Anyayug Contributor প্ৰাঞ্জল কুমাৰ লাহন

শংখধ্বনি

প্ৰাঞ্জল কুমাৰ লাহন     মৰা শামুকৰ খোলা এটা কুৰুকি কুৰুকি  সোমাই আছোঁ   শংখ এটাত সোমাব পৰা হ’লে ভাল আছিল তুমি হয়তো দেখিলাহেঁতেন শংখটো!   তোমাৰ হাততে উঠি ভ্ৰমিলোহেঁতেন পৃথিৱী   নতুন দিনৰ প্ৰাৰ্থনাৰে শংখৰ ভিতৰৰ পৰাই হ’লোঁহেঁতেন শংখধ্বনি…

সাঙী

 প্ৰাঞ্জল কুমাৰ লাহন   সাঙীত মোৰ শৱ কঢ়িয়াই লৈ গৈ থকা দেখিছোঁ   সাঙীত মোৰ শৱ কঢ়িয়াই নিয়া চাৰিজন মোৰেই সহোদৰ কাম-ক্ৰোধ-লোভ-মোহ   ক’ৰবাত জীয়াই থকা দিনবোৰত সিহঁতেই আগুৰি আছিল ছাঁৰ দৰে বিদায় বেলাত মোক এৰোঁ বুলিয়েই কেনেকৈনো লগ এৰে৷…