Anyayug Contributor প্ৰাণজিৎ বৰুৱা

এটা উত্তৰ আধুনিক প্ৰেমৰ কবিতা

প্ৰাণজিৎ বৰুৱা বিয়েৰৰ গোন্ধ  আৰু চুৰটৰ ধোঁৱাত আৱদ্ধ বন্ধ কুঠৰীৰ বদনামী বতাহ পালেঙত সোতমোচ অন্তৰ্বাসৰ হিচহিচনি ফ্ৰেমত বন্দী খাজুৰাহোৰ যুগল মূৰ্তি জুমি চালে দেখি জোনাকী মুখত ওলমি ৰোৱা বৰফৰ নদী বন্ধ খিৰিকীৰ ফ্ৰেমত নিশাৰ পৰিভ্ৰমী চৰাইৰ  পাখিৰ ধপধপনিত সৰি পৰে…