Anyayug Contributor ববিতা কলিতা

ৰূপকাৰৰ আত্মকথা

 ববিতা কলিতা   ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি হৈ মগজৰ তাঁৰবোৰত কঁপনি তুলিছিল৷ আৰু শব্দবোৰ? শব্দবোৰ উদং আকাশৰ বুকুত চিলা হৈ উৰিছিল৷ মাঞ্জাত টান পৰিলে লহৰী চিলাখনি…

বাইৰাণ, ৰাংছি আৰু এটি অন্তহীন অপেক্ষা

 ববিতা কলিতা   পাহাৰীয়া গাঁওখনলৈ শীত নামিছে৷ কুঁৱলিত কঁপি থকা গাঁওখনৰ ধূসৰ ছবিখনলৈ মূৰ তুলি চাইছে চাৰিকুৰি বসন্ত গৰকি অহা বাইৰাণ চাংমাই৷  “আজিও ৰ’দ নোলাব! নোলাবইতো৷ চালজং দেৱতা যে ৰুষ্ট হৈ আছে৷”  আকাশখনলৈ চাই কৈ উঠে বুঢ়া মানুহজনে৷  পিছে ৰ’দ…

সময়বৃত্ত

 ববিতা কলিতা   চাৰিচুকীয়া দেৱালখনত ওলমি থকা গোলাকাৰ ঘড়ীটোলৈ একেথিৰে চাই আছিল জয়জিৎ দুৱৰাই৷  সময় ঘূৰিছে বৃত্তাকাৰে৷  অথচ এৰি অহা সময়বোৰ আমি কোনেও ওভতাই পোৱা নাই৷  য’ৰ পৰা আৰম্ভ কৰিছিলোঁ, ত’লৈকে কোনেও উভতি যোৱা নাই৷  ফ্ৰেমত সজাই থোৱা চাৰিচুকীয়া কেনভাছবোৰ…

থাজবগী মঙলান

ববিতা কলিতা   সৃষ্টিবিজ্ঞানৰ বহুচৰ্চিত “বিগ-বেং” তত্ত্বটোলৈ হঠাৎ মনত পৰি গ’ল চুমলেনৰ৷ এটা বিন্দুত কেন্দ্ৰীভূত সেই উত্তাপ, সেই ঘনত্ব, সেই এককত্বৰ কল্পনাতীত বৃহৎ স্তুপটোৰ প্ৰসাৰণে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাথমিক বিকাশৰ ধাৰণা দিয়া তত্ত্বটোক সি মানুহ বাস কৰা ক্ষুদ্ৰ গোলকটোৰ সৈতে ৰিজাই চালে৷…

অন্তৰীণ

 ববিতা কলিতা   “হেৰেমলৈ আজি বাদশ্বাহ আহিব” বতাহৰ গতিত বিয়পি পৰিল খবৰটো৷  কিন্নৰ শ্বাহ বানুৱে লচপচকৈ ইমূৰ-সিমূৰ বগাই হেৰেমৰ ৰমণীসকলক সজাগ কৰি দিলে৷ লগে লগে হেৰেমৰ বতাহভাগ চঞ্চল হৈ পৰিল৷ বাদশ্বাহ আহিলেই  ৰমণীসকল ব্যস্ত হৈ পৰে নজাকত আৰু তেহজীৱৰ আখৰাত৷ বাদছাহৰ সংগসুখৰ…

হৃদয় বাঙ্ময়

 ববিতা কলিতা  বৰ্ণৰ জ্যামিতিক ভাঁজবোৰৰ পৰা সৰীসৃপ এটাৰ দৰেই গা পিছলাই ওলাই আহে এলিজাবেথ৷  শব্দৰ শতৰঙী ব্যঞ্জনাক উটুৱাই দিয়ে তাই নৈঃশব্দৰ নদীত৷  বিশ্বব্যাপ্ত সাত সহস্ৰাধিক ভাষা আৰু সেইসমূহৰ ঠাল-ঠেঙুলিয়ে সৃষ্টি কৰা বিভাজনৰ জালিকাখনৰ পৰা আজি-কালি সুৰুঙা পালেই ওলাই আহিব বিচাৰে…

অৰণ্যাৰ্ত

 ববিতা কলিতা   খবৰ পাইছেনে? মই হেনো মৰিছোঁ!  মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো লিখা নাছিল৷ তথাপি মই মৰি থাকিলোঁ৷ মোৰ অপূৰ্ণ আশাৰ অস্থিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই…

সপোনৰ কথকতা

ববিতা কলিতা  ২০৭০ খ্ৰীষ্টাব্দলৈ আপোনাক স্বাগতম! কম্পিউটাৰ স্ক্ৰীনত ভাহি থকা কথাখিনি ধাতৱীয় কণ্ঠ এটাই কৈ উঠিল৷ মই ধন্যবাদসূচক শব্দ এটা কোৱাৰ আগতেই উজ্জ্বল বৰ্ণালী এছটা মণিটৰৰ পৰা ওলাই আহি মোৰ  চকুত চাট মাৰি ধৰিলে৷  অৱধাৰিতভাৱেই মুদ খাই গ’ল মোৰ চকুদুটা৷ …

শালভঞ্জিকা

ববিতা কলিতা   এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷…