ
এসাজ পিন্ধি স্বাভাৱিকভাৱেই পাৰুলে সুৰজিত ভৱনৰ গাৰ্ডক ৰিক্সা এখন মাতিবলৈ পঠালে।
গিৰীয়েক প্ৰদীপ্ত ট্যুৰত থকাৰ বাবে পল্লৱীৰ অফিচ-ঘৰ-কেঁচুৱা চম্ভালি মৰিবলৈও সময়
নাছিল। তথাপি তাই আদৰেৰে পাৰুলক সুধিলে-

কোনফালে
যায় বাইদেউ
? আপোনাৰ
দেখোন গাটোও ভাল নহয়। কিবা কাম আছে যদি মোকেই কওকচোন।

বহুতদিন
হৈ গ
ল লাটুমে
ফোন কৰা নাই। তাকেই বিচাৰি যাওঁ ৰ
বা। মোৰ মবাইলটোত
কি হ
ল জানো, তাৰ নামটোৱেই নাইকিয়া হৈ গল দেখোন। 

কিবাকৈ
ডিলিট হৈ গ
ল চাগে। দিনক
দিনে ৰোগী বাঢ়িছেহে বাঢ়িছে। গতিকে ডাক্টৰৰ ব্যস্ততাও বাঢ়িবই। ধৈৰ্য ধৰকচোন। লাটুম
নিশ্চয় বহুত ব্যস্ত। নহ
লে
মাকজনীলৈ ফোন নকৰিবনে
?

ওহোঁ ।
মাক-দেউতাকৰ নিচিনা নি:স্বাৰ্থ সম্পৰ্কবোৰক মানুহে নিজৰ বাৰীৰ শালগছ বুলি ভাবে
জানা। বিনাকষ্টে কাঠ আৰু ছাঁ পাবই যেতিয়া কি দৰকাৰ চেনেহ যচাৰ। -অভিমানত পাৰুলৰ
নাকৰ পাহি ফুলি উঠে। দুৰ্বল মানুহজনীক সেইদিনা পিছে পল্লৱী আৰু কুশলে ওলাই যাবলৈ
নিদিলে। তেওঁ লাটুমৰ হস্পিতালখনৰ নাম
, লাটুম থকা ঠাই, চব পাহৰি
পেলালে। তেওঁৰ বৰ্ননা অনুসৰি কুশল চৌধুৰীয়ে মহানগৰীৰ কেইবাখনো ব্যক্তিগত চিকিৎসালয়
ডা: লাটুমক বিচাৰি চলাথ কৰিলে। লাটুম যেন বতাহতহে মিলি গ
ল। তেনে এক অথিৰ সময়তে হঠাৎ
সুৰজিত ভৱনৰ সমূখেৰে পাৰ হৈ যোৱা লাটুমৰ টেংগো ৰে
ড অডিখন পাৰুলৰ চকুত পৰিল। ৰৈ
থকাৰ প্ৰশ্নই নুঠে। লাটুম লাটুম বুলি চিঞৰি দীঘলীয়া চিৰিয়েদি নামি চোতাল পাৰ হৈ
তেওঁ বাটলৈ দৌৰ মাৰিলে। গাৰ্ড মতিয়ে তৎ ধৰিব পৰাৰ আগতেই হামখুৰি খাই পৰা পাৰুলৰ
বাওঁহাতৰ ওপৰেৰে গাড়ীৰ চকা উঠি গ
ল। আচৰিত
ধৰণে হাড় ভগাৰ বিষকো আওকাণ কৰি “লাটুম লাটুম” বুলি তেওঁ চিঞৰিয়েই থাকিল।
 

চিকিৎসালয়ত ভৰ্তি কৰায়েই সুৰজিত ভৱনৰ আন আৱাসীসকলে পাৰুলক পাহৰি
পেলালে যদিও পল্লৱী আৰু কুশল চৌধুৰী কিন্তু তেওঁৰ ছাঁ হৈ থাকিল। পাৰুলৰ পৰিয়ালৰ
একমাত্ৰ সদস্য হিচাপে কুৱেইটত থকা ভায়েক ৰণদীপক খবৰ দিয়া হ
ল। ৰণদীপ অৱশ্যে লগে লগেই
ভাৰতলৈ ৰাওনা হ
ল।
পাৰুলে ভায়েকৰ দুহাত খামুচি কান্দোনত ভাগি পৰিল

চাচোন ৰণ, এই বয়সত লাটুমে মোক কি
শাস্তি দিছে। মাকৰ লগত এনেকুৱা কৰে নে কোনোবাই! তাক চাগে দেউতাকে নাগা পাহাৰলৈ লৈ গ
ল বুজিছ।
ডিফুফাৰলৈ…ঈশ্বাকহঁতৰ কেম্পলৈ। শান্তি আলোচনা নোহোৱালৈকে সিহঁত চাগে তাতেই থাকিব।
মোক তালৈ লৈ ব
ল ৰণ।

বিস্ময়ত ৰণদীপৰ মুখৰ মাত হৰিল। সি আলফুলে শীৰ্ণ, দুৰ্বল বায়েকজনীক সাবটি
ধৰিলে।

ভগা হাতখনৰ প্ৰাৰম্ভিক চিকিৎসা কৰায়েই পাৰুলক দিল্লীৰ লাজপত নগৰৰ
“ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ
, নিউৰ এণ্ড এলাইড ছায়েঞ্চেজ”লৈ লৈ যোৱা হল। শৰীৰতকৈ এতিয়া তেওঁৰ
মনকহে চিকিৎসাৰ প্ৰয়োজন। কুশলৰ সমূখতে ৰণদীপে মনোৰোগ বিশেষজ্ঞজনক কৈ গ
ল -অবিবাহিতা বায়েকৰ লাটুম
নামৰ কোনো সন্তান নাছিলেই। লাটুম আচলতে বহু বছৰ আগেয়ে ঢুকোৱা পাৰুল
, ৰণদীপহঁতৰ সৰু ভায়েকহে
আছিল। এসময়ত এজন নগা ল
ৰাৰ সৈতে
পাৰুলৰ গভীৰ প্ৰেম হৈছিল। ল
ৰাজন
কোনোবা বিদ্ৰোহী সংগঠনৰ সদস্য আছিল আৰু এসময়ত তেওঁ হত্যাৰ বলি হৈছিল। সেই দুখতে চৰকাৰী
হাইস্কুলৰ শিক্ষয়িত্ৰী পাৰুল অবিৱাহিতা হৈয়েই থাকি গৈছিল। ৰণদীপহঁতে আনকি ল
ৰাজনৰ নামটোও নাজানে।
পাৰুলৰ নিজৰ চৰকাৰী চাকৰি
, তাতে
মহানগৰীত পিতাকৰ দিনৰ অনেক সম্পত্তি
, সেয়ে কুৱেইটলৈ যাওঁতে বায়েকৰ নিৰাপত্তাক লৈ ৰণদীপেও বিশেষ একো চিন্তা
কৰা নাছিল।
 

পিছে ভায়েকৰ অজ্ঞাতে পাৰুলৰ মানসিক জগতখনত বহুত অঘটনেই ঘটি গল। পাৰুলহঁতৰ মাক-পিতাক
কেতিয়াবাই ঢুকাইছিল। বয়স বাঢ়ি অহাৰ লগে লগে অন্তৰ্মুখী পাৰুলে বন্ধু-বান্ধৱতো
বাদেই, পৰিয়ালৰ আন মানুহৰ লগতো সংযোগ হেৰুৱাই পেলাইছিল। আধৰুৱা প্ৰেম আৰু
নি:সঙ্গতাই যেন পাৰুলক ক্ৰমশ: চেপি আনিলে। শৰীৰৰ প্ৰয়োজন
, মনৰ প্ৰয়োজন একোৱেই পূৰ নহল তেওঁৰ। লাহে লাহে অহৰহ তেওঁ
কল্পনাৰ জগত এখনত থাকিবলৈ ল
লে।
বাস্তৱত নোপোৱাখিনি তেওঁ কল্পনাতে পাবলৈ ধৰিলে
, অৰ্থাৎ ঈশ্বাকৰ সৈতে এখন ঘৰৰ কল্পনা, লাটুমৰ জন্ম ইত্যাদি ইত্যাদি। সেই কল্পনা ৰাজ্যখনৰ
প্ৰতি পাৰুলৰ ইমানেই 
মোহ বাঢ়ি আহিল যে অৱশেষত তেওঁ চাকৰিটোও এৰি পেলালে। বাস্তৱৰ পৰা পলায়ন
কৰি গৈ গৈ এসময়ত তেওঁৰ মগজুৱেও কল্পনাৰ চৰিত্ৰবোৰকে সঁচা বুলি স্বীকাৰ কৰি ল
লে। সেয়ে লাটুমক কোনোদিনে
পাৰুলৰ বাদে সুৰজিত ভৱনৰ কোনেও দেখা নাছিল। সি গে
টৰ পৰা মা বুলি চিঞৰি মতা মাতষাৰ
পাৰুলৰ কল্পনাহে আছিল। টেংগো ৰে
ড অডিখন আছিল পাৰুলহঁতৰ কাষৰ বাইলেনৰ বিশ্বজিৎ
নাথৰ।

কনফেবুলেশ্যন
(
Confabulation) বুজিছে…
মানসিক সৃষ্টি। বিশ্বাস কৰি ভাল লগা মানসিক জগত এখন নি:সঙ্গ পাৰুলে নিজেই সৃষ্টি
কৰি লৈছিল আৰু সেইখনতে আজি ওলাব নোৱৰাকৈ তেওঁৰ জঁট লাগিল। দ্ৰুতগতিত তেওঁৰ স্মৃতি
বিলোপ হৈ গৈ আছে আৰু সেই খালী ঠাই পূৰাইছে ঈশ্বাক
, লাটুমহঁতৰ ভুৱা স্মৃতিৱে। – হতবাক ৰণদীপ, কুশলক চিকিৎসকে বুজাই কলে।

দ্ৰুতগতিত সময় বাগৰিল।

চেনেহসনা আপদালত কুশলে টাবত ৰোৱা পাৰুললতাজোপা ঠন ধৰি উঠিল আৰু
কুমলীয়া আগ দুটামানে দ অ
ল্ড
গীটাৰিষ্ট ছবিখন চোওঁ চোওঁ যেন কৰিলে।

দিল্লীত পাৰুলৰ দীঘলীয়া চিকিৎসা চলিল। প্ৰায় আশী শতাংশ সুস্থ হৈ উঠাৰ
পাছত দিল্লীৰ পৰা আজি পাৰুল অসমলৈ আৰু ভায়েক ৰণদীপ কুৱেইটলৈ উভতিব। পাৰুলৰ
চিকিৎসাৰ গোটেই সময়খিনিত আত্মীয় মানুহৰ দৰেই কুশল চৌধুৰীৰ দিল্লীলৈ অহা-যোৱা চলি
থাকিল। আজিও ৰণদীপক সকাহ দি চৌধুৰীয়ে পাৰুলক নিবলৈ আহিছে।
 

এই বয়সত
হৃদয় জোৰা লাগিলেও হাড় জোৰা লগাটো টান বুজিছে। – গুৱাহাটীমুখী ফ্লাইটত বহি
বাওঁহাতৰ কিলাকুটি পৰীক্ষা কৰি থকা পাৰুললৈ চাই কুশল চৌধুৰীয়ে অপাৰ চেনেহেৰে ক
লে। হীৰাফুল এপাহ ফুলি উঠাৰ
দৰেই পাৰুলে উজ্জ্বলকৈ হাঁহি পেলালে।

সেই শীততে সুৰজিত ভৱনৰ বাৰন্দাৰ টাবৰ হাইব্ৰীড পাৰুললতাজোপাও উবুৰি
খাই ফুলিল…পিকাছোৰ দ অ
ল্ড
গীটাৰিষ্টজনে ৰাজহাড় পোন কৰি বহি ল
লে আৰু লেথাৰি নিছিগাকৈ পাৰুলৰ হিয়াত মৌ ঢালিব পৰাকৈ বজাই গল ইটোৰ পাছত সিটো সৰগীয়
সুৰ।

           

Email–cinemakhokuwa83@gmail.com