Anyayug Contributor বন্দনা কৌশিক বৰদলৈ

ৰূপান্তৰ

 বন্দনা কৌশিক বৰদলৈ তিনিপতীয়া  চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই পেকেজিং কৰি আপোনালোকৰ মাজলৈ এৰিছোঁ ইমান সাৱধানতাৰে স্তৰসমূহ পাৰ হৈছোঁ যে, মই নিজেই পাহৰি পেলালোঁ ৰূপান্তৰৰ কোনটো পৰ্যায়ত মই আচলতে মই আছিলোঁ মেটাম’ৰফছিছ…

যশোধৰা

 বন্দনা কৌশিক বৰদলৈ                               শোকৰ নিৰ্যাতন সহি-সহিও তোমাক ভালপোৱাৰ যি শান্তি সেইয়া ঠিক, সূৰ্য্যৰ চাৰিওকাষৰ পৃথিৱীৰ প্ৰদক্ষিণ কক্ষপথত কিমান ৰোগ সহি কিমান জৰাৰ  সন্মুখীন হৈও ভাৱিছোঁ মই জীয়াই থকা নাই ক’তো, গৌতম তোমাক বাদ দি তুমি উভতি অহাৰ দিনা মই তোমাক…

নৈঃশব্দ

 বন্দনা কৌশিক বৰদলৈ ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী! অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা … এদিন আপোনাক সুধিব বিচাৰিছিলোঁ কি বিচাৰি ফুৰিছে আপুনি ৰৈ ৰৈ বুকুত বাজি থকা বিশেষ  এটা মাত? নে এটা নিতাল মাৰি শুই থকা বাট? নে…

সৰু মানুহবোৰ

বন্দনা কৌশিক বৰদলৈ প্ৰচণ্ড গৰমত সৰু মানুহবোৰৰ দুই এজন  মৰে শীততো মৰে দুই এজন ঠিক সেইদিনাই আপোনাৰ পত্নীয়ে ডাঙৰ মাছত ৰুচি হেৰুৱাই বজাৰত  সৰুমাছৰ  দৰ-দাম কৰে। আপুনি ভাবে সৰু মাছ সৰু মানুহ আদি সৰু বস্তুবোৰৰ বিক্ৰয় মূল্য কমতকৈ কম হোৱাটোৱেই…

তুমি

 বন্দনা কৌশিক বৰদলৈ তুমি যুদ্ধৰ দৰে তোমাক এবাৰ চুই চোৱাৰ হেঁপাহত কিমান পৰিব্ৰাজক শ্বহীদ হয় ! কিমান ৰাতিৰ গোপন চকুত জলচুক্তি বাতিল হয় কিমান শান্তি আৰু বুজাবুজিৰ চৰ্ত উলংঘা হয় ! ঠিক যুদ্ধৰ দৰেই তুমি সকলোৰে অভ্যন্তৰত জ্বলি থকা জয়ৰ এক গোপন …

নাৰীবাদ

 বন্দনা কৌশিক বৰদলৈ   বাট এটাৰে গৈ থাকোঁতে মুৱানৰ ‘উৰণীয়া কইনা’জনী লগত আছিল   জুইলৈ ভয় কৰা আইতাই পানী ছটিয়াই ছটিয়াই পিছফালৰ পৰা চিঞৰি কৈছিল ‘কাউৰীবোৰ দেখা নাই?’   কেইবা তৰপীয়া সংশয় অতিক্ৰম কৰি মই যেতিয়া পৃথিৱীৰ শেষৰখন যুদ্ধৰ অপেক্ষাত…

ৰাস্তা

বন্দনা কৌশিক বৰদলৈ                   ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে নিপীড়িত জনতাৰ শাৰীতেই আপুনি তেওঁক ৰাখিব লাগিব যাৰ সংলাপ শূন্য    ৰাস্তাক এখন নাটক বুলি ধৰি ল’লে আপুনি পাহৰি পেলাব লাগিব গান্ধীৰ তিনিটা বান্দৰৰ প্ৰসঙ্গ   ৰাস্তাটোক  এজন  দৰ্শক বুলি ধৰিলে আপুনি…

ক’ৰবাত কিবা এটা ঘটিছে

বন্দনা কৌশিক বৰদলৈ   ইয়াৰ পাছত, শেষৰ বাহিৰে বেলেগ একো নাথাকিব বুলি ভাবিয়েই হ’বলা বুৰ যাব খোজা  বেলিৰ ৰঙেৰে কৰুণ হৈ উঠিছিল তোমাৰ মুখ   দুখন হাতৰ এখন আন এখনৰ পৰা বিচ্ছিন্ন হোৱাৰ যি ভয় সেই ভয়ত ঘামখিনি বৰপুণি হয়…

কাহিনী

 বন্দনা কৌশিক বৰদলৈ                    আমি কথাবোৰ দেখি থাকোঁ সিহঁতক সজাওঁ আৰু নাম দিওঁ কাহিনী এক কাহিনী দুই   একোটা সৰল ধাৰণাৰে আমি উপেক্ষা কৰোঁ কাহিনীৰ ভিতৰৰ কাহিনীক চৰিত্ৰৰ ভিতৰৰ চৰিত্ৰক   আচলতে, আমি খুব সহজভাৱেই কথাবোৰ মানি ল’ব খোজোঁ ধৰি…