সোণালী আৰু কমলা এই শতিকাৰ প্রিয়তম ৰং
নিয়ৰকণা কাশ্যপ সোণালী আৰু কমলা এই শতিকাৰ প্রিয়তম ৰং, বুজিছাসেয়ে নৈ পুতি বিৰিখ ঢাকি বাঢ়ি আহিল মৰুভূমি তেওঁৰ মাতত আছিল উচুপনিত সেমেকা ভগা-ছিগা উশাহহৰিৎহীনতাত ভুগি ৰঙচুৱা হোৱা অৰণ্যানিত এয়া, মোৰ সোঁকান্ধত মূৰ থৈ এজন জঁই পৰা পুৰুষ ববচা বনৰ দৰে ঘনকৈ বঢ়া লোভ আৰু ৰাজনীতিতভেঁকুৰতকৈও শুকুলা…