এনালছ স্কুল আৰু অসমৰ ইতিহাস চর্চা

  ৰক্তিম ৰঞ্জন শইকীয়া

 

ইতিহাস চর্চা এক
অতি পুৰণি বিদ্যায়তনিক পৰম্পৰা৷ হেৰোডোটাছক যদি আমি ইতিহাস চর্চাৰ জনক বুলি ধ
ৰোঁ, তেন্তে খ্ৰীষ্টপূর্ব পঞ্চম শতিকাৰ পৰা যি চৰ্চা আৰম্ভ হৈছিল
সেই চৰ্চাৰ ধাৰা কুৰি শতিকাৰ প্ৰথম দুটা দশকলৈকে বিশেষ পৰিৱর্তন নোহোৱাকৈ চলি থাকিল৷
প্ৰায় আঢ়ৈ হাজাৰ বছৰীয়া সময়ছোৱাত ইতিহাস অধ্যয়ন বিষয়টোত সাংঘাতিক পদ্ধতিগত পৰিৱর্তন
নহ
ল৷ পুৰণি নথিপত্ৰ আৰু পুৰাতাত্ত্বিক
সমল এই দুই সঁজুলিৰ ওপৰত ভিত্তি কৰিয়েই ইতিহাসৰ লিখন
, পু
ৰ লিখন আৰু সংবর্ধন
চলি থাকিল৷ কিন্তু ১৯২৯ খ্ৰীষ্টাব্দত ফ্ৰাঞ্চত ইতিহাস অধ্যয়নৰ এক নতুন ধাৰাৰ অংকুৰণ
হয়৷ সেই বছৰতে ফ্ৰাঞ্চৰ ষ্ট্ৰাচবাৰ্গৰ পৰা প্ৰকাশ হয়
এনালছ
ডি
হিষ্টৰ ইকনমিক এট ছচিয়েলি”(Annales d’histoire
economique et sociale)
নামৰ আলোচনীখন৷ বর্তমানো এই আলোচনীখনএনালছ, হিষ্ট, চাইঞ্চেছ
চিয়েলেছ” (Histoire, Sciences Sociales) নামেৰে চলি
আছে৷ এই আলোচনীখনেই প্ৰথম বাৰৰ বাবে ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰে৷
এই দিশটো হ
ল আন্তঃবিদ্যাৱৰ্তী দৃষ্টিৰে ইতিহাস অধ্যয়ন৷ প্ৰথমবাৰৰ
বাবে ইতিহাস অধ্যয়নৰ সঁজুলি হিচাপে জলবায়ু
, কৃষি উৎপাদন, বাণিজ্য, প্ৰযুক্তি, পৰিবহন ব্যৱস্থা
আদিৰ ব্যৱহাৰ আৰম্ভ হ
ল৷ তেতিয়াৰ পৰাই ইতিহাস অধ্যয়নৰ কাৰণে আৰম্ভ
হোৱা বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰে বর্তমানে ব্যাপক ৰূপ ধাৰণ কৰিছে৷ আজিৰ তাৰিখত সমগ্ৰ
পৃথিৱীজুৰি ইতিহাস অধ্যয়নৰ কাৰণে ৰেডিঅ
কার্বন সময় নিৰূপণ
পদ্ধতি
(Radio Carbon dating), তাপ/পোহৰ উদ্দীপন
সময় নিৰূপণ পদ্ধতি
(TL/OSL dating), বিষ্ঠাশিলা অধ্যয়ন
(Coprolite study),
শিলাতত্ত্ব  (Petrology), পুৰাধাতুতত্ত্ব
(Palaeo Metallurgy),
জলবায়ু বিজ্ঞান (Climatology),
নদীবিজ্ঞান
(River Science)
আৰু পুৰাৰেণু তত্ত্বৰ (Palaeo
Palynology)
ব্যাপক ব্যৱহাৰ হয়৷

দুর্ভাগ্যবশতঃ
অসমৰ ইতিহাস অধ্যয়নত বিজ্ঞান আৰু প্ৰযুক্তিবি
দ্যাৰ ব্যৱহাৰ এতিয়ালৈকে বিশেষ হোৱাই নাই
বুলিব লাগিব৷ প্ৰযুক্তিবিদ্যাতো 
দূৰৰে কথা অসমৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত সামান্য বৈজ্ঞানিক
ধ্যান
ধাৰণাৰ ব্যৱহাৰ হোৱাও দেখা নাযা৷ অসমৰ বর্তমান সময়ৰ ইতিহাস
চৰ্চাৰ ক্ষেত্ৰখনত বিজ্ঞানৰ ধ্যান
ধাৰণাৰ প্ৰয়োগৰ নামত কি চলি আছে তাৰ কেইটামান উদাহৰণ দিব খুজিছোঁ৷

মধ্যযুগৰ অসমত
নিজাকৈ ৰাজ্য স্থাপন কৰা এটা অন্যতম জনগোষ্ঠী হ
ল চুতীয়াসকল৷ মধ্যযুগৰ চুতীয়া ৰাজ্যৰ
সম্পূর্ণ ইতিহাস এখন ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে৷ উক্ত ইতিহাসৰ এটা গুৰুত্বপূর্ণ প্ৰ
ন্ধত লেখকজনে চুতীয়াসকলে ঘোঁৰা
পালন কৰাৰ তথ্য এটা যুক্তি সহকাৰে প্ৰমা
কৰিবলৈ চেষ্টা কৰিছে৷ মধ্যযুগৰ চুতীয়াসকলে
ঘোঁৰা পালন কৰিবও পাৰে৷ সেইটো আচৰিত কথা নহয়৷ কাৰণ চুতীয়া ৰাজ্যৰ বা
ণিজ্যিক সম্পর্ক দীর্ঘ দূৰত্বলৈ বিস্তাৰ হৈছিল৷ গতিকে
তেনে সূত্ৰত চুতীয়া ৰাজ্যলৈ ঘোঁৰাৰ আমদানি হ
ব পাৰে৷ কিন্তু আমি উল্লেখ কৰা লেখকজনে
মধ্যযুগৰ চুতীয়া ৰাজ্যত ঘোঁৰাৰ ব্যৱহাৰ হোৱাৰ প্ৰমা
হিচাপে দাঙি ধৰিলে
ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনঘৰচীয়া ঘোঁৰাৰ জাকবোৰক৷ উল্লেখযোগ্য
যে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনঘৰচীয়া ঘোঁৰাৰ জাকবোৰ দ্বিতীয় মহাসমৰৰ সময়ত মিত্ৰশক্তিৰ
সৈন্যই ব্যৱহাৰ কৰা বোজা বোৱা ঘোঁৰাৰ বংশধৰ৷ অথচ অসমৰ ইতিহাসবিদৰ
কৃপাত সেই ঘোঁৰাবোৰ হৈ পৰিল চুতীয়া ৰাজ্যৰ ঘোঁৰা৷ অসমৰ মাজু
লীৰ চাপৰিবোৰত সদ্যহতে নতুনকৈ
বহুকেইটা বনঘৰচীয়া ঘোঁৰাৰ জাক সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে৷ বর্তমানৰ গতিত ইতিহাস চর্চা
অব্যাহত থাকিলে সেই ঘোঁৰাকেইটাও হয়তো এদিন শৰাইঘাটৰ ঘোঁৰা হৈ পৰিব৷

অসমৰ ইতিহাস
চর্চাৰ বাটকটীয়া স্বৰূপ ডঃ সূর্য্যকুমাৰ ভূঞাই তেখেতৰ
এংলো আছামিজ ৰিলেচনছ্ গ্ৰন্থত উল্লেখ কৰিছে যে আহোম
ৰাজ্যলৈ উত্তৰ ব্ৰহ্মদেশৰ বৰখামতি দেশৰ পৰা লডা ৰূপ আহিছিল৷ একেটা
কথাকে বেণুধৰ শর্মাই তেখেতৰ
দেৱানৰ এত্লানামৰ প্ৰবন্ধটোত উল্লেখ কৰিছে৷ বর্তমান
ম্যানমাৰৰ মোগাউং অঞ্চলৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ উত্তৰত
, ইৰাৱতী নদীৰ উজনিত মালি নামৰ উপনদীখনৰ
উপত্যকাত ২৭ আৰু ২৮উত্তৰ অক্ষাংশৰ মাজৰ অঞ্চলটোক বৰখামতি
দেশ বুলি উল্লেখ কৰা হয়৷ কিন্তু বৰখামতি দেশৰ ওচৰে পাজৰেও কোনো
ৰূপ উৎপাদন কৰিব পৰা শিলাস্তৰ পাবলৈ নাই৷ জন মেক্
কোচ (John McCosh) নামৰ স্কটিছ ছার্জনজনৰ এটা ভুলৰ বাবেই আচলতে বৰখামতিৰ
ৰূপৰ কাহিনীটোৰ সৃষ্টি হ
ল৷
কিন্তু বৰখামতিৰ পৰা ৰূপ অহাৰ সাধুটো এতিয়াও চলি আছে৷

বেণুধৰ শর্মাইঅসমত ফিৰিঙ্গীনামৰ এটা
প্ৰ
ন্ধত অতি আত্মবিশ্বাসেৰে লিখিলে যে ৰাজেশ্বৰ
সিংহ স্বৰ্গদেৱৰ দিনত অসমীয়াই ৫০ মাইল
দূৰলৈকে গুলী
মাৰিব পৰা বৰটোপ সাজিছিল৷ ৫০ মাইলত প্ৰায় ৮০ কিলোমিটাৰ হয়৷
আর্মি ৰিকগনিচন” (Army
Recognition) 
নামৰ অস্ত্ৰ-শস্ত্ৰ সম্পর্কীয় গৱেষণা আলোচনীখনৰ ২০২৪ চনৰ ১৩
জুলাই সংখ্যাটোত ওলোৱা এটা বাতৰি মতে বহু
গৱেষণাৰ
অন্তত ইজৰাইলে
ROEM  নামৰ এটা
বৰটোপ
(howitzer) সাজি উলিয়াইছে
যিটোৱে ৮০ কিলোমিটাৰ পৰ্যন্ত গুলীয়াবলৈ সক্ষম
এটা দীর্ঘ দূৰত্বৰ বৰটোপ সাজি
উলিওৱাটো অতি সূক্ষ গণনাযুক্ত কাৰিকৰী বিষয়৷ তাক ১৮ শতিকাৰ অসমত তৈয়াৰ কৰিব পৰাকৈ
কাৰিকৰী জ্ঞানৰ বিকাশ হোৱাই নাছিল৷ অথচ বেণুধৰী বৰটোপৰ
গর্জনৰ অনুৰণন এতিয়াও
শুনা যায়৷

সাম্প্ৰতিক কালৰ এজন
গৱেষক ডঃ দীনেশ বৈশ্যই তেখেতৰ গৱেষণা গ্ৰন্থ
Traditional
Science and Material culture of Early Assam,
আৰু প্ৰদীপ
চলিহাৰ এখন গৱেষণা গ্ৰন্থ
পুৰণি অসমৰ কাৰিকৰী
শিল্প
১০ উল্লেখ কৰিছে যে নগা
পাহাৰৰ পৰা ওলোৱা ধনশিৰি
, দৈয়াং, দৈগ্ৰোং
আদি নদী ৰূপ কমোৱাৰ বাবে বিখ্যাত আছিল৷ গুৰুত্বপূর্ণ কথা হ
ল নগাপাহাৰত
ভূতাত্ত্বিক দৃষ্টিকোণৰ পৰা ৰূপৰ উৎস থাকিব নোৱাৰে৷ নগাপাহাৰৰ খনিজ সম্পদ তথা অর্থনৈতিক
মণিক সম্পর্কীয় সকলো নথি-পত্ৰ টোকা চালিজাৰি চাই কোনো ঠাইতে ৰূপৰ অনুমাত্ৰ চিহ্ন থকাৰো
অভিলেখ পোৱা নগ
ল৷

অসম বিজ্ঞান সমিতিয়ে
প্ৰকাশ কৰা আৰু অসংখ্য গৱেষণা গ্ৰন্থত উদ্ধৃত হোৱা
, প্ৰদীপ চলিহাৰ
ৰচিত বহুল পঠিত গ্ৰন্থ
পুৰণি অসমৰ কাৰিকৰী
শিল্প
তে চিত্ৰসহ উল্লেখ কৰা হৈছে যে পুৰণি অসমত
হেনো লো শোধন কৰোঁতে ইকৰাৰ জুইত লোৰ আকৰবোৰ গৰম কৰি গলাই দিয়া হৈছিল৷১১
উল্লেখযোগ্য যে যিকোনো লোৰ অক্সাইড আকৰৰ গলনাংক ১৫৩৮ চে
ণ্টিগ্ৰেড বা ততোধিক৷ কোনো পৰিস্থিতিতে ইকৰাৰ জুইত ইমান উষ্ণতা
প্ৰাপ্তি সম্ভৱ নহয়৷ লোৰ আকৰ গলাই পানীৰ দৰে বোৱাই দিব পৰাতো এটা অবান্তৰ কথা৷

অসমৰ ইতিহাস
অধ্যয়ন কৰা বিভিন্নজনৰ লেখাত এনে ভুল তথ্যৰ অনেক উল্লেখ পোৱা যায়৷ এনে তথ্যগত বিভ্ৰান্তিৰ
পম খেদি থাকোঁতেই উপলব্ধি হৈছিল যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক সঁজুলি হিচাপে ইতিহাস
অধ্যয়নত ব্যৱহাৰ কৰিব পৰা যা
৷ আমি ইতিমধ্যে কেইবাটাও সৰু সৰু সমস্যাক লৈ কাম কৰিছিলোঁ৷
তাৰ কেইটিমান সমস্যাৰ সমাধানৰ বিষয়ে কিছু কথা দাঙি ধাৰিব খুজিছোঁ৷
  

 শদিয়াৰ ইটাৰ
স্থাপত্যৰ সমস্যা
:

পদুম পুখুৰীৰ
ইটাৰে বন্ধোৱা পাৰ

উজনি অসমৰ শদিয়াত তিনিটা স্তৰৰ প্ৰত্নতাত্ত্বিক সমল
পোৱা যায়৷ তাৰ পোৰা ইটাৰে নির্মিত দ্বিতীয় স্তৰটোৰ কোনো বয়স নির্ধাৰণ নোহোৱা হেতুকে
সেই স্তৰটোৰ বয়স সম্পর্কে সাংঘাতিক মতবিৰোধ চলি আছিল৷ ইয়াৰ উপৰি ইটাবোৰৰ মান কেনেকুৱা
, ইটাবোৰ তৈয়াৰ কৰা জনগোষ্ঠীটোৰ
সভ্যতাৰ স্তৰ কেনেকুৱা সেই বিষয়েও কোনো ধাৰণা আমাৰ নাছিল৷ আমি অসমত প্ৰথমবাৰৰ বাবে
শদিয়াৰ পুৰাতাত্ত্বিক ইটাৰ বয়স
OSl dating পদ্ধতিৰে নিৰুপ কৰাৰ উপৰি সভ্যতাৰ মান নির্ধাৰণ কৰিবলৈ
সক্ষম হৈছিলোঁ৷


 
শদিয়াৰ নতুন ইতিহাস সম্পর্কে ওলোৱা
বাতৰিৰ শিৰো
না

 

  পদুম পুখুৰী শদিয়া মহকুমাৰ
চপাখোৱাৰ ওচৰতে থকা এটা ইটাৰে পাৰ বন্ধোৱা পুখুৰী৷ বর্তমান এই পুখুৰীত পানী নৰয়৷ পুখুৰীটোৰ
মাজতে কঠিন বালি শিলৰে তৈয়াৰী খুবলিৰ দৰে শিলাখণ্ড এটা পৰি আছে৷ খটখটিৰ দৰে ইটাৰে পাৰ
বন্ধোৱা এই পুখুৰীটো মধ্যযুগৰ অসমৰ কাৰিকৰী প্ৰগতিৰ এক অন্যতম উদাহৰণ বুলিব পাৰি৷ পদুম
পুখুৰীৰ ইটাৰ সময় নিৰূপণ আৰু দহন উষ্ণতা নির্ধাৰণ সম্পূর্ণ হৈছে৷ পদুম পুখুৰীৰ পাৰ
বন্ধোৱা ইটাৰ সময় খ্ৰীষ্টীয় একাদশ শতিকা বুলি প্ৰমাণিত হৈছে আৰু এই ইটাৰ দহন উষ্ণতা
৮৫০ ডিগ্ৰী চে
ণ্টিগ্ৰেড বুলি নির্ধাৰণ কৰা হৈছে৷

ইয়াৰ লগতে চপাখোৱাৰ
নগৰৰ ওচৰতে কিছু পশ্চিমে এটা মাটিৰ গড় আৰু গড়খাৱৈৰে পৰিবেষ্টিত আৱেষ্টনী আছে৷ বর্তমান
অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে সংৰক্ষণ কৰা এই আৱেষ্টনীটোক স্থানীয় ৰাইজে প্ৰতিমাগড়
বুলি অভিহিত কৰে৷ এই আৱেষ্টনীটোৰ মাজতে এটা ওখ টিলাসদৃশ স্থান আছে৷ ওপৰ অংশ সমান এই
টিলাটোত কিছু পৰিমাণে ইটা সিচৰঁতি হৈ থকা দেখা যায়৷ এই ইটাবোৰৰ পৰা ধাৰণা হয় তাত কোনো
এটা ইটাৰ গাঁঠনি আছিল৷ ইতিমধ্যে প্ৰতিমাগড়ৰ ইটাৰ নমুনাৰ সময় নিৰূপণ আৰু দহন উষ্ণতাও
নির্ধাৰণ কৰা হৈছে৷ প্ৰতিমাগড়ত পোৱা ইটাৰ টুকুৰাবোৰ খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ বুলি
জনা গৈছে৷ প্ৰতিমাগড়ৰ ইটাৰো দহন উষ্ণতা ৮৫০ ডিগ্ৰী চেন্টিগ্ৰেড বুলি নির্ধাৰণ কৰা হৈছে৷
  

ইটালীৰ মিলানো বিশ্ববিদ্যালয়ৰমেটেৰিয়েল
ছায়েঞ্চ
বিভাগৰ সহযোগত যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ
ভূতত্ত্ব বিভাগৰ গৱেষণাগাৰত শদিয়াৰ ইটাৰ স্থাপত্যৰ ক্ৰমে সময় নিৰূপ

আৰু দহন উষ্ণতা নির্ধাৰণ সম্পূর্ণ কৰা হৈছিল৷ চুইজাৰলেণ্ডৰ পৰা
প্ৰকাশিত
Applied Sciences নামৰ
বিজ্ঞান পত্ৰিকাত প্ৰকাশ পোৱা এখন আমন্ত্ৰিত গৱেষণাপত্ৰত এই গৱেষণাৰ ফলাফল বিষয়ে
সবিস্তাৰে প্ৰকাশ হৈছে৷ ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা
ভাৰতীয় জাতীয় বিজ্ঞান অকাডেমীৰ আর্থিক সাহায্যত এই গৱেষণাসমূহ সম্পন্ন হৈছিল৷ সময় নিৰূপ
ৰ পাত শদিয়াৰ দ্বিতীয়
স্তৰৰ পুৰাতাত্ত্বিক সমলবোৰৰ স্ৰষ্টা চুতীয়াসকল বুলি আমি সিদ্ধান্তত উপনীত হ
ব পাৰিলোঁ৷১২

যিকোনো
সভ্যতাৰ বিকাশৰ স্তৰৰ ধাৰণা কৰিবলৈ দহন উষ্ণতা এক গুৰুত্বপূর্ণ সমল৷ উচ্চ দহন
উষ্ণতাই এখন প্ৰযুক্তিগতভাৱে উন্নত সমাজৰ ছবি দাঙি ধৰে৷ উচ্চ দহন উষ্ণতা পাবলৈ যি
উন্নত চুল্লীৰ প্ৰয়োজন হয়
, সেয়া এখন প্ৰযুক্তিগতভাৱে উন্নত সমাজৰ বাবেহে সম্ভৱ৷
অর্থাৎ দহন উষ্ণতাৰ পৰা এখন সমাজৰ বিকাশৰ স্তৰ নির্ণয় কৰিব পাৰি৷ শদিয়াৰ ইটাৰ
স্থাপত্যৰ পোৰণ উষ্ণতা ৮৫০ ডিগ্ৰী চে
ণ্টিগ্ৰেড এক মধ্যমানৰ উষ্ণতা৷ উল্লেখযোগ্য
যে বর্তমান তুর্কীৰ পাৰগামন নগৰৰ এটা ৰোমান মন্দিৰৰ ইটা পৰীক্ষা কৰি সেই ইটাৰ দহ
উষ্ণতা সর্ব্বোচ্চ
৯০০ ডিগ্ৰী চে
ণ্টিগ্ৰেডলৈ উঠা বুলি প্ৰমা পোৱা গৈছে৷১৩ অর্থাৎ
দিয়াৰ
ইটাৰ দহন উষ্ণতা ৰোমান ইটাৰ সৈতে সমপ
ৰ্যায়বুলি গণ্য কৰিব পাৰি৷ ইয়াৰ জৰিয়তে মধ্যযুগৰ
চুতীয়া ৰাজ্যত সভ্যতাৰ বিকাশৰ স্তৰ সম্পর্কেও আমি এটা ধাৰণা কৰি
ব পাৰোঁ৷

ৰামৰাৰ ইটাৰ স্থাপত্যৰ সমস্যা:

ডিব্ৰুগড় নগৰৰ দক্ষিণ পশ্চিম দিশে বুঢ়ীদিহিঙৰ পাৰে পাৰে জকাই সংৰক্ষিত বনাঞ্চলৰ
পাৰ হৈ খামতিঘাটৰ ওচৰত বুঢ়ী দিহিঙৰ এটা এৰাসুঁতিৰ পাৰত আছে ম
ৰামৰা থান৷ হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিনৰ মতে চুজিন্ফা (১৬৭৫১৬৭৭ খ্ৰীষ্টাব্দ) স্বর্গদেৱে ইয়াত এটা দৌল বন্ধাই উৎসর্গা কৰিছিলৰামৰাত, চেঁছামুখত দৌল কৰালে, উছর্গাও কৰালে১৪  যোৱা ২০১৮ খ্ৰীষ্টাব্দত দিহিঙৰ পাৰৰ এই
ৰামৰা থানত খনন চলাওঁতে এটা ইটাৰ মন্দিৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ হৈছিল৷ ইটাৰ মন্দিৰটোৰ সৈতে ৰামৰা থানত তিনিটা সময়ৰ মুঠ তিনিটা স্তৰৰ ধ্বংসাৱশেষ পোৱা যায়৷

ৰামৰাত আৱিষ্কৃত মন্দিৰৰ অৱশেষ

আটাইতকৈ নতুন বুলি ভবা ইটাৰ মন্দিৰ থকা স্তৰটোৰ বয়স আমি তাপ উদ্বীপনআৰুপোহৰ উদ্বীপননামৰ অত্যাধুনিক পদ্ধতিটো ব্যৱহাৰ কৰি গণনা কৰাৰ পাছত খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ বুলি জানিব পাৰিছিলোঁ৷ এই
ইটাবোৰৰ দহন উষ্ণতা ৬৫০ ডিগ্ৰীতকৈ কম৷ ইয়াৰ পৰা প্ৰতীয়মান হয় যে চুতীয়াসকল কোনো কোনো
ক্ষেত্ৰত সমকালীন অন্য জনগোষ্ঠীতকৈ প্ৰযুক্তিগতভাৱে আগবঢ়া আছিল৷  গুৰুত্বপুর্ণ
কথা এয়ে যে ম
ৰামৰাৰ যিকেইটা ইটা আমি পৰীক্ষা কৰিছিলোঁ তাৰ এটা ইটাৰ বয়স একাদশ শতিকা, আৰু দহন উষ্ণতা ৮৫০
ডিগ্ৰী৷১৫

অর্থাৎ মৰামৰাৰ মন্দিৰটো তৈয়াৰ কৰাৰ সময়তে ওচৰতে পোৱা কোনো ধ্বংসাৱশেষৰ পৰা সংগ্ৰহ কৰা
কিছু পুৰণা অথচ উন্নত মানৰ ইটাৰ ব্যৱহাৰ কৰা হৈছিল৷ গতিকে আমি সিদ্ধান্তত উপনীত হ
ব পাৰোঁ যে দিহিঙৰ পাৰত চুকাফাৰ আগমৰ পূর্বেও উন্নত ইটা
তৈয়াৰ কৰিব পৰা কোনো জনগোষ্ঠী বাস কৰিছিল৷ এই
তথ্যৰ আলম লৈ অন্য
কিছু পুৰাতাত্ত্বিক সমলৰ সহায় লৈ আমি দিহিঙৰ পাৰে পাৰে অন্য এখন প্ৰাক
আহোম স্তৰীভূত
ৰাজ্যৰ অৱস্থিতিৰ এটা প্ৰকল্প উত্থাপন কৰিছোঁ যিটো ইতিমধ্যে এখন গৱেষণা আলোচনী আৰু
এখন সাধাৰণ আলোচনীত প্ৰকাশ হৈছে৷১৬
, ১৭

পৰৱর্তী পর্যায়ত
প্ৰতিমাগড়ৰ মাটিৰ নমুনা
, মৰামৰাৰ আৰু পদুম
পুখুৰীৰ ইটাৰে বন্ধোৱা পাৰৰ তলৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি ৰেণু বিশ্লেষণ
, ফাইটলিথ
বিশ্লেষণ আৰু মণিক বিশ্লেষণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ জৰিয়তে একাদশ শতিকাৰ অসমৰ
জলবায়ু
, কৃষি পদ্ধতি আদিৰ বিষয়ে বিশদ তথ্য আহৰণ কৰিব
পৰা যাব৷

যোৰহটীয়া কছাৰীসকলৰ সমস্যা

১৮৩৯
খ্ৰীষ্টাব্দত ই আৰ ই গ্ৰেঞ্জ
(E. R. Grange) নামৰ এজন বৃটিছ বিষয়াই উত্তৰ কাছাৰৰ ডিমাছাসকলৰ
লগত মত বিনিময় কৰোঁতে কছাৰী ৰাজধানী ডিমাপুৰৰ নির্মা
সম্পর্কে থকা মৌখিক ইতিহাসবোৰ অনুসন্ধান কৰিছিল৷ তেতিয়া স্থানীয় ডিমাছাসকলে গ্ৰেঞ্জক কৈছিল যে ডিমাপুৰ নগৰখন চতুর্থ
কছাৰী ৰজা চক্ৰ
ধ্বজে সাজিছিল আৰু চক্ৰধ্বজৰ
পূর্বৱতী ৰজাসকলৰ ৰাজধানী যোৰহাটত আছিল৷১৮ আনহাতে
উপেন্দ্ৰ
চন্দ্ৰ গুহৰ মতে ১১৫০ খ্ৰীষ্টাব্দত ডিমাপুৰলৈ কছাৰী ৰাজধানী স্থানান্তৰ কৰা হয়৷১৯

অর্থাৎ ১১৫০ খ্ৰীষ্টাব্দৰ
আগলৈকে যোৰহাটক কেন্দ্ৰ কৰি এখন কছাৰী ৰাজ্য আছিল৷ অথচ আহোম সকলে যেতিয়া যোৰহাটলৈ আহিছিল
তেতিয়া যোৰহাট এক পিটনিৰে ভৰা জনবসতিবিহীন দুর্গম স্থান আছিল৷ সেয়ে যোৰহাট ৰজাৰ দৃষ্টিত
দ্ৰোহীসকলক নির্বাসন দণ্ড দিয়াৰ স্থান হিচাপেহে ব্যৱহাৰ হৈছিল৷ এই বিষয়ে অসম বুৰঞ্জীৰ
ঠায়ে ঠায়ে উল্লেখ পোৱা যায়
সন্দিকৈ
বৰফুকন পাতি স্বর্গদেৱে তেও বৰফুকনকে পঠাই মাজথলৰ পৰা মহন্ত সকলক নিওৱাই চেউনী বচাত
পতোৱালে
২০ অথবাধর্ম প্ৰৱর্তাই
দেশ নষ্ট কৰিব বুলি মহন্ত সকলক চেউনী
, বচা আদি
ঠায়ে ঠায়ে দুৰ কৰি পাতিলে
২১ গদাধৰ সিংহৰ
দিনৰ যোৰহাটৰ অৱস্থাৰ বিষয়ে মণিৰাম দেৱানে উল্লেখ কৰিছে
–“জোৰহাটৰ
তাতপর্য্য এই পূর্ব্বস্মিন কালে টোকোলাই বচা নাম ক্ষাত আছিল৷ ৰাজদ্ৰোহী প্ৰভৃতি লোককে
এই টোকোলাই বচাতে ৰাখিত
, কিন্তু অতিশয় জুৰ
তাপৰ জাএগা
২২ এসময়ৰ কছাৰী
ৰাজ্যৰ ৰাজধানী থকা যোৰহাট অতি জলাতক জনবসতিহীন অস্বাস্থ্যকৰ হৈ পৰা আৰু হঠাতে কোনো
যুঁজ
বাগৰ নোহোৱাকৈ সুদূৰ ডিমাপুৰলৈ ৰাজধানী স্থানান্তৰ
হোৱাৰ কোনো ব্যাখ্যা আমি বিচাৰি নাপাওঁ৷ আমি ভূতাত্ত্বিকভাৱে এই দুই ঘটনাৰ ব্যাখ্যা কৰিব
পা
ৰোঁ

যোৰহাট
নগৰৰ পৰা ন
আলি বা গড় আলিয়েদি যিমানে দক্ষিণে
নগা পাহাৰৰ ফালে গতি কৰা হয়
, সিমানেই
ৰাইজৰ মাজত প্ৰচলিত এটা কাহিনী শুনা যায়৷ দক্ষিণ যোৰহাটৰ এই বিস্তীর্ণ অঞ্চলটোৰ ন
আলি ঢেকিয়াজুলি দক্ষিণ সোণাৰী গাঁও, কৰঙাখাট, নামনি কঁহাৰ গাঁও, কৰঙা
খৰীয়াচুক গাঁও
, দুলীয়া গাঁও, চৰাইবাহী বাহেক গাঁও, কুকুৰাপহীয়া গাঁও, কুঁৱৰীপুখুৰী
চেতিয়া গাঁও
 আদিৰ ৰাইজে কয় যে ভোগদৈ
নদীখন হেনো বহু শ বছৰৰ আগতে সেই ঠাইবোৰৰ মাজেৰে বৈ গৈছিল৷ আনহাতে কৃত্ৰিম উপগ্ৰহৰ পৰা
তোলা ছবি পৰীক্ষা কৰিলে এতিয়া উল্লেখ কৰা ঠাইবোৰত কিছুমান এৰানদীৰ চিন পোৱা যায়৷ জনশ্ৰুতি
আৰু উপগ্ৰহীয় ছবিৰ পম খেদি ইতিমধ্যে উল্লেখ কৰা গাঁওবোৰত আমি খনন চলাই মাটিৰ গভীৰত
বিস্তীর্ণ পৰিস্কাৰ বালিৰ চত আৱিষ্কাৰ কৰিছিলোঁ৷ এই বালিবোৰত
কাটন স্তৰ” (Cross
Bedding)
নামেৰে
জনাজাত কেৱল নদীয়ে পেলোৱা বালিত পোৱা ভূতাত্ত্বিক গঠনবোৰ দেখা
যায়৷ গতিকে এই বালিৰ চতবোৰ স্পষ্টভাৱে
কোনো প্ৰাচীন নদীয়ে পেলোৱা বালিৰ চত হ
ব লাগিব৷ কোনো কোনো ঠাইত বালিৰ চতৰ মাজত শিপাৰে সৈতে উভাল খাই উটি অহা
অসংখ্য গছো পোৱা গৈছিল৷ এনেদৰে বালিৰ মাজত সোমাই থকা গছৰ পৰিমাণলৈ লক্ষ্য কৰিলে এনে
লাগে যেন কিবা বৃহৎ প্ৰাকৃতিক
দুর্যোগহে ঘটিছিল৷


পুৰণি মৰা নদীৰ বালিৰ সন্ধানত খনন কার্য

পুৰণি মৰা নদীৰ বালিত পোৱা কাটন স্তৰ” (Cross Bedding)

পুৰণি মৰা নদীৰ বালিত পোৱা বৃহৎ
গছ


এই মৰা
নদীৰ বালি পেলোৱাৰ সময় আৰু উটি অহা গছবোৰৰ বয়স আমি ক্ৰমে
পোহৰ উদ্দীপন সময় নিৰূপ প্ৰণালী’ (OSL dating) আৰু ৰেডিঅকার্বন ডেটিং প্ৰণালী ব্যৱহাৰ কৰি নির্ণয় কৰা হৈছিল৷  

আমাৰ
অধ্যয়ন কালত দুটা কথা লক্ষ্য কৰিছিলোঁ৷ প্ৰথমটো হ
ল সকলো মৰানদী বর্তমানৰ ভোগদৈৰ নামনি অংশৰ সমান্তৰালকৈ পূৱৰ পৰা পশ্চিমলৈ
বৈ গৈছিল৷ দ্বিতীয়টো হ
ল সকলো
মৰানদী ভোগদৈৰ উজনি অংশ অর্থাৎ দিচৈৰ পৰা ফাটি অহা যেন লাগে৷
পোহৰ উদ্দীপন সময় নিৰূপপদ্ধতিৰে
এই মৰা নদীবোৰৰ তিনিখনৰ বয়স নির্ণয় ক
ৰোঁতে দেখা গল এই
নদীকেইখন তিনিটা বেলেগ বেলেগ সময়ত বৈ আছিল৷

বিভিন্ন
সময়ত দিচৈৰ গতিপথ

মানচিত্ৰত দেখুওৱাৰ
দৰে
পোহৰ উদ্দীপন সময় নিৰূপপদ্ধতিৰে কৰা বয়স নিৰূপৰ পাত আটাইতকৈ দক্ষিণত অৱস্থিত সকলোতকৈ
পুৰণি নদীখন ১০০০ বছৰৰ আগলৈকে বৈ আছিল বুলি জনা গ
ল৷ তাৰ ঠিক কেই কিলোমিটাৰমান উত্তৰত অৱস্থিত নদীখন ৬০০ বছৰ আগতে বৈ আছিল৷
সকলোতকৈ উত্তৰত অৱস্থিত নদীখন ৮০০ বছৰ আগলৈকে বৈ আছিল৷ আনহাতে ৬০০ বছৰৰ আগতে বৈ থকা
নদীখনৰ বালিত পোৱা গছ এডালৰ ৰেডিঅ কার্বন ডে
টিং কৰাত তাৰ বয়সো ৬০০ বছৰৰ ওচৰেপাজৰে পোৱা গল৷ মৰানদীসমূহৰ বসয়ৰ পৰা আমি এটা
সিদ্ধান্তত উপনীত হ
ব পাৰোঁ যে আজিৰ পৰা ১০০০
বছৰৰ আগলৈকে যোৰহাটৰ দক্ষিণে পূবৰ পৰা পশ্চিমলৈ এখন ডাঙৰ নদী বৈ গৈছিল আৰু এই নদীখনে
বিভিন্ন সময়ত দক্ষিণৰ পৰা উত্তৰলৈ গতিপথ সলনি কৰিছিল৷ অর্থাৎ দক্ষিণ যোৰহাটত যোৰহাট
সম্পর্কীয় কিংবদন্তিসমূহত সত্যতা আছিল৷ অর্থাৎ এই মৰানদীসমূহ ভোগদৈৰে বিভিন্ন সময়ৰ
গতিপথ৷ যোৰহাটৰ দক্ষিণ অঞ্চলৰ মৰানদীসমূহৰ অস্থিৰ ভূ-প্ৰকৃতিয়ে উজনি অসমৰ অস্থিৰ ভূ-প্ৰকৃতিৰ ইংগিত দিয়ে৷২৩
, ২৪

অন্য এক গৱেষণাতো
১০০০ বছৰৰ আগতে উজনি অসমত সংঘটিত এক প্ৰাকৃতিক দুর্যোগৰ
বিষয়ে তথ্য আৱিষ্কাৰ হৈছে৷
২০২২ চনৰ জুলাই মাহত দিহিং উপত্যকাৰ পুৰাভূকম্পনৰ এটা প্ৰাৰম্ভিক গৱেষণাৰ ফলাফলৰ আগতীয়া ৰূপ
(Pre-print)
প্ৰকাশ হৈছিল৷ উক্ত ফলাফলত দিহিং নদীৰ গড়াত সংৰক্ষিত হৈ থকা ভূকম্পনজনিত জুলীয়া কৰণ (Liquefaction) ফলত উৎপত্তি হোৱা কিছুমানবালিৰ নলী
(Sand Dyke)
চিনাক্ত কৰিপোহৰ উদ্দীপন সময় নিৰূপকৰা হৈছিল৷

 

দিহিঙৰ পাৰৰ ভূকম্পনৰ ফলত সৃষ্টিহোৱা জুলীয়া কৰণজনিতবালিৰ নলী  

উক্ত গৱেষণাৰ ফলাফলত খ্ৰীষ্টীয় একাদশ আৰু দ্বাদশ শতিকাত তিনিটা ১০১১ ৰিখটাৰ স্কেলৰ ভূমিকম্পনৰ তথ্য দাঙি ধৰা হৈছে৷২৫

সময়

খ্ৰীষ্টাব্দ

প্ৰাবল্য

৮৮৮ ± ৬৩

১১৩৫

১০-১১

৯৩৪ ± ৬৩

১০৮৯

১০-১১

৯৮৯ ± ৮৩

১০৩৪

১০-১১

দিহিঙৰ পাৰৰ ভূকম্পনৰ সময় আৰু প্ৰাবল্য

প্ৰায়
এহাজাৰ বছৰৰ আগৰ অতি উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰ ফলতে হয়তো সেই সময়তে কছাৰীসকলে যোৰহাট
এৰি গু
চি ল৷ ইতিপূৰ্বে আমি উল্লেখ কৰা দিহিঙৰ পাৰৰ প্ৰাকআহোম ৰাজ্যখনো এই দুৰ্যোগতে ধ্বংস হোৱা বুলি
আমি আমাৰ এক শেহতীয়া নিবন্ধত উল্লেখ কৰিছোঁ৷২৬

সেয়ে আহোমসকলে যোৰহাটৰ মাজেৰে খ্ৰীষ্টীয় চৈধ্য শতিকাত দৈয়াং উপত্যকাৰ কছাৰী
ৰাজ্য আক্ৰমণ কৰিবলৈ যোৱাৰ সময়ত যোৰহাটত কোনো জনবসতি পোৱাৰ বিষয়ে উল্লেখ কৰা নাই৷
দুৰ্যোগ বিধ্বস্ত এই অঞ্চলত দেৰগাঁৱৰ পৰাহে জনবসতি আৰম্ভ হৈছিল বুলি বুৰঞ্জীয়ে কয়
—“দেৱৰগাঁৱত, মৰঙ্গিত কছাৰী আছিল, আহোমে বাদ কৰিলে২৭

 

উজনি অসমত
পানীধানৰ খেতি 
: এটি সময়জনিত সমস্যা :

ঐতিহাসিক কালছোৱাত কোনো এঠাইত স্তৰীভূত ৰাজ্যৰ গঠনত পানীধানৰ খেতিৰ যি গুৰুত্বপূর্ণ
ভূমিকা সেই বিষয়ে সমাজবিজ্ঞানৰ ছাত্ৰ মাত্ৰেই জানে৷ ডঃ
অমলেন্দু গুহই আহোমসকল আহিহে উজনি অসমত পানীধানৰ খেতিৰ প্ৰচলন কৰিছিল বুলি এখন
গৱেষণা পত্ৰত
মন্তব্য কৰিছিল৷২৮

কিন্তু আমি উজনি অসমত
পুৰণি দিহিঙৰ পাৰত অন্ততঃ এহাজাৰ বছৰৰ আগতে পানীধানৰ খেতি হোৱাৰ প্ৰাথমিক প্ৰমা পাইছোঁ৷ এইখিনতে
উল্লেখ কৰিব লাগিব যে আজিৰ ব্ৰহ্মপুত্ৰ নদীখনৰে অতীতৰ নাম দিহিং আছিল৷ সেয়ে সকলো পুৰণি
মানচিত্ৰত আজিৰ ব্ৰহ্মপুত্ৰক দিহিং বুলিহে উল্লেখ কৰা হয়৷ ১৮২৭ খ্ৰীষ্টাব্দত ফিলিপ
ভান্দাৰমেলনে বেলজিয়ামৰ পৰা প্ৰকাশ কৰা মানচিত্ৰখনকে আমি উদাহৰণ হিচাপে দাঙি ধৰিব পাৰো৷
২৯

১৮২৭ চনত
ফিলিপ ভান্দাৰমেলন্
নামৰ ফ্লেমিচ মানচিত্ৰকাৰজনে অংকন কৰা মানচিত্ৰত
বর্তমানৰ ব্ৰহ্মপুত্ৰক পুৰণি নাম দিহিঙেৰে চিহ্নিত কৰা হৈছে৷

সেই পুৰণি
দিহিঙৰ দক্ষিণ পাৰতে অৱস্থিত
আছিল আমি অলপ আগতে উল্লেখ কৰা বর্তমানৰ ভোগদৈৰ এৰা নদীৰ তন্ত্ৰটো৷
আমি উল্লেখ কৰি আহিছোঁ যে এখন মৰা নদীৰ বালিৰ বয়স পোহৰ উদ্দীপিত সময় নিৰূপণ পদ্ধতিৰে (Optically
Stimulated luminescence dating)
নির্ণয় কৰোঁতে ১০০০ বছৰৰ আশে-পাশে পোৱা গৈছিল৷ সেই বালি সংগ্ৰহ কৰি পৰীক্ষাগাৰত পৰীক্ষা কৰোঁতে তাত ধানৰ ফাইটলিথপোৱা গৈছিল৷৩০ ফইটলিথবোৰ যিকোনো গছে পানীৰ লগত দ্ৰৱীভূত অৱস্থাত শোষণ কৰি লৈ যোৱা কোৱার্টজ মণিক বা চিলিকন ডাই অক্সাইড৷ চিলিকণ ডাই অক্সাইডবোৰ গাগছৰ কলাবোৰৰ মাজত সেই কলাৰ গঠনক প্ৰতিফলিত কৰা ধৰণেৰে অধঃক্ষেপিত হয়৷ গাগছৰ মাজত জমা হোৱা এনে বিশেষ গঠনযুক্ত চিলিকন ডাই অক্সাইডবোৰক ফাইটলিথ বোলা হয়৷ ফাইটলিথৰ গঠন পৰীক্ষা কৰি সেইবোৰ কোনজোপা গছৰ মাজত জমা হৈছিল তাক নিৰূপ
কৰিব পাৰি৷ গছজোপা মৰি যোৱাৰ পা এই ফাইটলিথবোৰ সেই ঠাইৰ বালি বা মাটিৰ মাজত অবিকৃত অৱস্থাত থাকি যায়৷ ১০০০ বছৰীয়া পুৰণি বালিত আমি আৱিষ্কাৰ কৰা ধানৰ ফাইটলিথে দিহিঙৰ পাৰত ১০০০ আগতে ধানখেতি হোৱাতো নিশ্চিত কৰে৷

১০০০ বছৰ পুৰণি মৰা নদীৰ বালি আৰু ধানৰ ফাইটলিথ

কিন্তু চুকাফাৰ আগম সময়ত এই পানীধানৰ খেতি কৰা লোকসকল অদৃশ্য হৈছিল৷ আমি ইতিমধ্যেই
উল্লেখ কৰিছো যে প্ৰায় এহাজাৰ বছৰৰ আগতে উজনি অসমত এক প্ৰলয়ংকৰ প্ৰাকৃতিক দুর্যোগ সংঘটিত
হৈছিল৷ সেই দুর্ঘটনাৰ ফলত উজনি অসমৰ বৃহৎ সংখ্যক জনসংখ্যাৰ স্থানান্তৰ ঘটিছিল৷
দিহিঙৰ পাৰৰ স্তৰীভূত ৰাজ্যখন নোহোৱা হোৱাৰ লগতে তাৰ উন্নত কৃষি পদ্ধতি জনা লোকসকলৰো স্থানান্তৰ ঘটিছিল৷ প্ৰতিকূল পৰিবেশৰ লগত যুঁজি যুঁজি থাকি গৈছিল কেৱল জনজাতীয় লোকসকল৷ এইসকল আছিল ঝুম খেতি কৰি জীৱন নির্বাহ কৰা লোক৷ দিহিং উপত্যকাৰ আগলি অংশত থাকি যোৱা প্ৰাচীন জনজাতীয় মূলৰ মৰাণসকলৰ মাজত কুৰি শতিকাৰ আদি ভাগলৈকে ঝুম খেতিৰ পৰম্পৰা আছিল৷ মৰাণ ভাষাত ঝুম খেতিক হেৰামণি হেদাংবুলিছিল৷ মৰাণ বিহুত সঘনাই হেৰামণি হেদাঙ উল্লেখ পোৱা যায়৷৩১ উজনি অসমৰ এনে আর্থসামাজিক পৰিৱেশলৈকে লক্ষ্য কৰিয়েই সম্ভৱতঃ ডঃ গুহই চুকাফাই এই বিশেষ অঞ্চলটোত নতুনকৈ পানীধানৰ খেতিৰ প্ৰচলন কৰা বুলি
মন্তব্য
কৰিছিল৷ 

পুৰ ভোগদৈৰ প্ৰসঙ্গ: ভোগদৈ মানুহে খন্দা নে?

 

মণিৰাম দেৱানে দিয়া
তথ্য মতে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত ১৭২৩ শকত
(১৮০১ খ্ৰীষ্টাব্দ)পূর্ণানন্দ
বুঢ়াগোঁহায়ে দিচৈৰ দিশ পৰিৱর্তন কৰি ভোগদৈ খন্দায়
-“১৭২৩ শকত
নবাহৰ কৰে
, ভোগদৈ নদি খানে”-৩২
জনশ্ৰুতি মতে মৰিয়
নিৰ ওচৰৰ দকলঙিয়াত
দিচৈ নদীৰ গতিপথ পৰিৱর্তন কৰা হৈছিল৷ কিন্তু নাওবৈচা ফুকনে কিছু বেলেগ তথ্যহে দিছে৷
নাওবৈচা ফুকনৰ অসম বুৰঞ্জী মতে
-“….আৰো যোড়হাটত
ন বাহৰ কৰাল
, অপৰ মো্যামৰিয়াৰ দৌৰাত্যত বিবুদ্ধি
গড় বান্ধি থাকোতে খোয়া দ্ৰব্য ঢুকালত খোয়া বস্তু পাবলৈ দিচৈ নদিত ভোগ দিয়াত
, সেই ৰাতিয়েই
দিচৈৰ পানি বাইর্ যি পোনে পানি ভাগি আহিল
, সেই পোনেই
বহলকৈ ভোগদৈ নদি নাম দি খনাই দিয়ালে
..”৩৩

নাওবৈচা
ফুকনৰ তথ্যটো অতি গুৰত্বপূর্ণ৷ ভূতত্ত্বই নাওবৈচা ফুকনৰ তথ্যক সমর্থন কৰে৷ আমি ইতিমধ্যেই
মানচিত্ৰসহ দেখুৱাইছোঁ যে যোৱা এহাজাৰ বছৰ জুৰি দিচৈ নদী
যে প্ৰাকৃতিকভাৱেই পঠালিকৈ দক্ষিণৰ
পৰা উত্তৰলৈ স্থানান্তৰ হৈ আছে৷ ভূতাত্ত্বিক প্ৰমাণৰ উপৰি ১৮০১ খ্ৰীষ্টাব্দৰ পূর্বে
প্ৰাকৃতিকভাৱে দক্ষিণৰ পৰা উত্তৰলৈ ভোগদৈৰ গতি সলনিৰ আন এটা পৰোক্ষ প্ৰমা
ণো আমাৰ হাতত আছে৷ দক্ষিণ যোৰহাটত
অৱস্থিত আউনীআটী সত্ৰৰ এখন খাট
কৰঙাখাতৰ প্ৰয়াত মৌজাদাৰ চন্দ্ৰকান্ত গায়নে আমাক এটা তথ্য
জানিবলৈ দিছিল৷ তেওঁৰ মতে জয়ধ্বজ সিংহৰ ৰাজত্বকালত ১৬৫৩ খ্ৰীষ্টাব্দত দিচৈ নদীয়ে এৰি
থৈ যোৱা পতিত ভূমিত আউনীআটী সত্ৰৰ এখন খাত দান কৰি কেইঘৰমান পাইক সংস্থাপন কৰা হৈছিল৷
কৰঙা বনেৰে ভৰি থকা পতিত ভূমিত প্ৰতিষ্ঠিত হোৱাৰ কাৰণেই এই খাতখনৰ নাম
কৰঙাখাত 

১৮০৮
খ্ৰীষ্টাব্দৰ পৰা ১৮১৪ খ্ৰীষ্টাব্দৰ ভিতৰত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত ফ্ৰাঞ্চিচ বুকানন
হেমিল্টনে প্ৰস্তুত কৰা
An Account of Assam নামৰ টোকাটোত উল্লেখ কৰা মতে ৰজা গৌৰীনাথ সিংহ যোৰহাটলৈ অহাৰ সময়তো যোৰহাট
দিচৈ নদীৰ দুইপাৰে থকা এখন নগৰ আছিল৷ হেমিল্টনৰ মতে
– “Since
the disturbances in the region of Gaurinath, the royal residence has been
removed to Jorhat, about twenty miles west from Ranggapur. It stand on both
sides of the Dichoi river (Dessoye, A) which comes from the mountains on the
souther frontier”
.৩৪

গতিকে ভূতাত্ত্বিক
তথ্যৰ ওপৰত ভিত্তি কৰি মধ্যযুগৰ অসম বুৰঞ্জীবোৰৰ সহায়ত আমি নিশ্চিতভাৱে সিদ্ধান্ত
কৰিব পাৰোঁ যে মোৱামৰীয়া বিদ্ৰোহ চলি থকা কালতে প্ৰাকৃতিকভাৱেই দিচৈৰ গতিপথৰ পৰিৱর্তন
ঘটি বর্তমানৰ ভোগদৈৰ অৱস্থানলৈ আহিছিল৷ ১৮০২ খ্ৰীষ্টাব্দত পূর্ণানন্দই যোৰহাটত ন
বাহৰ কৰোঁতে
সেই পৰিৱর্তিত গতিপথক আহল বহল কৰাই দিছিল মাত্ৰ৷ তুংখুঙ্গীয়া বুৰঞ্জীতো
এই আহল বহল কৰাই দিয়া অংশৰ 
(খান্দি
দিয়া
?)দৈর্ঘ্যৰ বিষয়ে কিছু তথ্য
আছে৷ এইখন বুৰঞ্জীমতে
– “সেইবেলা
মহামন্ত্ৰী বুঢ়াগোহাঁই ডাঙ্গৰীয়া দিচৈৰ পৰা কলিয়নীলৈ ভোগদৈ নামে নৈ এখন খনালে৷ সেই
নৈ খনাত অধিকাৰবোৰে খেলে খেলে ৰাজক চাউল পিঠা খুৱাইছিল৷ ৺ও
, ডাঙ্গৰীয়া, বৰবৰুৱাইও ৰাজক জলপান দিছিল৷ এতেকেহে নৈৰ
নাম ভোগদৈ হ
৩৫

পূর্ণানন্দ বুঢ়াগোঁহায়ে
বাহৰ কৰাৰ সময়ত সেই কালৰ আহোম ৰাজ্য মোৱামৰীয়া বিদ্ৰোহৰ পৰা
মূৰ দাঙি উঠিবই পৰা নাছিল৷ গতিকে ৰাজ্যৰ এই দুৰৱস্থাৰ কালত মৰিয়
নিৰ ওচৰৰ দকলঙীয়াৰ পৰা দেৰগাঁৱৰ ওচৰৰ গেলাবিললৈকে এই দীর্ঘ দূৰত্ব প্ৰাকৃতিক নতি অক্ষুণ্ণ ৰাখি খন্দাই নিব পৰাকৈ সেইকালৰ
ৰজাঘৰ কাৰিকৰী আৰু আর্থিকভাৱে সক্ষম হ
ব বুলি ধাৰণা৷

ইতিমধ্যে বিজ্ঞানৰ জ্ঞান অথৱা প্ৰযুক্তিবিদ্যক সঁজুলি হিচাপে লৈ কেনেকৈ অসমত
ইতিহাস অধ্যয়নৰ এটা নতুন ধাৰা আৰম্ভ কৰা হৈছে তাৰ এটা ধাৰণা দাঙি ধৰা হ
ল৷ এই দিশত এটা দলে কাম কৰি আছে৷ আশা কৰা যায় সোনকালেই ইতিহাস অধ্যয়নৰ এই
ধাৰাটো প্ৰভাৱশালী হৈ উঠিব৷

 

টোকা আৰু তথ্যসূত্ৰ:

. ডঃ স্বর্ণলতা বৰুৱা (সম্পা): চুতীয়া জাতিৰ বুৰঞ্জী, চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, সদৌ অসম চুতীয়া জাতি সন্মিলন, অসম, ২০০৭, পৃ. ৪০০

.,
Shamikhu Changmai, Parthankar Choudhury, and K. K. Sarma: Spatial
 Distribution and Suitable Habitats of Feral Horses in Dibru Saikhowa National  Park  cum  Biosphere  Reserve:  A  Study using  Geospatial Technologies,  Journal of Bioresources, Vol. 8, No.1. 2011,
pp. 44-51

.   S.K Bhuyan: Anglo Assamese Relations:
1771-1826, Department of History and Antiquarian Studies in Assam, Guwahati,
1949, p 30.

. নগেন শইকীয়া (সম্পা):
বেণুধৰ শর্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, অসম প্ৰকাশন
পৰিষদ
, গুৱাহাটী২১, পৃষ্ঠা ১০৪৭)

. Barend
Jan Terwiel: The Dispersion of the
Khamti Shans,
A lecture on the occasion of the Shan New Year Festival 2016, Celebrated at SOAS, Khalili Lecture
Theatre, London, 27 November 2016,
p. 1

. ৰক্তিম ৰঞ্জন
শইকীয়া
: প্ৰাকঔপনিৱেশিক
অসমৰ অৰ্থনৈতিক ইতিহাস
, অসম পাৱলিচিং কোম্পানী, পানবজাৰ, গুৱাহাটী, ২০২৩ (তৃতীয় প্ৰকাশ), পৃ. ৯৯

. নগেন শইকীয়া (সম্পা):
বেণুধৰ শর্মা ৰচনাৱলী, দ্বিতীয় খণ্ড, অসম প্ৰকাশন
পৰিষদ
, গুৱাহাটী২১, পৃষ্ঠা ১৫৪৮১৫৫৮)

. New Israeli
Army ROEM 155mm Wheeled Howitzer Boasts 80 km Firing Range,
Army
Recognition,
13
Jul, 2024

. Baishya, Dinesh (2009): Traditional Science and Material Culture of
Early Assam, EBH Publishers (India), Guwahati-781001. p. 318

১০ প্ৰদীপ চলিহা: পুৰণি অসমৰ কাৰিকৰী শিল্প”, অসম বিজ্ঞান সমিতি, গুৱাহাটী পৃষ্ঠা. ৫৪

১১. প্ৰদীপ চলিহা: পুৰণি অসমৰ
কাৰিকৰী শিল্প
”, অসম বিজ্ঞান সমিতি, গুৱাহাটী
পৃষ্ঠা
, ১৪

১২. Raktim Ranjan Saikia , Chaitra Dhar
Taye, Nurul Amin, Sorat Konwar, Laura Panzeri,and Anna Galli, Chronological and
Archaeometric Evaluation of Bricks from
Archaeological
Sites of Upper Assam, Northeast India:
Estimation of the Firing Temperature
and Civilization History,
Applied
Sciences,
Vol. 14,
2024, 6271

১৩., Ozlem Aslan Ozkaya and, Hasan Boke: Properties of
Roman Bricks and Morters used in Sepapis Temple in the City of Pergamon, Materials
Characterization, Vol. 60, 2009, pp. 995-1000.

১৪. হিতেশ্বৰ বৰবৰুৱা: আহোমৰ দিন, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৯৭, পৃষ্ঠা ২০৪

১৫. Raktim Ranjan Saikia , Chaitra Dhar Taye, Nurul Amin, Sorat
Konwar, Laura Panzeri,and Anna Galli, Chronological and Archaeometric
Evaluation of Bricks from
Archaeological
Sites of Upper Assam, Northeast India:
Estimation
of the Firing Temperature and Civilization History,
Applied
Sciences,
Vol.
14,
2024, 6271

১৬, Raktim
Ranjan Saikia: A study of the Possibility of Discovering an Extinct state in
Upper, The Heritage, Vol. XIV, Issue-2, 2023, pp. 175-183  

১৭. ডঃ ৰক্তিম ৰঞ্জন শইকীয়া: বুঢ়ীদিহিঙৰ পাৰৰ হেৰোৱা
ৰাজ্যৰ সন্ধানত
, গৰীয়সী, দ্বাত্ৰিংশ বছৰ, তৃতীয় সংখ্যা, জানুৱাৰী, ২০২৫, পৃষ্ঠা ১৪২১

১৮. E. R. Grange, Extracts From the Journal of an
Expedition in to the Naga Hills, Journal of Asiatic Society of Bengal, Vol. IX,
1940, pp. 953-958)

১৯. উপেন্দ্ৰ চন্দ্ৰ গুহ: কাছাড়ের
ইতিবৃত্ত
, সাধনা প্ৰকাশ, ঢাকা, ১৯২১, পৃষ্ঠা ৭০৭১

২০ লক্ষীনাথ
তামুলি
(সম্পাদনা): নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭, পৃষ্ঠা ১১২

২১. সূর্য্য
কুমাৰ ভূঞা
(সম্পাদনা): হৰকান্ত
বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী
, বুৰঞ্জী আৰু পুৰাতত্ত্ব
বিভাগ
, অসম চৰকাৰ, গুৱাহাটী, চতুর্থ সংস্কৰণ, ২০১০, পৃষ্ঠা ৬০

২২ ডঃ নগেন শইকীয়া (সম্পা): মণিৰাম দেৱানৰ
বুৰঞ্জি বিবেক ৰত্ন
(২য় খণ্ড), অসমীয়া বিভাগ, ডিব্ৰুগড়
বিশ্ববিদ্যালয়
, ২০০২, পৃষ্ঠা ১৯৩

২৩. Raktim
Ranjan Saikia and Nurul Amin: A Study of River Channel Modifications of Jorhat
District of Assam, Indian
Journal of History of Science, Vol
51 No 3. 2016, pp. 556-559

২৪. Raktim Ranjan Saikia, Nurul Amin,, and, Yogesh Chand. Nagar: Dating of Paleochannel
Sediment of Jorhat District of Assam, North Eastern India, International Research Journal of Engineering and
Technology
, Vol-3(11), 2016, pp. 156-164,.

২৫. Arun Bhadran, BP Duarah, Drishya Girishbai, Mohammed
Atif Raza, Avi Mero, Sandeep Lahon, AL Achu, Girish Gopinath:
Holocene Records of Large Palaeoearthquake events from the Brahmaputra
valley in the proximity of the Eastern Himalayan Syntaxis and Environmental
Impacts
, July 2022, DOI. 10.21203/rs.3.rs-1892214/v1))

২৬. ডঃ ৰক্তিম ৰঞ্জন শইকীয়া: বুঢ়ীদিহিঙৰ পাৰৰ হেৰোৱা
ৰাজ্যৰ সন্ধানত
, গৰীয়সী, দ্বাত্ৰিংশ বছৰ, তৃতীয় সংখ্যা, জানুৱাৰী, ২০২৫, পৃষ্ঠা ১৪২১

২৭. ডঃ সূর্য্য কুমাৰ ভূঞা (সম্পা): সাতসৰী অসম বুৰঞ্জী, বাণী মন্দিৰ, গুৱাহাটী, ২০০৯, পৃষ্ঠা
৩২

২৮. Amalendu Guha:
Ahom Migration: It’s Impact on Rice Economy of Medieval Assam, Artha Vijnana:
Journal of The Gokhale Institute of Politics and Economics, Vol 9. No 2. 1967,
pp. 135-157

২৯. Philippe Vandermaelen, Assam et Boutan. Asie 84, Bruxelles,
1827

৩০. Raktim
Ranjan Saikia and Nurul Amin: A Study of River Channel Modifications of Jorhat
District of Assam, Indian
Journal of History of Science, Vol
51 No 3. 2016, pp. 556-559

  ৩১. বিপুল বৈভৱ বৰুৱা: মৰাণ বুৰঞ্জী সাৰ, জাতীয় প্ৰকাশন সংঘ, তিনিচুকীয়া, অসম, দ্বিতীয় প্ৰকাশ ২০১৭, পৃষ্ঠা ৬২

৩২. ডঃ নগেন
শইকীয়া
(সম্পা): মণিৰাম দেৱানৰ
বুৰঞ্জি বিবেক ৰত্ন
(২য় খণ্ড), অসমীয়া বিভাগ, ডিব্ৰুগড়
বিশ্ববিদ্যালয়
, ২০০২, পৃষ্ঠা ২০৬

৩৩. লক্ষীনাথ
তামুলি
(সম্পাদনা): নাওবৈচা
ফুকনৰ অসম বুৰঞ্জী
, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭, পৃষ্ঠা ১১২, পৃষ্ঠা ১৬২

৩৪. S
K Bhuyan (Edited): An Account of Assam with Some notices concerning the
neighbouring territories by Francis Hamilton, Department of Historical and
Antiquarian Studies, Government of Assam, Guwahati, 1940, p. 18

৩৫. সূর্য্য কুমাৰ ভুঞা (সম্পা): তুংখুঙ্গীয়া
বুৰঞ্জী
, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী, ১৯৯০, পৃ. ১৪৫