Anyayug Contributor দেৱমল্লিকা দেওঘৰীয়া

বসন্ত

দেৱমল্লিকা দেওঘৰীয়া     হাজাৰ বছৰ ধৰি শুকাই আছিল নদী  এদিন পাহাৰে সুধিলে ভালপোৱা কি?  পখিলাৰ টোপনি ভাঙি নৈয়ে ক’লে জীৱন,  এপুখুৰী বেঙে এৰাতি গালে ৰাতিৰ বাগিচাত কেতেকীৰ সাধু, এৰাবাৰী উপচি টেঙেচি ফুলিলে  তজবজী তগৰে মিচিকিয়াই বিয়পালে গা, উটি উটি নৈয়ে…