Anyayug Contributor ৰৌচন আলি

আমাক ঈশ্বৰ লাগেনে নালাগে!

  ৰৌচন আলি  ভগা দলঙত ওলমি থকা  কংক্ৰীটৰ দৰেই ঈশ্বৰৰ সন্ধানত ঘূৰি ফুৰিছে এজাক মানুহ ঈশ্বৰৰ ঘৰত ঈশ্বৰ নাই ঈশ্বৰৰ য’ত ঘৰ নাই তাতেই নিশ্চল হৈ পৰি আছে ঈশ্বৰ  এদিন আমিয়েই আমাৰ উত্তৰসুৰীক সুধিছিলোঁ-  আমাক ঈশ্বৰ লাগেনে নালাগে ! সিহঁতে…

ন্যায়!

 ৰৌচন আলি হঠাৎ আদালতৰ কাঠগড়াত ‘আইন’ আৰু ‘ন্যায়’ক হাজিৰ কৰোৱা হ’ল সন্মুখত এদল মানুহৰ মাজত  দুৰ্বাদল কাজিয়া  এটি মৃতদেহক লৈ টনা-আঁজোৰা বিচাৰপতিয়ে  আৰম্ভ কৰিলে বিচাৰ বিচাৰৰ আৰম্ভণিতেই বিচাৰপতিয়ে ‘ন্যায়’ক প্ৰশ্ন কৰিলে- মৃতদেহটোৰ মৃত্যুৰ পূৰ্বে ‘ন্যায়’ ক’ত আছিল? মৃত্যুৰ সময়ত ‘ন্যায়’…

কাউৰী

ৰৌচন আলি  চানাৱালাৰ চানা বন্ধা কাগজ এটুকুৰাৰ মাজত  নিদ্ৰাহীন চকু দুটা লৈ শুই আছিল এটা কবিতা চানাৱালাৰ ওচৰলৈ  ক্লান্ত-শ্ৰান্ত হৈ গ্ৰাহক এজন আহিল আৰু  অধীৰ আগ্ৰহেৰে চানাৱালাক ক’লে– তেল-মছলা সানি চানা দহ টকাৰ দে ! ইতিমধ্যে চানাৱালাৰ কাগজ টুকুৰাৰ পৰা …

এক কাব্যিক সত্তাৰ নাম অনুভৱ তুলসী

ৰৌচন আলি   অনুভৱ তুলসী অসমীয়া কাব্যজগতৰ এটা নামেই নহয় তেখেত এক বিৰল কাব্যিক সত্তাৰ অধিকাৰী। কুৰিখন কবিতাপুথিৰে অসমীয়া কাব্যজগতক সমৃদ্ধ কৰা তুলসীদেৱৰ কবিতাত সমসাময়িক যুগ-চেতনা আৰু কাব্য-চেতনাৰ আন্তঃপ্ৰৱাহ চিৰবিদ্যমান । তেখেতৰ কবিতাত জীৱন আৰু মৃত্যুৰ উৎসৱ নাই, আছে জীৱন-মৃত্যুৰ…

বাৰাণ্ডা

 ৰৌচন আলি   বাৰাণ্ডাত বহি চাই আছোঁ ৰ’দলৈ ৰ’দে চাই আছে আমালৈ   আমাৰ দৰে ৰ’দৰ বাৰাণ্ডা নাই সেয়ে ৰ’দৰ সৈতে কথা পাতিছোঁ এখন বাৰাণ্ডাৰ   ঘৰ বুলিলেই পূৰ্বপুৰুষে দি যোৱা ঘৰৰ সৈতে আগ-চোতাল সংলগ্ন কৰা এখন বাৰাণ্ডা আছিল আমাৰ…

চিঞৰ

ৰৌচন আলি চিঞৰবোৰ গুচি যায় উভতি নাহে বিচাৰি ফুৰোঁ কালি মৰা চিঞৰটো আদবাটত আজি  আয়ে তাহানিতে ‘পোনাকণ’ বুলি মৰা চিঞৰটো বিচাৰিয়েই  নৈৰ ঘাট পাওঁগৈ ইপাৰৰ গঁৰাত ঘঁহনি খাই উভতি আহিছিল যি চিঞৰ সেই চিঞৰেই তেতিয়া চিঞৰ হৈ চিঞৰিছিল আমাক !…