ব্লেক এণ্ড হোৱাইট
মানস প্ৰতিম দত্ত গছ আছিল নৈ আছিল ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল মানুহ আহিল এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা পৃথিৱীত আপাততঃ মই আছো মই নাই… ***
মানস প্ৰতিম দত্ত গছ আছিল নৈ আছিল ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল মানুহ আহিল এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা পৃথিৱীত আপাততঃ মই আছো মই নাই… ***
মানস প্ৰতিম দত্ত ক্ৰমশঃ পথাৰ হ’ব ধৰা বিল এখনে মেটেকাৰ মাজৰ পৰা কাবান জুৰিছে। নৈপৰীয়া প্লাষ্টিকৰ পাহাৰ। পানীত বিষাক্ত অৱশেষ। মাছৰ শ্বাসত বিষ। ক’ৰ পৰা ক’লৈ গৈছে মাজনিশাৰ জোনাকী পৰুৱা। আয়াং ঐ, বিলপৰীয়া নাৱত বহি কথা পাতোঁগৈ ব’ল। মাছুৱৈ আৰু…
মানস প্ৰতিম দত্ত এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ ভাল ছাৰ মানে শগুণ পানী মৰে নদী হেৰায় উৱঁলি পৰে কুঁহিপাঠৰ আদিপাঠ কাম্প’চী ঐ য়াকাছী ঐ পানী…
মানস প্ৰতিম দত্ত পথবোৰ পকী হ’ল মনবোৰ ধনী পথবোৰ বহল হ’ল মনবোৰ? গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন পাত সাৰিবলৈ মানুহ লাগে এতিয়া সাৰিবলৈ পাত নাই বসন্তৰ বতাহজাকৰ খবৰ দিবলৈ সিহঁতৰ কিচিৰ-মিচিৰ চিৰিক-চিৰিক মাতবোৰ নাই …
মানস প্ৰতিম দত্ত মেঘৰ চুলিৰ মাজেৰে সৰকি অহা এজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙি চৰাইবোৰ গুচি গৈছে জন্তুবোৰ গুচি গৈছে হাতী-মাটি-কেতেকী নাহৰ-সোণাৰু-পলাশৰ সৈতে বসন্তৰ উভালিছে শিপা… বৰষুণত তিতি তিতি মানুহবোৰে কান্দিছে চকুপানী বিচাৰি হাবাথুৰি খায় শুকান…
মানস প্ৰতিম দত্ত পদপথৰ কাষত হালিজালি নাচি থকা মই এজোপা সোণাৰু মোৰ কাষে কাষে সৌৱা আজাৰ, গমাৰি, কদম মোৰ হালধীয়া ফুলবোৰ আজাৰৰ বেঙুনীয়াবোৰ, কদমৰ বগা-হালধীয়া সপোনবোৰে অনবৰতে আপোনাৰেই কথা ভাবে পাতবোৰ অথবা ডালবোৰে লৰে, কঁপে, ছাঁ…
মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহ বননি-বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহ ভাষণ দিয়া মানুহ কথা কোৱা মানুহবোৰ কথা ক’বলৈ যায় আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ! বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা মানুহবোৰ গুচি যায়…
মানস প্ৰতিম দত্ত প্ৰকৃতি সাহিত্য হ’ল সাহিত্যৰ এনে এটি নৱ্য ধাৰণা য’ত প্ৰকৃতি বৰ্ণন আৰু সংৰক্ষণ দুয়োটা ক্ষেত্ৰৰ সমগুৰুত্ব প্ৰদান কৰা সৃজনশীল পৰিৱেশভিত্তিক সাহিত্যক সাঙুৰি লোৱা হয়। অসমীয়া ভাষাৰ প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰত বাটকটীয়া হিচাপে অভিহিত কৰা প্ৰথমখন গ্ৰন্থই…