জীয়নীয়া জেঠীনেজীয়া
সুপ্ৰকাশ ভূঞা এই যে দিনে-ৰাতিয়ে লাওখোলাটোৰ ভিতৰত কিবা এটাই খুন্দিয়াই থাকে— তেজ, সিৰা, ধমনী— ইয়াৰ ভিতৰত কিবা এটা সন্তৰ্পণে ঘূৰি ফুৰে— কিন্তু এই কিবাটো কি মিথুৱেও সঠিককৈ নাজানে। নজনাকৈয়ে তাই সপোন দেখে। মাছৰ চকু দুটা, উৰি থকা পখিলা, অপেস্বৰী এজনী,…