অংকুৰণতেই পূৰ্ণ সম্ভাৱনাৰ ইংগিত –‘ৰূপৰে টোলোঠা সোণৰ দোৰেপতি’ (তাঁত-ছালিখনিত এভুমুকি)
ড০ অজিত ভৰালী অসমীয়া গদ্যৰ সুদীৰ্ঘ পৰিক্ৰমাত যিকেইজন গদ্যকাৰে আমাৰ মন–মগজুত অলোড়ন সৃষ্টি কৰিছিল, সেই কেইজনৰ মনলৈ অহা নামকেইটি হ’ল – সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, কালিৰাম মেধি, বেণুধৰ শৰ্মা, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, যজ্ঞেশ্বৰ শৰ্মা, বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, ভবেন বৰুৱা আৰু ড০ হীৰেন গোহাঁই৷ এওঁলোকৰ…