পাঠাগাৰ

সংস্কৃতৰ সমুদ্ৰত অৱগাহন

° চাৰহাৰউদ্দিন আহমেদ 

বহু-আনন্দ, নগাঁও, ২০১৯

সংস্কৃত ভাষাটোক সাধাৰণতে ধৰ্মৰ সৈতে সম্পৰ্কিত
বুলি ভবা হয় আৰু সেয়েহে বিশেষ বিশেষ ধৰ্মৰ লোকে সংস্কৃত পঢ়িবলৈ আগ্ৰহ প্ৰকাশ নকৰে৷
ভাৰতবৰ্ষত বিশেষকৈ ইছলামধৰ্মী লোকসকলে সংস্কৃত পঢ়াৰ কথা ভাবিবই নোৱাৰে বুলিব পাৰি৷
° চাৰহাৰউদ্দিন আহমেদ এজন ইছলামধৰ্মী লোক হৈ
সংস্কৃত ভাষা-সাহিত্যৰ উচ্চতৰ অধ্যয়নত আত্মনিয়োগ কৰি সৰ্বোচ্চ
 বিদ্যায়তনিক ডিগ্ৰী অৰ্জন কৰা ব্যক্তি৷ অসমৰ
সংগ্ৰহালয়সমূহৰ সঞ্চালক পদত অধিষ্ঠিত হ
বলৈ সক্ষম হোৱা ড° আহমেদে প্ৰান্তিক আলোচনীত নিজৰ শিক্ষাজীৱনৰ, বিশেষকৈ সংস্কৃত শিক্ষাৰ আঁৰৰ কথাবোৰ ছোৱা ছোৱাকৈ
লিখিছিল৷ সেইখিনি লেখাৰ লগতে আৰু কেইবাটাও নতুন লেখাৰে
প্ৰকল্পনাৰ ফল সংস্কৃত সমুদ্ৰত অৱগাহন
ধৰ্ম
, সাংস্কৃতিক পৰম্পৰা, দাৰিদ্ৰ্য, সামাজিকতা আদি শিক্ষাৰ পথত
কাহানিও হেঙাৰ হ
ব নোৱাৰে বুলি লেখকৰ শিক্ষাজীৱনে প্ৰতীয়মান কৰে৷ শিক্ষাগুৰুসকলৰ প্ৰতি
শ্ৰদ্ধাবোধ আৰু নিজৰ অধ্যয়নক্ষেত্ৰৰ প্ৰতি শ্ৰদ্ধা আৰু স্নেহ লেখকে কিতাপখনৰ প্ৰায়
প্ৰতিটো পৃষ্ঠাতে আন্তৰিকতাৰে প্ৰকাশ কৰিছে৷

অৰ্চনা পূজাৰীৰ নিৰ্বাচিত কবিতা

অৰ্চনা পূজাৰী

অসম বুক ট্ৰাষ্ট্‌, গুৱাহাটী, ২০১৮

সুদীৰ্ঘ চাৰিটা দশক জুৰি কাব্যচৰ্চাত আত্মনিয়োগ
কৰি থকা অৰ্চনা পূজাৰী আত্মানুভৱনিৰ্ভৰ কবি৷ তেওঁৰ কবিতাৰ কোনো কেন্দ্ৰীয় বিষয় নাই
; মানৱতাৰ সপক্ষে তেওঁ কবিতাৰ যোগেদি মাত মাতিব
খোজে৷ সাৰ্থক শব্দৰ সুবিন্যাসে তেওঁৰ কবিতাৱলীক সুমিষ্ট আৰু হৃদয়গ্ৰাহী হোৱাত সহায়
কৰিছে৷ তেওঁৰ কবিতাৰ ভাবনা প্ৰায়ে নব্য ৰোমান্তিক
, প্ৰকাশভঙ্গীহে আধুনিক৷ কিন্তু কবিতাৰ মাধ্যমেদি
চিৰন্তন মানৱীয় সত্য উপলব্ধিৰ প্ৰকাশ ঘটোৱাত তেওঁ সফলতা অৰ্জন কৰিছে৷ প্ৰবঞ্চনা
, প্ৰতাৰণা, জিঘাংসাৰে ভৰা মানুহৰ
সমাজখনৰ শেষ আশ্ৰয় যে কেৱল প্ৰেমহে সেয়া অৰ্চনা পূজাৰীৰ সমগ্ৰ কবিতাৰে কেন্দ্ৰীয়
ভাবনা৷ হৰেকৃষ্ণ ডেকাৰ পাতনি সম্বলিত কবি পূজাৰীৰ বাচকবনীয়া কবিতাৰ সংকলনটো
কাব্যৰসিকৰ সংগ্ৰহৰ যোগ্যই নহয়
, ই এক অমূল্য নিধি হিচাপেও
গণ্য হ
ব৷ 

অনুভূত অন্ধকাৰ
প্ৰয়াগ শইকীয়া
বহু-আনন্দ, নগাঁও, ২০১৭

গদ্য আৰু কবিতা উভয় বিধৰ ৰচনাৰে স্বচ্ছন্দ
সৃষ্টিশীলতাৰ পৰিচয় দিয়া প্ৰয়াগ শইকীয়াৰ ঘাই পৰিচয় কবি৷ এই কথা কবিতাক লৈ তেওঁৰ
নিৰন্তৰ সাধনাই প্ৰমাণ কৰিছে৷ কেইবাখনো সৰু অথচ মননশীল উপন্যাস ৰচনাত তেওঁ যদিও
নৈপুণ্য প্ৰকাশ কৰিছে তথাপি
, মাণিক দাসৰ দৰে তীক্ষ্ণধী
সমালোচকে কোৱা কথাষাৰলৈকো মনোযোগ দিব লাগিব
— ‘‘তেওঁৰ জন্ম হৈছে মূলতঃ কবি হোৱাৰ বাবেই, তেওঁ জন্মকবি৷’’ কবিতা লিখিবলৈকে এজন লোকৰ
জন্ম হোৱা বুলি কোৱা কথাষাৰে অতিশয়োক্তিৰ প্ৰতীতি ওপজায়৷ গতিকে কথাষাৰ কিমান
যুক্তিসঙ্গত
, সেয়া নিশ্চিতভাৱে পৰীক্ষাৰ বিষয় আৰু
শাৰীৰিকভাৱে তেওঁৰ নিকটত নথকা লোকৰ কাৰণে এনে পৰীক্ষা অসম্ভৱ৷ কবি শইকীয়াৰ বাৰখন
কবিতাপুথিৰ পৰা নিৰ্বাচিত কবিতাৰ সংকলন অনুভূত অন্ধকাৰ
  পুথিখনৰ কবিতাসমূহৰ পাঠে
পঢ়ুৱৈক নিশ্চিতভাৱে অতিলৌকিক আৰু তুৰীয় অভিজ্ঞতাৰ সোৱাদ দিব৷
 

আৰিৱা

অনুৰাধা দত্ত

আঁক-বাক, গুৱাহাটী, ২০১৯

অসমীয়া ভাষাত থ্ৰিলাৰ বা হৰ বিষয়ৰ
লেখাক সাধাৰণতে দ্বিতীয় পৰ্যায়ৰ সাহিত্য বুলিয়ে ভবা হৈ আহিছে৷ শেহতীয়াকৈ অৱশ্যে
ক্ষীণভাৱে হ
লেও সমালোচকে এনে ধাৰাকো গুৰুত্ব দিবলৈ আৰম্ভ
কৰা দেখা গৈছে৷ পৃথিৱীৰ আগবঢ়া সাহিত্য পৰম্পৰাত কিন্তু এনে ধৰণৰ লেখা পৰ্বতপ্ৰমাণ৷
এনে লেখাৰ মাজৰ পৰাও বহু ক্লাছিক বুলিব পৰাকৈ শ্ৰেষ্ঠ ৰচনা ওলাইছে৷ সি যি নহওক
,
 অনুৰাধা দত্তৰ আৰিৱা উপন্যাসৰ ঘটনাক্ৰম বিদেশৰ
পটভূমিত নিৰ্মিত৷ কলেজীয়া গাভৰু এলিজীৰ জীৱনলৈ অহা আদম নামৰ যুৱকজন এটা ভেম্পায়াৰ
বুলি গম পোৱাৰ পাছত এলিজীয়ে তাৰ সৈতে সম্পৰ্ক ছেদ নকৰিলে৷ তাৰ পাছত আদমৰ ঠাইত তাৰ
ভাতৃ ডেমনৰ প্ৰেমত পৰিল এলিজী৷ উপন্যাসখনৰ ঘটনাক্ৰমৰ বিস্তৃতি কমেও
 তিনিহাজাৰ বছৰৰ, ত এলিজীৰ পূৰ্বজীৱনৰ পৰিচয় ফুটি উঠে আৰিৱা
নামৰ মৰুনায়কৰ জীয়েক বুলি৷ তাৰো পূৰ্বে এলিজী আছিল ভেম্পায়াৰবোৰৰ ৰজা নিক
লাছৰ দুভাৰ্গিনী মাতৃ৷ অতিশয় সাৱধানতা অৱলম্বন কৰি উপন্যাসখনৰ ঘটনাৱলীক
আগবঢ়াই নিয়া হৈছে৷ কেৱল এশ বাৰ পৃষ্ঠাৰ উপন্যাসখনত ইমান বিস্তৃত আৰু ব্যাপক
ঘটনাৱলী সামৰিব পৰাটো নিশ্চিতভাৱে ঔপন্যাসিকৰ কৃতিত্ব৷
 

অদৃশ্য-দৃশ্যমান
প্ৰেমনাৰায়ণ নাথ
আলিবাট, গুৱাহাটী, ২০১৪

উত্তৰ ৰামধেনু কালৰ অসমীয়া কবিকুলৰ মাজৰ এক
শক্তিশালী কণ্ঠ হৈছে প্ৰেমনাৰায়ণ নাথ৷ জাগতিক সত্যৰ অতীত এক পৰম সত্যৰ সন্ধানত
নাথৰ কবিতা ব্ৰতী৷ কবিতাৰ মাজেদি তেওঁ ধ্যান কৰে নৈসৰ্গিক প্ৰকৃতিৰ আৰু তাৰ ফলত
অৰ্জন কৰে অনিৰ্বচনীয় কাব্যিক উপলব্ধি৷ নিজৰ চাৰিওকাষৰ লোকজীৱনৰ সৈতে থকা
আত্মীয়তাই তেওঁৰ কবিতাৰ ভাষা নিৰ্মাণত সহযো
গিতা আগ বঢ়াইছে৷ সুদীৰ্ঘ দিনৰ অনুশীলনৰ ফলত চিত্ৰকল্প নিৰ্মাণৰ দিশত তেওঁ আহৰণ কৰিছে
এক সজীৱ নৈপুণ্য৷ চেতনাৰ গভীৰত ধাৰণ কৰা প্ৰজ্ঞাৰ পোহৰেৰে তেওঁৰ কবিতা মাজে মাজে
বিজুলী চমকৰ দৰে উ
লি উঠিছে, কেতিয়াবা হৈ পৰিছে
বৰ্ষণোদ্যত আকাশৰ দৰে গধুৰ৷ মানৱীয় উপলব্ধিত নিজৰ অস্তিত্ব সম্পৰ্কে থকা দোদুল্যমানতা
কবি নাথৰ মৰ্মগত৷ সেয়েহে আধুনিকতাবাদী সমসাময়িকসকলৰ দৰে তেৱোঁ জীৱনৰ উচিত-অনুচিতৰ
সংঘাতত ক্ষত-বিক্ষত৷ সেইবুলি সামাজিক বৈষম্য
, দুৰ্নীতি, সুবিধাবাদ, শ্ৰমবিমুখ প্ৰদৰ্শনকামিতা
আদিও তেওঁৰ শাণিত চকুৰ পৰা সাৰি যোৱা নাই৷
  অদৃশ্য দৃশ্যমানত কবি প্ৰেমনাৰায়ণ নাথৰ নিৰ্বাচিত
কবিতাসমূহ সংকলিত হৈছে৷ আগ্ৰহী পাঠকে গ্ৰন্থখন নিজৰ সংগ্ৰহত ৰাখি নিশ্চয় গৌৰৱ বোধ
কৰিব৷
 

সোঁৱৰণিৰ সোণোৱালী পৃষ্ঠা

হিৰণ্য কুমাৰ নাথ

আঁক-বাক, গুৱাহাটী, ২০১৭

জীৱনী আৰু আত্মজীৱনীৰ সংখ্যাৰ ফালৰ পৰা অসমীয়া
সাহিত্য বৰ বিশেষ চহকী নহয়৷ যিসকল লোকে আনৰ জীৱনী লিখিছে
, থ্য-পাতিৰ শুদ্ধতাৰ বাহিৰে ব্যক্তিগৰাকীৰ
মূল্যায়নৰ ক্ষেত্ৰত প্ৰায়ে বীৰপূজাৰ মানসিকতাৰ পৰিচয় দিছে৷ একেদৰেই আত্মজীৱনীৰ
ক্ষেত্ৰতো প্ৰায়েই আত্মপ্ৰশংসাৰ স্তৰতে আমাৰ পৰম্পৰা সীমা
দ্ধ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক হিৰণ্য কুমাৰ
নাথে এখন ব্যতিক্ৰমী পুথি লিখি উলিয়াইছে সোঁৱৰণিৰ সোণোৱালী পৃষ্ঠা
নামেৰে৷ অতি ক্ষুদ্ৰ অৱয়বৰ এই কিতাপখনো জীৱনীমূলকেই
,
 কিন্তু আত্মজীৱনী নহয়৷  লেখকে ইয়াত নিজৰ দেউতাকৰ
জীৱনৰ কথা লিখিছে
 বীৰপূজাৰ দৃষ্টিৰে নহয়, সমসাময়িক সমাজখনো পুহৰি উঠাৰ আশাৰেহে৷ বাস্তুহাৰা
ককাদেউতাক চানাৰামে নতুন ঠাইত বসতি স্থাপন কৰাৰ পৰা বিয়া-বাৰু কৰাই সন্তান জন্ম দি
তেওঁলোকক সুশিক্ষা লাভৰ ব্যৱস্থাও কৰিছিল৷ যোৱা শতিকাৰ চতুৰ্থ-পঞ্চম দশকৰ অসমৰ
, বিশেষকৈ দৰং জিলাৰ মঙলদৈ অঞ্চলৰ বহু সৰু-বৰ
ঘটনা লেখকে দেউতাক গম্ভীৰ চন্দ্ৰ নাথৰ জীৱনৰেখাৰ ভিত্তিত বৰ্ণনা কৰিছে৷ সমকালীন
সমাজৰ গ্ৰাম্য অৰ্থনীতি
, কৃষিকৰ্ম, সাংস্কৃতিক জীৱন, শৈক্ষিক পৰিৱেশ আদি পুথিখনত ধৰি ৰাখিবলৈ যত্ন
কৰা হৈছে৷ পুথিখনৰ বিশেষভাৱে মন কৰিবলগীয়া দিশটো হৈছে
, লেখকে নিজৰ জন্মৰ সময়তে পুথিখন সামৰণি মাৰিছে৷
নিশ্চিতভাৱে এখন আকৰ্ষণীয় আৰু অৱশ্যপঠনীয় কিতাপ৷