সেউজী সেউজী সেউজী অ’

 

 প্ৰাণজি বৰা


এদিন সন্ধিয়া দেউতাকে আহি দৃশ্যটো দেখি
বিচুৰ্তি খালে। গোপালে পীৰা এখনত বহি লৈ বেৰত আঁ‌উজি চকুদুটা মুদি লৈ পদ্য মাতি
আছে
, আৰু থুপিতৰাই একান্তমনে
পদ্যবোৰ
লিখি গৈছে।       

              লাই-লফা বগৰী

           
বৰপীৰাত বহি বহি

           
হাতী গ
ল উখহি।”

ইমান খৰকৈ কলে মই কেনেকৈ লেখিম, খুড়া? লাহে লাহে কোৱা আকৌ।”

হয়নেকি, আকৌ মাতো ৰ, তই শুনি ল—-

           লাই-লফা বগৰী

            
সখী মাণিকি

            
হাতীক ধৰা সা
টি।”

ইঃ, এইটো দেখোন বেলেগ পদ্য মাতিলা। আগৰটো মাতা আক‘!”

বেলেগ মাতিলো? ইয়ে, হয়তো আকবি, আকৌ আগৰটো মাতো-

             
লাই-লফা বগৰী

             
সখী মালিনী

             
এতিয়া হাতীক দিয়া

             
ভাল দৰৱ এপালি।”

ইঃ, এইটোও বেলেগ মাতিলা। একেবাৰে পোনতে যিটো মাতিছিলা, সেইটো মাতা।”

হয়নে? শুন তেন্তে-

             
লাই-লফা বগৰী

             
বৰপীৰা এৰি

             
হাতী যাওক লৱৰি।”

ইঃ, এইটোও বেলেগ দেখোন!” তাই চিঞৰি উঠিল।

এইবাৰ দেউতাকেই মাত লগালে, “হয়তো আক‘, লাহে লাহে এটা এটাকৈ মাতিলেহে হব আকৌ। পিছে কথাটো কি? এইবোৰ কি কৰিছ তঁ‌হতে ?”

ভিতৰৰ পৰা ওলাই অহা পেহীয়েকে হাঁহি হাঁহি
ককায়েকক ক
লে,
নেদেখিছনে তাইৰ কাম!
গোপাল কাইটিক শিকাইহে এৰিব বোলে! সি আৰু ক
ত এই বয়সত শিকিব পাৰে? তাই দুদিনমান
যত্ন কৰি বাদ দিলে। এতিয়া তাই কৈছে যে তাৰ পদ্যবোৰ তায়েই বোলে লেখি থব। সি সেয়া কৈ
গৈছে
, তাই লেখি গৈছে।”

দেউতাকৰ মুখখন বুজাব নোৱৰা এক জেউতিৰে ভৰি
পৰিছে।

মুখ-হাত ধুই আহি তেওঁ নিজেও সিহঁতৰ ওচৰতে
বহিলহি।

থুপিয়ে দেউতাকক কথাবোৰ বুজাই কলে। সকলো আখৰৰ ভিতৰত গোপালে বাৰে বাৰে উজুটি
খায় দন্ত্য
‘, মূৰ্ধন্য ‘, দন্ত্য ‘, মুৰ্ধন্য আৰু শেষত ক্ষ‘, ‘আৰু ‘-ত।

গোপালে তামোল এখন মুখত ভৰাই লৈ বহি থকাৰ পৰা
উঠিল
, “দন্ত্য-মুৰ্ধন্য
নেকি
, এইবোৰ এই বয়সত আৰু নোৱাৰি
দেও! মই এটা প্ৰকাণ্ড ঘৰ অকলে সাজি দিব পাৰিম
, লাগিলে দহোটা ভলুকা বাঁ‌হ গেজেপনিৰ পৰা অকলে
উলিয়াই আনিব পাৰিম
, কিন্তু লেখা-পঢ়া
মোৰ দ্বাৰা আৰু নহ
ব দেই!”

দেউতাকে মনখুলি হাঁ‌হিলে, “তই যত্ন কৰচোন। শিকাৰ কাৰণে বোলে বয়স নাথাকে।
পাৰিবি আক
‘!”

গোপালৰ নিজৰো হাঁ‌হি উঠিল, “তই মোক হিমালয়লৈ যাবলৈ কচোন, যাম। এতিয়াই যাম। কিন্তু পেঞ্চিল ধৰিব নোৱাৰিম
দেই এতিয়া। মোৰ সেইকেইটা আখৰ নহয়
, আখৰ গুচি অগৰা
গুটি হৈছেগৈ।”

থুপিৰ হাঁহি উঠি যায়। গোপাল খুড়াই ঠিকেই ৰিজনি
দিছে। তেওঁ বহু যত্ন কৰি কৰি লেখা আখৰকেইটা সঁ‌চাকৈয়ে অগৰা গুটি যেনেই হৈছেগৈ।
‘-টোৰ চুককেইটা বাৰেপতি কোনপিনে যে গৈছে, পকোৱা হাতৰ আখৰ লেখা মানুহৰ হাতবোৰেও কোনোদিনে
চাগে
সেইপিনে লৈ যোৱা নাই এই ‘-টোক!!