দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)
মূল: ৱিলিয়াম বাটলাৰ য়িট্ছ্ (William Butler Yeats) অনুবাদ: যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ; সকলো খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে; মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন, ৰক্তাক্ত বাধাহীন জোৱাৰে আৱৰে,…