Anyayug Contributor হেমচন্দ্ৰ কছাৰী

অলীক চিন্তন

হেমচন্দ্ৰ কছাৰী   স্তন্যপায়ী সকলো পুংলিংগৰে থাকিব লাগিছিল একোটা স্তন যেন সূৰুযৰ কিৰণ – কুঁহিপাতৰ জীৱন আহকচোন কৰোঁ, আমাৰেই কিছু ক্ষেত্ৰ পৰিদৰ্শন   (হাতী  তিমি বাদুলী আদি দূৰতে থাকক আজি)   জীৱ এটা ভূমিস্থ কৰিয়েই নিমখ আনিবলৈ গুচি যোৱা তিৰোতাসকলৰ…

ভ্ৰম নহয়, ভয়হে

হেমচন্দ্ৰ কছাৰী   বহুতেই কয় মানুহৰ শৰীৰটোহে জ্বলে আত্মাটো নজ্বলে আত্মাবোৰহেনো ভূতহৈ ঘূৰি ফুৰে আমাৰ আশে পাশে   আমাৰ গাঁৱত এতিয়াও মানুহক ভূতে পায় বেজে বচায় আচৰিত কথা এইবোৰ ভূতে আইনা নাচায়, বচ-নহৰু নাখায়   দ্যা কেনেল, দ্যা চাইনিং, ইত্যাদি…

হালধীয়া চৰাই

হেমচন্দ্ৰ কছাৰী   আগে আগে গৈ থকা বাটৰুৱা এজনে আমাৰ ফালে ঘূৰি চাই বৰ দুখেৰে ক’লে – “হালধীয়া চৰাই অহা যোৱা কৰা বাট আছিল এই বাটটো কিমান যে সুখৰ আছিল ! আজিকালি নাহে জানা বানে হেনো নিঃশেষ কৰি পেলালে আমাৰ…

ফ’ৰ লে’ন

হেমচন্দ্ৰ কছাৰী   কোনেনো নাহাঁহিব, কাৰ নো ভাল নালাগিব এটা বহল মসৃণ বাটৰ সম্ভেদ পালে তথাপি জানিবলৈ বৰ মন গৈছে এই বাটেদি অহা-যোৱা কৰা কোনোবাই শুনিছেনে জীৱন্তে উভালি পেলোৱা বনবোৰৰ চিৎকাৰ এবাৰ হ’লেও কঁপিছেনে বুকু ভয়ত অথবা দুখত   ইহঁতবোৰ…

ইলিজি

হেমচন্দ্ৰ কছাৰী   কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায়   খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে ভালকৈ বুৰমাৰিলে ল’ৰা বুঢ়াইয়ো তলি চুই আহিব পাৰে সেই কণকেই হিয়াহীন দুটামানে দিনে ৰাতিয়ে ঘোদালি থাকে যেন মানৱ…

জোনৰ হাঁহি

হেমচন্দ্ৰ কছাৰী কালি সন্ধিয়া মোৰ ক্লান্ত দুচকুলৈ চাই জোনে বৰ অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে হাঁহি নহয় যেন এপাট শেলহে আজি-কালি জোনক লগপাবলৈ বৰ টান ডাৱৰৰ মাজতেইচোন লোকাই থাকে সি কালি হঠাৎ লগ পালো ডেকা কেইটামানৰ গা লৈ জোনাক চটিয়াই চটিয়াই…

বাপুজীৰ মূৰ

হেমচন্দ্ৰ কছাৰী বাপুজীৰ চিৰনমস্য মূৰটোতকৈ তেওঁৰ মূৰৰ চাপবোৰৰ প্ৰয়োজনযে বহুগুণেই বেছি সেই কথা সকলোৱে জানে   সঁচাকৈ, নম্বৰ সংপৃক্ত বাপুজীৰ মূৰবিহীন পল এটাৰ কথাচোন ভাবি‍বই নোৱাৰি বগাই হওক বা ক’লাই হওক জেপত বাপুজীৰ মূৰ থাকিলে চৰাই হৈ উৰিব পাৰি ভুকুৱাই পকাব…

বাটৰ ৰজা হোৱাৰ নাট

হেমচন্দ্ৰ কছাৰী চালকসকল বহু সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে নহ’বইবা কিয় বহুতে বাটত জুই জ্বলাই নিজৰ লগতে আন কাৰোবাৰ নহয় কাৰোবাৰ ঘৰলৈ এন্ধাৰ নমাই আনে কেতিয়াবা এনে লাগে বাটৰ ৰজা হোৱাৰ বাসনাই যেন বহুতকে আমনি কৰে বিজ্ঞলোকে কৈছে– ‘ফেঁচাৰ দৰে…

পুষ্পক ৰথৰ দৰে

হেমচন্দ্ৰ কছাৰী  কালজয়ী কোনো নহয় তুমিও ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছাসেইবুলি হাত বাগৰিবলৈ নিদিওঁ দিয়াতুমি জানানে নাজানা নাজানোপুৰণিয়েই যে বহুতৰে জীয়াই থকাৰ প্ৰেৰণা অকপটে কওঁ— তুমি মোৰ মৰমৰভালদৰেই বুজি পাওঁ— ভোক আৰু যাতনা তোমাৰ সঁচাকৈ, ক’লৈ ক’লৈ যে যোৱা নাই আমিওখোৰা মোখোৰা, বোকা…

কালিমা

হেমচন্দ্ৰ কছাৰী ন-মাহ ন-দিনৰ সপোন এটাক বহুবাৰ চেষ্টা কৰিও দিঠকৰ ৰূপ দিব নোৱাৰি অন্ধকূপত সোমাল দম্পতী  অন্ধকূপেই ৰোহঘৰ ৰোহঘৰ নিৰাপদ    বাহিৰলৈ গ’লেই যেন বেলিয়ে থুৱায় বতাহে কোবায় নেপথ্যৰ পৰা গুম্‌গুমাই আহে ‘‘শুভকামত গ’লে বাঁজী তিৰোতা দেখিব নাপায় যাত্ৰা নষ্ট হয়’’…